প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নতুন দিল্লীত ২৯ জুলাই, ২০১৯ত ‘বাঘ পিয়ল প্ৰতিবেদন-২০১৮’ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 29 JUL 2019 1:30PM by PIB Guwahati

মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ শ্ৰী প্ৰকাশ জাভড়েকাৰ জী; শ্ৰীমান বাবুল সুপ্ৰিঅজী তথা ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল৷ সৰ্বপ্ৰথমে আপোনালোক সকলোকে বিশ্ব ব্যাঘ্ৰ দিৱসৰ বহুত বহুত শুভকামনা জনাইছো৷

এই বছৰৰ বিশ্ব ব্যাঘ্ৰ দিৱস এইবাবেই বিশেষ গুৰুত্বপূৰ্ণ কাৰণ ভাৰতে এক ঐতিহাসিক সফলতা অৰ্জন কৰিছে৷ এই সফতাৰ বাবে আপোনালোক সকলোকে বিশ্বৰ সমস্ত বন্যপ্রাণ প্রেমী তথা এই অভিযানৰ সৈতে জড়িত সকলো বিষয়া-কর্মচাৰীবিশেষকৈ এই দেশৰ অৰণ্য অঞ্চলত বসবাস কৰা মোৰ প্রিয় বনবাসী ভাই-ভনীসকলক অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জনাইছো।

বন্ধুসকল, আজি বিশ্ব ব্যাঘ্ৰ দিৱসত আমি ব্যাঘ্ৰৰ সংৰক্ষণৰ ক্ষেত্রত পুনৰবাৰ আমাৰ দায়বদ্ধতাৰ অঙ্গীকাৰ গ্ৰহণ কৰিছো। ভাৰতত সদ্যপ্ৰকাশিত বাঘ সমীক্ষা প্ৰতিবেদনে প্ৰতিগৰাকী ভাৰতীয় তথা প্ৰকৃতিপ্রেমীক আনন্দিত কৰিব। ন বছৰৰ পূৰ্বে ছেইণ্ট পিটাৰ্ছবার্গত সিদ্ধান্ত লোৱা হৈছিল যে ২০২২ চনৰ ভিতৰত বিশ্বত বাঘৰ সংখ্যা দুগুণ কৰিব লাগিব৷ কিন্তু ভাৰতে নিৰ্ধাৰিত সময়ৰ চাৰি বছৰৰ আগতে এই লক্ষ্যত উপনীত হৈছে। সংশ্লিষ্ট সকলো ব্যক্তিৰ কাম কৰাৰ গতি আৰু ঐকান্তিকতাৰ ফলতেই এই সফলতা আহিছে।সংকল্প ছে সিদ্ধি ই এটা উৎকৃষ্ট উদাহৰণ। ভাৰতীয়সকলে যদি এবাৰ কিবা এটা কৰাৰ কথা ভাবে, তেতিয়া হলে তেওঁলোকৰ কাংক্ষিত সুফল পোৱাত কোনেও বাধা দিব নোৱাৰে৷

বন্ধুসকল, মোৰ মনত পৰিঠে ১৪১৫ বছৰৰ পূৰ্বৰ এক পৰিসংখ্যাত দেখিছিলো যে ভাৰতত মাত্ৰ ,৪০০টা বাঘ আছে। এইলৈ বহুত বিতর্ক, দুশ্চিন্তা হৈছিল তথা এই প্ৰকল্পৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ বাবে এটা প্ৰত্যাহ্বান দেখা দিছিল। বাঘৰ বাবে উপযুক্ত পৰিৱেশৰ আৰম্ভ কৰি মানুহে বসতিৰ সৈতে সেই অঞ্চলৰ ভাৰসাম্য ৰক্ষা এক অত্যন্ত কঠিন কাম আছিল। কিন্তু যি ধৰণৰ সংবেদনশীলতাৰে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি এই লক্ষ্যত আগুৱাই যোৱা হৈছে, সেয়া অতি প্ৰশংসনীয়।

