প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চিআইএছএফৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত অংশ ল’লে প্ৰধানমন্ত্ৰীয়ে

Posted On: 10 MAR 2019 1:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ গাজিয়াবাদৰ ইন্দিৰাপুৰমত আজি অনুষ্ঠিত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (চিআইএছএফ) ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত অংশ গ্ৰহণ কৰে৷

এই উপলক্ষে চিআইএছএফ জোৱানসকলৰ পেৰেডৰ পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ বিভিন্ন শিতানত বিশিষ্ট আৰু দক্ষতাপূৰ্ণ সেৱা আগবঢ়োৱা জোৱানসকলক পদক প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰীয়ে শ্বহীদসকলৰ স্মৃতিসৌধত পুষ্পাঞ্জলি অৰ্পন কৰাৰ লগতে ভিজিটৰছ বুকতো স্বাক্ষৰ কৰে৷

চিআইএছএফ জোৱানসকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বাহিনীটোৰ সোনালী জয়ন্তী উপলক্ষে তেওঁলোকক অভিনন্দন জনায়৷ তেওঁ দেশৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত চিআইএছএফে পালন কৰা ভূমিকাৰ প্ৰশংসা কৰে৷ তেওঁ লগতে কয় যে নতুন ভাৰতৰ আধূনিক আন্তঃগাঁথনিৰে নিৰ্মাণ কৰা প্ৰতিষ্ঠান-ভৱনসমূহ চিআইএছএফৰ হাতত নিৰাপদে ৰখাৰ বাবে তেওঁলোকক দায়িত্ব দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে সকলো নাগৰিকক নিৰাপত্তাৰক্ষীৰ সৈতে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷ ভিআইপি সংস্কৃতিয়ে স্থাপত্যসমূহৰ সুৰক্ষাত বাধা জন্মায়৷ সেয়েহে, নাগৰিকসকলে নিৰাপত্তাৰক্ষীসকলৰ সৈতে সহযোগিতা ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷ চিআইএছএফৰ ভূমিকা আৰু কৰ্তব্য সম্পৰ্কে সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিমানবন্দৰ আৰু মেট্ৰসমূহত চিআইএছএফৰ কাম-কাজসমূহ প্ৰদৰ্শিত হোৱাকৈ ডিজিটেল সংগ্ৰহালয় স্থাপনৰ পৰামৰ্শ আগবঢ়ায় প্ৰধানমন্ত্ৰীয়ে৷

দেশৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰতিষ্ঠানসমূহৰ সুৰক্ষাৰ ক্ষেত্ৰত চিআইএছএফৰ ভূমিকাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বাহিনীটো দুৰ্যোগ ব্যৱস্থাপনা, মহিলাৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে অন্যান্য বিভিন্ন কামত জড়িত হৈ আছে৷ প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে কেৰালাৰ বানপানীৰ লগতে নেপাল আৰু হাইটিৰ ভূমিকম্পৰ দৰে দুৰ্যোগৰ সময়ত সাহায্য অভিযানত বাহিনীটোৰ অৱদানৰ সন্দৰ্ভত উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বাহিনীটোৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি তেওঁৰ চৰকাৰ দায়বদ্ধ৷ প্ৰধানমন্ত্ৰীয়ে এই প্ৰসংগত বাহিনীটোৰ আধূনিকীকৰণ আৰু তেওঁলোকৰ কল্যানৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৱলীৰ সন্দৰ্ভত উল্লেখ কৰে৷

তেওঁ উল্লেখ কৰে যে সেনা বাহিনীৰ বাবে কৰ্তব্যই উৎসৱ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে সন্তাসবাদৰ প্ৰত্যাহ্বানৰ বাবে চিআইএছএফৰ ভূমিকা বৃদ্ধি পাইছে৷ তেওঁ লগতে কয় যে সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে তেওঁ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সাহস আৰু ত্যাগৰ নামত উচৰ্গিত৷ তেওঁ কয় যে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকৰ দৰে স্মৃতিসৌধসমূহে নাগৰিকসকলৰ মাজত নিৰাপত্তাৰক্ষীৰ অৱদানৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিব৷ তেওঁ চিআইএছএফত বহুতো মহিলা সৈনিক অন্তৰ্ভূক্ত কৰাৰ প্ৰচেষ্টাৰ শলাগ লয়৷

ভাৰত যিমানে বিকশিত হ, চিআইএছএফৰ দায়বদ্ধতাও সমানে বৃদ্ধি পাব বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷

******

AKT/VJ/DB



(Release ID: 1568585) Visitor Counter : 76