প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২০১৯-২০২০ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
একবিংশ শতিকাত ভাৰতৰ উন্নয়নক গতি প্ৰদান কৰিব এই বাজেটেঃ প্ৰধানমন্ত্ৰী


Posted On: 05 JUL 2019 2:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোগীয়ে আজি উত্থাপিত ২০১৯-২০২০ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক প্ৰশংসা কৰি কয় যে এই বাজেটে নতুন ভাৰত গঢ়াত সহায় কৰিব৷

সংসদত বিত্ত মন্ত্ৰীয়ে ২০১৯-২০২০ বৰ্ষৰ বাৰ্ষিক বাজেটৰ উপস্থাপন প্ৰদৰ্শন কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে কয় যে এই বাজেটখনে দুখীয়াসকলক সৱলীকৰণ কৰাৰ লগতে দেশৰ যুৱ প্ৰজন্মৰ বাবে এক উন্নত ভৱিষ্যতৰ সৃষ্টি কৰিব৷

বাজেটখনৰ সাম্ভাৱ্য লাভসমূহক আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বাজেটখনে দেশৰ বিকাশৰ গতি বৃদ্ধি কৰিব আৰু মধ্যবিত্ত শ্ৰেণীক বিশেষভাৱে উপকৃত কৰিব৷ ‘‘এই বাজেটে কৰ প্ৰক্ৰিয়াৰ সৰলীকৰণ কৰি দেশৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণত সহায় কৰিব,’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বাজেটখনে উদ্যোগসমূহৰ লগতে উদ্যমীসকলৰো সৱলীকৰণ কৰিব৷ তেওঁ কয় যে উক্ত বাজেটখনত দেশৰ বিকাশৰ বাবে মহিলাৰ সক্ৰিয় অংশগ্ৰহণত গুৰুত্ব প্ৰদান কৰা হৈছে৷ দেশৰ কৃষিখণ্ডৰ মানচিত্ৰ পৰিৱৰ্তন কৰাত এই বাজেটখনে বিশেষ ভূমিকা পালন কৰিব বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ২০১৯-২০২০ বৰ্ষৰ বাৰ্ষিক বাজেটখন আশাৰ বাজেট বুলি অভিহিত কৰে৷ তেওঁ কয় যে এই বাজেটথনে একবিংশ শতিকাৰ ভাৰতৰ বিকাশ গতি দ্ৰুত কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে দুখীয়া, কৃষক, দলিত আৰু সমাজৰ বঞ্চিতসকলৰ সৱলীকৰণৰ বাবে সৰ্বাংগীন দিশত পদক্ষেপ গ্ৰহণ কৰিছে৷ তেওঁ কয় যে এই সৱলীকৰণে অনাগত পাঁচ বছৰত তেওঁলোকক দেশৰ পাৱাৰ হাউচ হিচাপে গঢ়ি তুলিব৷ এই সৱলীকৃত অংশৰ পৰাই দেশে পাঁচ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশ হোৱাৰ বাবে শক্তি লাভ কৰিব, প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে৷

****

AKT/SH/BM/SBP/MANN



(Release ID: 1577659) Visitor Counter : 90