আজি আমি গৌৰৱেৰে পাৰো যে বৰ্তমান ৩ সহস্ৰাধিক বাঘেৰে ভাৰত বিশ্বৰ সর্ববৃহৎ নিৰাপদ বসতিস্থল দেশসমূহৰ অন্যতম হৈ উঠিছে। গুজৰাটৰ গিৰ অভয়াৰণ্য এছিয়াটিক সিংহ আৰু শ্নো লিঅপার্ডৰ সংৰক্ষণ প্ৰকল্পৰ কাম দ্রুতগতিত আগুৱাই গৈছে। এই ক্ষেত্রত গিৰ অভয়্যাৰণ্যত পূৰ্বতে যিবোৰ উদ্যোগ লোৱা হৈছিল, সেইবোৰৰ সুফল আজি স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে৷ তাত সিংহৰ সংখ্যা ২৭ শতাংশ বৃদ্ধি পাইছে। মই অতি আনন্দিত যে ভাৰতৰ এই অনুকূল পৰিৱেশৰ সুফলৰ দ্বাৰা অন্যান্য বন্ধু দেশসমূহৰ ব্যাঘ্ৰ প্ৰকল্পসমূহো উপকৃত হৈছে৷

আজি ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণে চীন আৰু ৰাছিয়াকে ধৰি ৫খন দেশৰ সৈতে চুক্তিবদ্ধ হৈছে। শী্ঘ্ৰেই আৰু কেইখনমান দেশৰ সৈতে চুক্তি নিশ্চিত হৈছে। গুৱেটেমালাইও তেওঁলোকৰ জাগুয়াৰ সংৰক্ষণৰ বাবে আমাৰ পৰা প্ৰযুক্তিগত সহায় লৈছে। আপোনালোকে শুনি অবাক যে ভাৰতক বাদ দি আৰু কেইবাখনো দেশত বাঘ আস্থাৰ প্ৰতীক। ভাৰতক বাদ দি মালয়েছিয়া আৰু বাংলাদেশৰো ৰাষ্ট্ৰীয় পশু হৈছে বাঘ। চীনা সংস্কৃতিত ব্যাঘ্ৰ বর্ষও পালন কৰা হয়। সেইবাবে বাঘ সম্পৰ্কীয় যিকোনো প্ৰচেষ্টা বহুত দেশ আৰু তেওঁলোকৰ বাসিন্দাসকলক বিভিন্ন ধৰণে প্ৰভাৱিত কৰে।

বন্ধুসকল, ভাল পৰিৱেশ অবিহনে মানুহৰ সবলীকৰণ অসম্পূর্ণ। সেইবাবে ভৱিষ্যতক বচাই নচলিলে সকলোকে লৈ এক সৈতে বাচি থকাৰ কথা ভাবিব লাগিব৷ আমাৰ উদাৰ মনত পৰিৱেশ সংৰক্ষণৰ ক্ষেত্রত সুদূৰপ্ৰসাৰী দৃষ্টিভংগীৰে আগুৱাব লাগিব৷

এতিয়া বিশ্বৰ বহুত বিলুপ্তপ্রায় প্রাণী আৰু উদ্ভিদে আমাৰ সহায় বিচাৰে। প্ৰযুক্তিৰ জৰিয়তে বা আমাৰ কামৰ মাধ্যমেৰে তেওঁলোকক নৱজীৱন প্ৰদান দিব পাৰিলে তেওঁলোকে এই গ্ৰহৰ সৌন্দর্য আৰু বৈচিত্র্য বজাই ৰাখিব। আন এটি পুৰণি বিতর্ক -উন্নয়ন বনাম পৰিৱেশ। উভয় পক্ষৰেই নির্দিষ্ট যুক্তি আছে আৰু প্ৰতিটো যুক্তিয়েই পৰস্পৰৰ পৰিপূৰক।

