প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ বাৰাণসী, কানপুৰ আৰু গাজিয়াবাদ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 07 MAR 2019 5:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ মাৰ্চত উত্তৰ-প্ৰদেশৰ বাৰাণসী, কানপুৰ আৰু গাজিয়াবাদ ভ্ৰমণ কৰিব৷ ৰাজ্যখনত তেওঁ কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব৷

বাৰাণসীতঃ

প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰিব৷ তেওঁ কাশী বিশ্বনাথ মন্দিৰৰ প্ৰৱেশ পথ, সৌন্দৰ্যকৰণ আৰু সৱলীকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পস্থলী পৰিদৰ্শন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ দীনদয়াল হস্তকলা সংকুলত অনুষ্ঠিত ৰাষ্ট্ৰীয় মহিলা জীৱিকা সন্মিলনত উপস্থিত থাকিব৷ তেওঁ পাঁচটা মহিলা আত্মসহায়ক গোটক প্ৰশংসা পত্ৰ প্ৰদান কৰিব৷ গোটৰ সদস্যসকলেও প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰিব৷

দীনদয়াল অন্ত্যোদয়া যোজনাৰদ্বাৰা সাহায্যপ্ৰাপ্ত মহিলা আত্ম সহায়ক গোটে ‘ভাৰত কে বীৰ’ পুঁজিলৈ বৰঙণিস্বৰূপে প্ৰধানমন্ত্ৰী মোদীক এখন চেক অৰ্পণ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে লগতে এখন ৰাজহুৱা সভাও সম্বোধন কৰিব৷

কানপুৰতঃ

প্ৰধানমন্ত্ৰীয়ে ৬৬০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনকাৰী আৰু বিতৰণকাৰী পাংকী শক্তি প্ৰকল্প মুকলি কৰিব৷ তেওঁ লক্ষ্ণৌ মেট্ৰ’ ৰেল প্ৰকল্প উদ্বোধন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ লিংকৰ মাধ্যমেৰে লক্ষ্ণৌৰ চৰণ সিং বিমানবন্দৰৰ পৰা মেট্ৰ’ ৰেল সেৱাৰ ফ্লেগ অফ কৰিব৷  আগ্ৰা মেট্ৰ’ ৰেল প্ৰকল্পৰ তেওঁ আধাৰশিলাও স্থাপন কৰিব৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ মাজত চাবি বিতৰণ কৰিব৷

ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানত সমবেত ৰাইজক সম্বোধি ভাষণ প্ৰদান কৰিব৷

গাজিয়াবাদতঃ

প্ৰধানমন্ত্ৰীয়ে মেট্ৰ’ৰ দিলশ্বাদ গাৰ্ডেন-শ্বহীদ স্থল(নতুন বাছ আড্ডা)খণ্ড উদ্বোধন কৰিব৷ তেওঁ শ্বহীদস্থল মেট্ৰ’ ষ্টেচনৰ পৰা মেট্ৰ’ ৰেলৰ ফ্লেগ অফ কৰিব৷ এই সম্প্ৰসাৰিত মেট্ৰ’ কৰিড’ৰত ৮ টা ষ্টেচন আছে৷ ইয়ে গাজিয়াবাদ আৰু নতুন দিল্লীৰ জনসাধাৰণক সুবিধাজনক পৰিবহন সেৱা আগবঢ়াব আৰু যান-যটৰ সমস্যা হ্ৰাস কৰিব৷

প্ৰধানমন্ত্ৰীয়ে গাজিয়াবাদস্থিত হিন্দোন বিমানবন্দৰৰ চিভিল টাৰ্মিনেল উদ্বোধন কৰিব৷ ইয়াৰ ফলত পশ্চিম উত্তৰ-প্ৰদেশ আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ যাত্ৰীসকল উপকৃত হ’ব৷

প্ৰধানমন্ত্ৰীয়ে দিল্লী-গাজিয়াবাদ-মীৰাট ৰিজ’নেল ৰেপিড ট্ৰেন্সজিট ছিষ্টেম(আৰআৰটিএছ)ৰ আধাৰশিলা স্থাপন কৰিব৷ ইয়ে আঞ্চলিক পৰিবহণ সুবিধা যথেষ্ট পৰিমাণে উন্নত কৰিব আৰু সংস্থাপনৰ বহুতো সুযোগ সৃষ্টি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে গাজিয়াবাদত শিক্ষা, আৱাসগৃহ, খোৱা পানী, স্বচ্ছতা আৰু আৱৰ্জনা নিষ্কাষণ বিষয়ক বিভিন্ন উন্নয়নমূলক প্ৰকল্পও মুকলি কৰিব৷

তেওঁ বিভিন্ন আঁচনিৰ উপভোক্তাৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰিব৷

ইয়াৰ পাছত তেওঁ এখন ৰাজহুৱা সভা সম্বোধন কৰিব৷

*******

AKT/ VJ/MS



(Release ID: 1568598) Visitor Counter : 92