প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


৪ আৰু ৫ মাৰ্চ, ২০১৯ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

কাইলৈ যমনগত ছেউনী প্ৰকল্প মুকলি, আহমেদাবাদ মেট্ৰ’ ৰে’লৰ প্ৰথম পৰ্যায় আৰু ৫ মাৰ্চত প্ৰধানমন্ত্ৰী শ্ৰম যোগী মান ধন যোজনাৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে


Posted On: 03 MAR 2019 8:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু মাৰ্চ, ২০১৯ত গুজৰাট ভ্ৰমণ কৰিব৷ প্ৰথম দিনা তেওঁ যমনগৰ, যশপুৰ আৰু আহমেদাবাদৰ আৰু মাৰ্চত প্ৰধানমন্ত্ৰীয়ে অদালাজ আৰু বস্ত্ৰাল ভ্ৰমণ কৰিব৷

৪ মাৰ্চত যমনগৰত প্ৰধামন্ত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়ৰ চৌহদ পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰিব৷ সেইবোৰৰ ভিতৰত-

*গুৰু গোৱিন্দ সিং চিকিৎসালয় দেশবাসীৰ নামত উচৰ্গা;

প্ৰধানমন্ত্ৰীয়ে ৭৫০খন বিচনাযুক্ত গুৰু গোৱিন্দ সিং চিকিৎসালয়খন দেশবাসীৰ নামত উচৰ্গা কৰিব৷

প্ৰধানমন্ত্ৰীয়ে চিকিৎসালয়খনত স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে নৱ-নির্মিত হোষ্টেলৰ উদ্বোধন কৰিব৷

চিকিৎসালয়খনৰ ছাত্ৰ-ছাত্রী তথা অধ্যাপকসকলৰ সৈতে মত বিনিময় কৰিব৷

* ছেউনী প্ৰকল্প উদ্বোধন

প্ৰধানমন্ত্রীয়ে বুটাম টিপি ছেউনী প্ৰকল্প উদ্বোধন কৰিব৷

এই ছেউনী প্ৰকল্প প্ৰকল্পৰ অধীনস্থ ৰঞ্জিত সাগৰ উত্তোলন জলসিঞ্চন প্ৰকল্প আৰু নয়াৰি জলসিঞ্চন প্ৰকল্প দেশবাসীৰ নামত উচর্গা কৰিব৷ তদুপৰি, জোডিয়া লৱণমুক্ত পানী শোধনাগাৰৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে৷

*বান্দ্রা-যমনগৰ হমছফৰ এক্সপ্রেছৰ যাত্রা শুভাৰম্ভ

প্ৰধানমন্ত্রীয়ে ভিডিঅকনফাৰেন্সিঙৰ জৰিয়তে বান্দ্রা-যমনগৰ হমছফৰ এক্সপ্রেছৰ যাত্রা শুভাৰম্ভ কৰিব

*অন্যান্য প্ৰকল্পসমূহ

এই উপলক্ষে এখন নামফলক উন্মোচন কৰি প্ৰধানমন্ত্রীয়ে আজি-৩ৰ পৰা খিজাদিয়া ৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপলাইন দেশবাসীৰ নামত উচর্গা কৰিব ৰাজকোট-কানালুছ ৰেললাইন দ্বৈত পথলৈ উন্নীতকৰণৰ কামৰো শুভাৰম্ভ কৰিব৷.

প্ৰধানমন্ত্রীয়ে যমনগৰ পৌৰ নিগমে নির্মাণ কৰা ৪৮৮টা গৃহৰ চাবি হিতাধিকাৰীসকলক প্ৰদান কৰি আৰু যমনগৰ এলেকা উন্নয়ন প্ৰাধিকৰণৰ দ্বাৰা নির্মিত ,০০৮টা ফ্লেটৰ হিতাধিকাৰীসকলকো হস্তান্তৰ কৰিব।

এই উপলক্ষে এক ৰাজহুৱা সভাতো তেওঁ ভাষণ আগবঢ়াব৷

যশপুৰত প্ৰধানমন্ত্রীয়ে বিশ্ব উমিয়াধাম কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিব৷

ইয়াৰ পাছতে এক ৰাজহুৱা সভাত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে৷

আমেদাবাদৰ বস্ত্ৰাল গ্ৰাম মেট্র ষ্টেচনত প্ৰধানমন্ত্রীয়ে আমেদাবাদ মেট্রৰ প্ৰথম পর্যায়ৰ শুভাৰম্ভ কৰাৰ লগতে দ্বিতীয় পর্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব।

