প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


কাইলৈ গ্ৰেটাৰ নয়ডাত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

ভিডিঅ’ লিংকৰ মাধ্যমেৰে আধাৰশিলা স্থাপন কৰিব নয়ডা চিটী চেণ্টাৰ আৰু বাক্সাৰ শক্তি প্ৰকল্পৰ


Posted On: 08 MAR 2019 4:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰ-প্ৰদেশৰ গ্ৰেটাৰ নয়ডা ভ্ৰমণ কৰিব আৰু কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে দীনদয়াল উপাধ্যায় প্ৰত্নতত্ত্ব প্ৰতিষ্ঠান উদ্বোধন কৰিব৷ তেওঁ প্ৰতিষ্ঠানৰ চৌহদত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ এটি প্ৰতিমূৰ্তিও উন্মোচন কৰিব৷ ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে প্ৰতিষ্ঠানৰ চৌহদত থকা দীনদয়াল মিউজিয়াম পৰিদৰ্শন কৰিব৷

পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰত্নতত্ত্ব প্ৰতিষ্ঠান মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিষ্ঠানখনে দেশৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তৰ গৱেষক আৰু শিক্ষাৰ্থীসকলক আধুনিক সা-সুবিধা প্ৰদান কৰিব৷

দীনদয়াল উপাধ্যায় প্ৰত্নতত্ত্ব প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ লিংকৰ মাধ্যমেৰে নয়ডা চিটী চেণ্টাৰ-নয়ডা ইলেক্ট্ৰনিক চিটী ছেকচন অৱ মেট্ৰ’ৰ ফ্লেগ অফ কৰিব৷ এই নতুন ছেকচনে নয়ডাবাসীক সুবিধাজনক আৰু গতিসম্পন্ন পৰিবহণ সেৱা আগবঢ়াব৷ ৬.৬ কিলোমিটাৰ দৈৰ্ঘৰ ছেকচনটো হ’ল দিল্লী মেট্ৰ’ৰ ব্লু লাইনৰ এক সংযোজন৷ তেওঁ লগতে উত্তৰ প্ৰদেশৰ খাৰজা আৰু বিহাৰৰ বাক্সাৰত দুটা ১৩২০ মেগাৱাটৰ তাপ বিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ এই ব্যয়বহুল প্ৰকল্প দুটাই উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বিদ্যুৎ সংকটৰ সমস্যা দূৰ কৰাত সহায় কৰিব৷ লগতে স্থানীয় অঞ্চলসমূহত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহুতো সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব৷

*****

AKT/VJ/BM/MS



(Release ID: 1568589) Visitor Counter : 88