কিন্তু বিশ্বৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আমি উন্নয়ন আৰু পৰিৱেশৰ সহাৱস্থান স্বীকাৰ কৰিবই লাগিব আৰু এই সহযাত্রীবোৰৰ গুৰুত্বক উপলব্ধি কৰিব লাগিব৷ মই ভাবো উভয়ৰ মাজত এক বহনক্ষম ভাৰসাম্য অনাটো সম্ভৱ৷ আমাৰ দেশ এনেকুৱা, ত আমাৰ হাজাৰ হাজাৰ বছৰ ধৰি সহাৱস্থানৰ শিক্ষা প্ৰদান কৰিছে। আমাৰ পূর্ব-পূৰুষসকলে যে ভগবানৰ কল্পনা কৰি গৈছে, তেওঁলোকেই এই সহাৱস্থানৰ প্ৰতীক। এয়া শাওন মাহ, আজি সোমবাৰ, মহাদেৱৰ গলত সাপ আৰু সেই পৰিয়ালৰে গণেশৰ আসনত পুজা পায় এন্দুৰে৷ সাপ-এন্দৰক খাব পাৰি কিন্তু মহাদেৱৰ পৰিয়ালে তেওঁলোকৰ সৈতে শান্তিপূর্ণভাৱে সহাৱস্থান কৰে। আমাৰ দেশত কোনো ঈশ্বৰৰ কল্পনা পশু, পক্ষী, গছ-লতাক বাদ দি কৰা নহয়। পৰিৱেশৰ এই সকলোবোৰক লৈয়েই আমাৰ ঈশ্বৰে পূর্ণতা পায়৷

আমাৰ ৰাজনীতি আৰু অর্থনীতিত আমাৰ সংৰক্ষণ সংম্পৰ্কীয় সংৰক্ষণত পৰিৱর্তন আনিব লাগিব। আমাৰ সুদূৰপ্ৰসাৰী পৰিৱেশগত তথা অর্থনৈতিক উন্নয়নৰ মাজত বহনক্ষম ভাৰসাম্য সুনিশ্চিত কৰিব স্মার্ট আৰু সংবেদনশীল ব লাগিব।

সেয়েহে ভাৰত অর্থনৈতিক আৰু পৰিৱেশগতভাবে সমৃদ্ধ ব। ভাৰতত নতুন নতুন পথ নির্মাণ কৰিব লাগিব। নদীসমূহক আৰু পৰিষ্কাৰ কৰিব লাগিব। দেশত ৰে যোগাযোগ বৃদ্ধি কৰিব লাগিব, আকৌ গছৰ সংখ্যাও বৃদ্ধি কৰিব লাগিব। গৃহহীনৰ বাবে যিমান আবাস নিৰ্মাণ কৰাৰ দৰে বন্যপ্রাণীৰ বাবেও বিচৰণ ভূমি গঢ়ি তুলিব লাগিব। ভাৰত এক স্পন্দনশীল সমুদ্ৰ অর্থনীতি আৰু স্বাস্থ্যকৰ সমুদ্ৰ বাস্তুতন্ত্রৰ দেশ হৈ উঠিব। এই ভাৰসাম্যতাই ভাৰতক এখন শক্তিশালী আৰু স্বয়ংসম্পূর্ণ দেশত পৰিণত কৰিব।

বন্ধুসকল, বিগত পাঁচ বছৰত ভাৰতত যিমান ভৱিষ্যৎ প্ৰজন্মৰ উপযোগী আন্তঃগাঁথনি নির্মাণৰ কাম দ্রুতগতিত সম্পন্ন হৈছে। সিমানেই, দেশত অৰণ্যৰ সম্প্ৰসাৰণো বৃদ্ধি পাইছে। তদুপৰি, দেশত সংৰক্ষিত এলেকাৰ সংখ্যাও বৃদ্ধি পাইছে। ২০১৪ চনত ভাৰতত ৬৯২খন অভয়াৰণ্য আছিল, ২০১৯ত সেয়া বৃদ্ধি পাই ৮৬০ৰো অধিক হৈছে। ইয়াৰ সমান্তৰালভাৱে অৰণ্যত বসবাস কৰা লোকসকলৰ দ্বাৰা সংৰক্ষিত অভয়াৰণ্যৰ সংখ্যা সংশ্লিষ্ট সময়ছোৱাত ৪৩ৰ পৰা বৃদ্ধি হৈ শতাধিক হৈছে।

