প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাশী বিশ্বনাথ মন্দিৰত প্ৰধানমন্ত্ৰীৰ মন্তব্য

Posted On: 08 MAR 2019 11:56AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰত প্ৰাৰ্থনা আগবঢ়ায়৷ মন্দিৰ প্ৰাংগনত এটা প্ৰকল্পৰ সাংকেতিক আধাৰশিলা স্থাপন কৰি তেওঁ উপস্থিত জনতাক সম্বোধন কৰে৷  তেওঁ কয় যে কাশী বিশ্বনাথ ধামৰ এই প্ৰকল্পৰ সৈতে নিজকে জড়িত কৰিবলৈ পাই তেওঁ প্ৰকৃতাৰ্থত সৌভাগ্যৱান অনুভৱ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটোৰ সৈতে জড়িত বিষয়-ববীয়াসকলৰ শলাগ লোৱাৰ লগতে প্ৰকল্পটোৰ বাবে নিজৰ ভূমি এৰি দিয়া মন্দিৰৰ চৌদিশৰ লোকসকলক তেওঁ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে৷

তেওঁ কয় যে কাশী বিশ্বনাথ মন্দিৰে শতিকা ধৰি বহু উত্থান-পতন অতিক্ৰম কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাণী অহিয়াবাই হলকাৰক স্মৰণ কৰাৰ লগতে কাশী বিশ্বনাথ মন্দিৰৰ উন্নয়নৰ ক্ষেত্ৰত দুই শতিকা পূৰ্বে তেওঁ আগবঢ়োৱা অৱদানক প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেতিয়াৰ পৰা শাসনত থকা লোকসকলে মন্দিৰটোৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিয়া নাছিল৷ কিন্তু এতিয়া সমগ্ৰ মন্দিৰ চৌহদৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে আৰু ইয়াৰ ফলাফল আপোনালোকে দেখি আছে৷

প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে আজি আধাৰশিলা স্থাপন হোৱা প্ৰকল্পটোৱে কাশীক বিশ্বৰ মানচিত্ৰত নতুন পৰিচয় প্ৰদান কৰিব৷

***

AKT/SH/SKS/MS



(Release ID: 1568591) Visitor Counter : 46