কেবিনেট

জম্মু-কাশ্মীৰ সংৰক্ষণ (সংশোধনী) অধ্যাদেশ ২০১৯ লৈ কেবিনেটৰ অনুমোদন

Posted On: 28 FEB 2019 10:32PM by PIB Guwahati

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত বৃহস্পতিবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ এখন বৈঠকত জম্মু-কাশ্মীৰ চৰকাৰৰ প্রস্তাৱ অনুসৰি সংবিধান (জম্মু-কাশ্মীৰৰ বাবে) সংশোধনী সংক্রান্তীয় নির্দেশনামা, ২০১৯ লৈ যাৱতীয় অনুমোদন প্ৰদান কৰা হৈছে। ১৯৫৪ চনৰ এই সংক্রান্তীয় নির্দেশনামাখন এই সিদ্ধান্তযোগে নতুনকৈ সংশোধন কৰিবলৈ বিচৰা হৈছে। এই সংশোধনী সংক্রান্তীয় বিজ্ঞপ্তি জাৰি হোৱাৰ ফলত জম্মু-কাশ্মীৰত কর্মৰত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ কর্মীসকলৰ পদোন্নতি আৰু অর্থনৈতিক দিশেৰে দুর্বল শ্রেণীৰ বাবে শিক্ষা আৰু সংস্থাপনৰ ক্ষেত্ৰত ১০ শতাংশ আসন সংৰক্ষণৰ সিদ্ধান্ত ৰূপায়ণ কৰা সম্ভব হ’ব। জম্মু-কাশ্মীৰত ইতিমধ্যেই বিভিন্ন ক্ষেত্রত সংৰক্ষণৰ যি ব্যৱস্থা চলি আছে, এই নতুন সংশোধনীৰ মাধ্যমেৰে সংশ্লিষ্ট ব্যৱস্থাৰ উপৰিও এইবোৰ সুযোগ-সুবিধাও দিয়া হ’ব

 

২০১৯ ৰ জানুৱাৰী মাহত ১০৩ সংখ্যক সংবিধান সংশোধনৰ মাধ্যমেৰে সমগ্ৰ দেশজুৰি অর্থনৈতিক দিশেৰে দুর্বল শ্রেণীৰ লোকসকলৰ বাবে শিক্ষা আৰু চাকৰিৰ ক্ষেত্রত যি ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে, জম্মু-কাশ্মীৰতো সেয়া কার্যকৰী কৰাৰ বাবে এই সংশোধনী উত্থাপন কৰা হৈছে। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিসমূহৰ পদোন্নতি সংক্রান্তীত এই সংশোধনীৰ ফলত অন্যান্যসকলৰ মাজত গুজ্জৰ আৰু বাকেৰোৱাল গোষ্ঠীৰ লোকসকলো অন্তর্ভুক্ত হ’বআনহাতে, জম্মু-কাশ্মীৰৰ আন্তর্জাতিক সীমান্তত বসবাসকাৰীসকলৰ বাবে ৩ শতাংশ হাৰত সংৰক্ষণৰ সুবিধাৰ ক্ষেত্রত প্রকৃত নিয়ন্ত্রণ ৰেখাৰ ৬ কিলোমিটাৰৰ ভিতৰত বসবাসকাৰীসকলৰ বাবে পূর্বে নিৰ্ধাৰাণ কৰা সুবিধাৰ সমমান সুবিধা প্ৰদান কৰা হ’ব।

*****

AKT/SH/RD



(Release ID: 1567198) Visitor Counter : 126