আমেদাবাদ মেট্র যাত্রীসকলৰ বাবে অভিন্ন যাতায়াতৰ কার্ড প্ৰকাশ কৰিব। ইয়াৰপাছত প্ৰধানমন্ত্রীয়ে বস্ত্ৰাল গ্ৰাম ষ্টেচনৰ পৰা মেট্রৰেলৰ যাত্রাৰ শুভাৰম্ভ কৰি নিজেও ভ্ৰমণ কৰিব৷ উল্লেখ্য যে যোৱা ফেব্রুৱাৰী মাহত কেন্দ্রীয় কেবিনেট বৈঠকত আমেদাবাদ মেট্র ৰে প্ৰকল্পৰ দ্বিতীয় পর্যায়ৰ কামৰ অনুমোদন জনোৱা হৈছিল। দ্বিতীয় পর্যায়ৰ কাম শেষ লে আমেদাবাদ আৰু গান্ধীনগৰ অঞ্চলৰ ভ্ৰমণকাৰীসকলৰ বাবে এক আৰামদায়ক আৰু বিশ্বাসযোগ্য পৰিবহণ ব্যৱস্থা গঢ় লৈ উঠিব৷

আমেদাবাদ মেট্র ৰে প্ৰকল্পৰ প্ৰথম পর্যায়ৰ দৈর্ঘ্য ৪০.০৩ কিলোমিটাৰ। ইয়াৰ ভিতৰত ৬.৫ কিলোমিটাৰ ভূগর্ভস্থ আৰু বাকী অংশ ভূপৃষ্ঠৰ ওপৰত নির্মাণ কৰা হৈছে। এই মেট্র প্ৰকল্পৰ ফলত যোগাযোগ ব্যৱস্থাত উন্নতি হোৱাৰ সমান্তৰালভাৱে ভ্ৰমণ সময়ো ৰাহি হব আৰু চহৰাঞ্চলৰ লোকসকলৰ জীৱনযাত্রাৰ মানো উন্নয়ন হব৷

আমেদাবাদৰ বি জে মেডিকেল কলেজ প্রাংগনত প্ৰধানমন্ত্রীয়ে স্বাস্থ্য আৰু ৰে সেৱাৰ সৈতে জড়িত একাধিক প্ৰকল্পৰ শুভাৰম্ভ কৰিব৷

স্বাস্থ্যঃ-

আমেদাবাদ অঞ্চলত নির্মিত একাধিক চিকিৎসালয় দেশবাসীৰ নামত উচর্গা কৰিব প্ৰধানমন্ত্ৰীয়ে। এই চিকিৎসা প্ৰতিষ্ঠানসমূহৰ ভিতৰত -মহিলা, শিশু আৰু অতিবিশিষ্ট চিকিৎসালয়, কেন্সাৰ চিকিৎসালয়, চক চিকিৎসালয় আৰু দন্ত চিকিৎসালয় উল্লেখযোগ্য। এই চিকিৎসালয়সমূহৰ ফলত আমেদাবাদত স্বাস্থ্য সেৱাৰ মান বহুগুণে বৃদ্ধি পাব৷ একেদৰে, সাধাৰণ জনতাই গুণসম্পন্ন স্বাস্থ্য সেৱাও লাভ কৰিব৷

প্ৰধানমন্ত্রী জন-আৰোগ্য যোজনা-আয়ুষ্মান ভাৰত প্ৰকল্পৰ নির্দিষ্ট কেইগৰাকীমান হিতাধিকাৰীক গোল্ডেন কাৰ্ড প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে৷

ৰেলঃ-

প্ৰধানমন্ত্ৰীয়ে পাটনা-বিন্দি ৰেললাইন উদ্বোধন কৰিব। দাহোদ ৰে কাৰখানাৰ আধুনিকীকৰণ আৰু ডবা উৎপাদন বৃদ্ধিৰ কামৰ শুভাৰম্ভ কৰিব। ইয়াৰ ফলত এই ডবা নির্মাণ কাৰখানাৰ মাহিলী ক্ষমতা ১৫০লৈ বৃদ্ধি কৰিব৷ তদুপৰি, তেওঁ আনন্দ-গোধৰা ৰেলপথ দ্বৈতপথলৈ উন্নীতকৰণৰ কামৰো আধাৰশিলা স্থাপন কৰিব। ইয়াৰপাছতে এখন সভাত ভাষণ আগবঢ়াব প্ৰধানমন্ত্রীয়ে৷

