প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ডিডি ফ্ৰী ডিছত নিজৰ ৰাজ্যৰ দূৰদৰ্শন চেনেল লাভ কৰাৰ বাবে জনসাধৰণক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 09 MAR 2019 6:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডিডি ফ্ৰী ডিছত প্ৰথমবাৰৰ বাবে নিজৰ ৰাজ্যৰ দূৰদৰ্শন চেনেল লাভ কৰাৰ বাবে জনসাধৰণক অভিনন্দন জনাইছে৷

 “প্ৰচাৰ ভাৰতীয়ে ডিডি ফ্ৰী ডিছৰ জৰিয়তে ১১টা ৰাজ্যিক দূৰদৰ্শন চেনেলৰ সুবিধা কঢ়িয়াই অনা বুলি জানিব পাৰি আনন্দিত হৈছো৷ ইয়াৰ ভিতৰত আছে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৫ টা চেনেল৷ ইয়ে আঞ্চলিক সংস্কৃতি শক্তিশালী কৰা আৰু জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷

ডিডি ফ্ৰী ডিছত প্ৰথমবাৰৰ বাবে নিজৰ ৰাজ্যৰ দূৰদৰ্শন চেনেল লাভ কৰাৰ বাবে চত্তীশগড়, গোৱা, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু উত্তৰাখণ্ডৰ জনসাধাৰণক মই অভিনন্দন জনাইছো৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷



*****

AKT/VJ/MS



(Release ID: 1568586) Visitor Counter : 49