এই বাঘৰ সংখ্যা অথবা অভায়াৰণ্যৰ সংখ্যা বৃদ্ধি কেৱল এক পৰিসংখ্যা নহয়। ইয়াৰ দ্বাৰা দেশৰ পর্যটন আৰু কর্মসংস্থান পোনপটীয়াভাৱে প্ৰভাবিত হয়। মই ৰবাত পঢ়িছিলো যে ৰণথম্বৰত যি বিখ্যাত টাইগ্রিছ মাছ পোৱা গৈছিল, সেইবোৰ চাবলৈ দেশ-বিদেশৰ লাখ লাখ পর্যটক আহিছিল। সেইবাবে বাঘ সংৰক্ষণৰ লগতে আমি দীর্ঘস্থায়ী পৰিৱেশ অনুকূল ইক টুৰিজম আন্তঃগাঁথনি নির্মাণত অগ্রাধিকাৰ প্ৰদান কৰিছো।

বন্ধুসকল, পৰিৱেশ ৰক্ষাৰ বাবে ভাৰতৰ সকলো প্ৰচেষ্টাক আমিক্লাইমেট একচনগ্লবেল ফ্ৰন্ট ৰানাৰেপৰিৱর্তন কৰিছে। ২০২০ৰ পূৰ্বেএমিচন ইণ্টেনচিটী অৱ জিডিপি বাবে যি লক্ষ্য ধার্য কৰা হৈছে, ভাৰতে সেয়া বহুত আগতে অর্জন কৰিছে। ভাৰত আজি বিশ্বৰ সেই শীর্ষ দেশসমূহৰ অন্যতম, যিসকলে নিজৰ অর্থনীতিক পৰিৱেশ অনুকূল ইন্ধননির্ভৰ আৰু নবীকৰণযোগ্য শক্তিনির্ভৰ কৰি তুলিছে। বর্জ্য আৰু জৈৱ ইন্ধনক আমাৰ শক্তি নিৰাপত্তাৰ ব্যাপক অংশ হৈ পৰিছে।

তদুপৰি, আজি বৈদ্যুতিক বাহন আৰু জৈৱ ইন্ধনন কৈ যিবোৰ কাম হৈছে, স্মার্ট চিটী লৈ যি কাম হৈছে, সেইবোৰে আমাৰ পৰিৱেশক আৰু স্বাস্থ্যসন্মত কৰি তুলিব নবীকৰণযোগ্য শক্তিৰ ক্ষেত্রত আমি দ্রুতগতিত লক্ষ্য সাধনৰ দিশে আগুৱাই গৈছো। ২০২২ চনৰ ভিতৰত আমি যি ১৭৫ জিগাৱাট নবীকৰণযোগ্য শক্তি উৎপাদনৰ লক্ষ্য ৰাখিছিলো, সেই লক্ষ্য পূৰণৰ বাবে আমি পূর্ণোদ্যমে কাম কৰি আহিছো৷

সেইদৰে আন্তর্জাতিক সৌৰ মৈত্ৰীৰ জৰিয়তে আমি বিশ্বৰ বহু দেশক সৌৰশক্তিৰ ব্যৱহাৰত উৎসাহিত কৰাৰ ক্ষেত্রত উল্লেখযোগ্য ভূমিকা পালন কৰিছো। এতিয়া আমাৰ লক্ষ্যএক বিশ্ব, এক সূর্য, এক গ্রিডহোৱা উচিৎ৷

উজ্জ্বলা আৰু উজালা যোজনাৰ জৰিয়তে আমি দেশৰ সাধাৰণ লোকৰ জীৱনপ্ৰণালীক যিমান সহজ কৰি তুলিছে, সিমানেই পৰিৱেশ প্ৰদূষণো হ্রাস হৈছে। দেশৰ প্ৰত্যেক পৰিয়ালক এলপিজি সংযোগ দিয়াৰ ফলত নির্বিচাৰে গছ কটাৰ এক ডাঙৰ সমস্যা আমি সমাধান কৰিব পাৰিছো। দেশৰ প্ৰতিটো ঘৰত, পথ আৰু গলিত এলইডি বাল্ব লগোৱাৰ যি অভিযান চলি আছে, সেইবোৰে বিদ্যুৎ ৰাহি কৰাৰ লগতে কার্বন নিগৰ্মণো বহুত কম কৰিব পাৰিছে। লগতে মধ্যবিত্ত পৰিয়ালৰ বিদ্যুতৰ বিলো ৰাহি হৈছে।