প্ৰধানমন্ত্রীয়ে নৱ-নির্মিত অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰিব আৰু ফিটা কাটি ,২০০খন বিচনাযুক্ত চিকিৎসালয়খন উদ্বোধন কৰিব। আমেদাবাদত নৱ-নির্মিত কেন্সাৰ আৰু চকু চিকিৎসালয়খনো তেওঁ পৰিদৰ্শন কৰিব৷

মার্চ, ২০১৯ত

প্ৰধানমন্ত্রীয়ে গান্ধীনগৰৰ আদালাজ ভ্ৰমণ কৰিব। তাত তেওঁ অন্নপূর্ণা ধাম ট্রাষ্ট পৰিদৰ্শন কৰাৰ লগতে শিক্ষা ভৱন তথা বিদ্যার্থী ভৱনৰো আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে এক ৰাজহুৱা সভাত ভাষণ আগবঢ়াব প্ৰধানমন্ত্রীয়ে৷

ইয়াৰপাছত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্রী শ্ৰমযোগী মান-ধন যোজনাৰ শুভাৰম্ভ কৰিব। হিতাধিকাৰীসকলক অনলাইনযোগে ধন হস্তান্তৰৰ জৰিয়তে এই যোজনাৰ অধীনত প্ৰধানমন্ত্রীয়ে অসংগঠিত খণ্ডৰ সৈতে জড়িত কর্মীসকলৰ পেন্সন আঁচনি মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে নির্দিষ্ট কেইগৰাকীমান হিতাধিকাৰীক প্ৰধানমন্ত্রী শ্ৰমযোগী মান-ধন যোজনাৰ পেন্সন কার্ড বিতৰণ কৰি৷

২০১৯-২০ অন্তৱৰ্তীকালীন বাজেটত কেন্দ্রীয় চৰকাৰে প্ৰধানমন্ত্রী শ্ৰমযোগী মান-ধন যোজনা আৰম্ভ কৰাৰ কথা ঘোষণা কৰা হৈছিল। এই যোজনাৰ জৰিয়তে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ স্বার্থ সুৰক্ষিত কৰা ব। মাহিলী ১৫ হাজাৰতকৈ কম উপাৰ্জন কৰা অসংগঠিত খণ্ডৰ এনে শ্ৰমিকসকলে এই আঁচনিৰ সুযোগ-সুবিধা লাভ কৰিব৷ এই আঁচনিৰ জৰিয়তে ৬০ বছৰ বয়সৰ শ্ৰমিকসকলে মাহিলী ৩ হাজাৰ টকাকৈ পেন্সন লাভ কৰিব। অহা পাঁচ বছৰৰ ভিতৰত অতি কমেও ১০ কোটি অসংগঠিত খণ্ডৰ শ্ৰমিকে এই আঁচনিৰ জৰিয়তে উপকৃত হব বুলি আশা কৰা হৈছে৷ দেশৰ জিডিপিৰ অৰ্ধেক যোগান আহে অসংগঠিত খণ্ডত কর্মৰত ৪০ কোটি শ্ৰমিকৰ পৰা। এওঁলোকৰ অধিকাংশই হকাৰ, ৰিক্সাচালক, নির্মাণ শ্ৰমিক, আৱৰ্জনাৰ পৰিত্যক্ত সামগ্রী সংগ্ৰহকাৰী, কৃষি শ্ৰমিক, বিড়ি শ্ৰমিক, চর্ম উদ্যোগৰ সৈতে জড়িত শ্ৰমিক আৰু তাঁতশিল্পৰ সৈতে জড়িত কর্মী৷

প্ৰধানমন্ত্রী শ্ৰমযোগী মান-ধন যোজনাৰ সমান্তৰালভাৱে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত এওঁলোকৰ স্বাস্থ্য সুৰক্ষা, প্ৰধানমন্ত্রী জীৱনজ্যোতি আৰু প্ৰধানমন্ত্রী সুৰক্ষা বীমা যোজনাৰ অধীনত শ্ৰমিকসকলৰ জীৱন বীমা তথা কর্মত অক্ষম লে আর্থিক সুবিধা প্ৰদান কৰা ব৷ এনে প্ৰচেষ্টাৰ ফলত অসংগঠিত খণ্ডৰ সৈতে জড়িত জ্যেষ্ঠ শ্ৰমিকসকলৰ সামাজিক নিৰাপত্তা  সুনিশ্চিত ব৷.

****

AKT/VJ/DB



(Release ID: 1567727) Visitor Counter : 61