কেবিনেট
কেবিনেটৰ প্ৰথমখন অধিৱেশনত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কোটি কোটি কৃষকক পেঞ্চনৰ আওতালৈ অনাৰ প্ৰস্তাৱ এনডিএ চৰকাৰৰ তিনি বছৰত পেঞ্চন আঁচনিয়ে ৫ কোটি কৃষকৰ জীৱনৰ নিশ্চিতি প্ৰদান কৰিব
পিএম-কিষাণৰ সৈতে এই আঁচনিয়ে লাঘৱ কৰিব অৰ্থনৈতিক বোজা আৰু অগ্ৰসৰ হ’ব বৃহৎ দক্ষতাৰ দিশলৈ
Posted On:
31 MAY 2019 8:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ কৃষকসকলৰ সৱলীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এক আঁচনিৰ সৈতে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই ঐতিহাসিক সিদ্ধান্তৰ অধীনত আমাৰ পৰিশ্ৰমী কৃষকসকলক পেঞ্চনৰ আওতালৈ অনা হ’ব যিয়ে দিনে-ৰাতিয়ে পৰিশ্ৰম কৰি আমাৰ দেশখনক খাদ্যৰ যোগান ধৰি আছে৷ তাৎপৰ্যপূৰ্ণভাৱে স্বাধীনতাৰ পিছত এইটোৱেই হ’ব প্ৰথম প্ৰয়াস য’ত কৃষকসকলৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰা হৈছে৷
এই আঁচনিৰ জৰিয়তে প্ৰথম তিনিটা বৰ্ষত ৫ কোটি ক্ষুদ্ৰ আৰু বঞ্চিত কৃষক উপকৃত হ’ব বুলি অনুমান কৰা হৈছে৷ এই আঁচনিৰ অধীনত সামাজিক সুৰক্ষা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩ বছৰৰ বাবে ১০৭৭৪.৫০ কোটি টকা ব্যয় কৰিব৷
এই আঁচনিৰ অধীনত উল্লেখযোগ্য বৈশিষ্টসমূহঃ
ই হ’ল সমগ্ৰ দেশৰ ক্ষুদ্ৰ আৰু বঞ্চিত কৃষক (এছএমএফ)সকলৰ বাবে এক স্বেচ্ছামূলক তথা অৰিহণামূলক পেঞ্চন আঁচনি৷
এই আঁচনিত প্ৰবেশৰ বয়সসীমা হ’ল ১৮-৪০ বছৰ আৰু ৬০ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ পিছত ন্যূনতম ৩,০০০টকাৰ স্থিৰ পেঞ্চনৰ সুবিধা৷
উদাহৰণস্বৰূপে, এজন হিতাধিকাৰী কৃষকে ২৯ বছৰ বয়সৰ পৰা প্ৰতিমাহে ১০০ টকাকৈ জমা কৰিব লাগিব৷ কেন্দ্ৰীয় চৰকাৰেও যোগ্য কৃষকজনে জমা কৰা ধনৰ সম পৰিমাণৰ টকা জমা কৰিব৷
অংশগ্ৰহণকাৰীৰ মৃত্যুৰ পিছত পেঞ্চন পোৱাৰ ক্ষেত্ৰত এছএমএফ হিতাধিকাৰীৰ স্বামী/স্ত্ৰীয়ে পেঞ্চনৰ ৫০% পৰিয়াল পেঞ্চন হিচাপে লাভ কৰিব৷ যদি অংশগ্ৰহণকাৰীৰ পেঞ্চন জমা কৰি থকা সময়ৰ ভিতৰতে মৃত্যু হয় তেন্তে তেওঁৰ স্বামী/স্ত্ৰীয়ে সেই আঁচনিত ধন জমা অব্যাহত ৰখাৰ বৈকল্পিক সুবিধা লাভ কৰিব৷
আঁচনি আৰু কৃষকসকৰ উন্নতিৰ মাজৰ সম্পৰ্কঃ
এই আঁচনিৰ এক উল্লেখযোগ্য বৈশিষ্ট হ’ল যে কৃষকসকলে তেওঁলোকৰ মাহিলী অৰিহণা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনিৰ পৰা প্ৰত্যক্ষভাৱে জমা কৰাৰ বৈকল্পিক সুবিধা লাভ কৰিব৷ তাৰোপৰি কৃষকসকলে সাধাৰণ সেৱা কেন্দ্ৰ (চিএছচি)ৰ জৰিয়তে পঞ্জীয়নভুক্ত হৈ তেওঁলোকৰ মাহিলী অৰিহণা জমা কৰিব পাৰিব৷
প্ৰধান প্ৰতিশ্ৰুতিসমূহৰ পূৰণ, কৃষি খণ্ডৰ সৱলীকৰণঃ
স্বাধীনতাৰ সত্তৰ বছৰৰ পিছত প্ৰথমবাৰলৈ কৃষকসকলৰ বাবে এনে ধৰণৰ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে৷ ইয়াৰ বিষয়ে ২০১৯ বৰ্ষৰ লোকসভাৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছিল যি ভাৰতৰ সৰ্বদিশতে বৃহৎ সমৰ্থন লাভ কৰিছিল৷ ইয়াক বিজেপিৰ ইস্তাহাৰত প্ৰকাশ কৰা হৈছিল আৰু নতুন চৰকাৰৰ প্ৰথমখন কেবিনেটতে ইয়াক বাস্তৱায়িত কৰা হয়৷
****
AKT/SH/MANN
(Release ID: 1573196)
Visitor Counter : 147