পোষ্ট কৰা হৈছে:
28 FEB 2019 10:31PM by PIB Guwahati
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত দেশৰ কেন্দ্রীয় কেবিনেটে ৰাষ্ট্ৰীয় হাউছিং বেংক (এনএইচবি)ত ৰিজার্ভ বেংকৰ শ্বেয়াৰ মূলধনৰ বাবে প্রকৃত মূল্যলৈ ১,৪৫০ কোটি টকা প্ৰদানৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে। ২০১৮ চনত এই সংক্রান্তীয় সংশোধনী অনা হৈছিল এনএইচবি আইন, ১৯৮৭-ত।
ভাৰতত আবাসিক আর্থিক সংস্থাসমূহক উদগনি যোগাবলৈ মুখ্য সংস্থা হিচাপে কাম কৰাৰ বাবে ৰাষ্ট্ৰীয় হাউছিং ব’র্ড গঠন কৰা হৈছিল। এতিয়া ইয়াৰ মালিকীস্বত্ত্ব চৰকাৰৰ হাতলৈ হস্তান্তৰিত হোৱাত ৰাষ্ট্ৰীয় হাউছিং বেংকৰ মুঠ আর্থিক অনুদান দিয়াৰ ক্ষমতা আৰু বৃদ্ধি পাব। যাৰ ফলত, গৃহ নিৰ্মাণৰ ক্ষেত্ৰত যিবোৰ সংস্থাই ঋণ প্ৰদান কৰে, সেই সংস্থাবোৰৰো সহায়তা বৃদ্ধি পাব। ৰিজার্ভ বেংকৰ পৰা এই বেংকৰ মালিকীস্বত্ত্ব চৰকাৰৰ হাতলৈ হস্তান্তৰিত হোৱাৰ ফলত দেশৰ বেংকসমূহৰ নিয়ন্ত্রক আৰু ৰাষ্ট্ৰীয় হাউছিং বেংকৰ মালিক হিচাপে ৰিজার্ভ বেংকৰ ভুমিকাও পৃথক হ’ব। ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেট আবণ্টনৰ পৰাই এই ১,৪৫০ কোটি টকা খৰচ কৰা হ’ব। এই সুবিধা লাভ কৰিব ৰিজার্ভ বেংক আৰু গৃহ নিৰ্মাণ ক্ষেত্রসমূহে।
*****
AKT/SH/RD