প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী মুকলি কৰিব

কৃষকৰ সৱলীকৰণৰ দিশত পদক্ষেপ গ্ৰহণ


Posted On: 09 SEP 2019 5:51PM by PIB Guwahati

কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ প্ৰয়াসৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ছেপ্তেম্বৰত উত্তৰ প্ৰদেশৰ মথুৰাত ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী মুকলি কৰিব৷

কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০০ শতাংশ পুঁজিৰে ২০২৪লৈ পাঁচ বছৰৰ বাবে ১২,৬৫২ কোটি টকা ব্যয় সাপেক্ষে আৰম্ভ হ’বলগীয়া এই আঁচনিৰ লক্ষ্য হ’ল প্ৰায় ৫০০ মিলিয়ন পশুধনক টিকাকৰণ প্ৰদান কৰা৷

এই আঁচনিৰ আন এক লক্ষ্য হ’ল ব্ৰুচেল’ছিছ ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ বছৰি ৩৬ মিলিয়ন দুগ্ধজাত পশুৰ পোৱালিক টীকা প্ৰদান কৰা৷

আঁচনিখনৰ দুটা উপাদান আছে—২০১৫ৰ ভিতৰত ৰোগ নিয়ন্ত্ৰণ কৰা আৰু ২০৩০ৰ ভিতৰত ৰোগ নিমূৰ্ল কৰা৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উক্ত দিনা ৰাষ্ট্ৰীয় কৃত্ৰিম প্ৰজনন আঁচনিও মুকলি কৰিব৷

তেওঁ ইয়াৰ সমান্তৰালকৈ দেশৰ সকলো ৬৮৭খন জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰজোৰা কৰ্মশালাও মুকলি কৰাৰ কথা আছে৷ এই কৰ্মশালাৰ বিষয়বস্তু হ’ব টীকাকৰণ, ৰোগ ব্যৱস্থাপনা, কৃত্ৰিম প্ৰজনন আৰু উৎপাদন৷

মথুৰা ভ্ৰমণত প্ৰধানমন্ত্ৰীয়ে স্বচ্ছতা হি সেৱা অনু্ষ্ঠানতো অংশ ল’ব৷

***

VRRK/VJ/SKS/MS



(Release ID: 1584927) Visitor Counter : 100