বন্ধুসকল, আজি ভাৰত বিশ্বৰ সেই দেশসমূহৰ অন্যতম, যিবোৰে বিশ্বৰ কল্যাণত যি সংকল্প গ্ৰহণ কৰে সেয়া সময়ৰ ভিতৰতে সম্পূর্ণ কৰে। দাৰিদ্র্য দূৰীকৰণ আৰু সুদূৰপ্ৰসাৰী উন্নয়নৰ লক্ষ্য সাধনত ভাৰতে বিশ্বত অগ্ৰণী ভূমিকা পালন কৰিছে বুলি মোৰ বিশ্বাস।

আজি আমি ব্যাঘ্ৰ সমীক্ষাৰ প্ৰতিবেদন লাভ কৰি তাৰ ক্ৰমৱর্ধমান সংখ্যাক লৈ যিধৰণে উদযাপন কৰিছো, আমি এইটোও ভাবিব লাগিব যে এই সুন্দৰ প্রাণীটোক ক্ৰম হ্রাসমান বাসস্থান আৰু চোৰাং চিকাৰীৰ চিকাৰ হৈছে। তেওঁলোকৰ পৰা প্রাণী আৰু পক্ষীকূলক ৰক্ষাৰ বাবে ভাৰতে যথাসম্ভৱ দায়িত্ব পালনৰ বাবে সংকল্পবদ্ধ। যিবোৰ দেশৰ অৰণ্যত বাঘ আছে, আমি সেই দেশবোৰৰ প্ৰধানসকলক অনুৰোধ জনাম যে তেওঁলোকে যেন সন্মিলিতভাবে চোৰাং চিকাৰী আৰু চোৰা চালানৰ পৰা বাঘসমূহক ৰক্ষা কৰাৰ বাবে এটি ব্যাঘ্ৰ সংৰক্ষণ সংঘ গঠন কৰে। মই পুনৰবাৰ বিশ্ব ব্যাঘ্ৰ দিৱস উপলক্ষে আপোনালোক সকলোকে অভিনন্দন জনাইছো। আহক আমি সকলোৱে সেউজ আৰু পৰিৱেশ অনুকূল দেশ নিৰ্মাণৰ সংকল্প গ্ৰহণ কৰো। আহক, বাঘক আমি সুদূৰপ্ৰসাৰী পৰিৱেশৰ উন্নয়নত প্ৰতীক কৰি তোলো।

সংশ্লিষ্ট সকলোকে এটা কথাই কব বিচাৰিছো যে কাহিনীএক থা টাইগাৰৰ পৰা আৰম্ভ হৈটাইগাৰ জিন্দা হ্যেয়পাইছেগৈ, সেয়া যেন অব্যাহত থাকে। কেৱলটাইগাৰ জিন্দা হ্যেয়লে নচলিব, কেতিয়াও চিনেমা ভাষাৰে কয় বাগোঁ মে বাহাৰ হ্যেয়’, এতিয়া বাবুল সুপ্রিয় গাববাঘোঁ মে বাহাৰ হ্যোয়

বাঘ সংৰক্ষণৰ সংশ্লিষ্ট সকলো প্ৰচেষ্টা আৰু বিস্তাৰিত কৰিব লাগিব, তাৰ গতি আৰু অধিক ত্বৰান্বিত কৰিব লাগি। এই আশা আৰু বিশ্বাসৰে পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা জনালো।

ধন্যবাদ৷

*****

वीआरआरके/एसएच/बीएम/एनएस/DB



(Release ID: 1581267) Visitor Counter : 73