প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কন্যাকুমাৰীত একাধিক উন্নয়নমূলক প্রকল্প উদ্বোধন প্রধানমন্ত্রীৰ
পোষ্ট কৰা হৈছে:
01 MAR 2019 5:32PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি মাদুৰাইৰ পৰা চেন্নাই অভিমুখী তেজস এক্সপ্রেছৰ যাত্রাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। কন্যাকুমাৰীত দুখন বিশাল জনসভাত তেওঁ ৰামেশ্বৰম আৰু ধনুষকোড়ি মাজত ৰে’ল সংযোগ আৰু পাম্বান সেঁতু পুনৰ আৰম্ভ কৰাৰ বাবে আধাৰশিলা স্থাপন কৰে। প্রধানমন্ত্রীয়ে ইয়াৰ উপৰিও একাধিক পথ প্রকল্পৰো শুভাৰম্ভ কৰে।
এই উপলক্ষে আজি আয়োজিত এক জনসভাত প্রধানমন্ত্রীয়ে কয়, আজি স্বাভাৱিকতেই তামিলনাডুৰ বাসিন্দা দুঃসাহসিক ৱিং কমাণ্ডাৰ অভিনন্দনৰ বাবে সমগ্ৰ দেশ তথা প্রত্যেকজন ভাৰতীয়ই গর্বিত।
এই সভাতেই কন্যাকুমাৰীৰ বিবেকানন্দ কেন্দ্রই গান্ধী শান্তি পুৰস্কাৰ লাভ কৰাৰ বাবে কেন্দ্ৰটোৰ সমূহ কৰ্মকৰ্তাকেই প্রধানমন্ত্রীয়ে অভিনন্দন জনায়।
শ্রী মোদীয়ে কয়, তেজস এক্সপ্রেছ দেশৰ অত্যাধুনিক ৰে’লসমূহৰ ভিতৰত অন্যতম আৰু ‘মেক ইন ইণ্ডিয়া’ৰ এক অসাধাৰণ উদাহৰণ। তেওঁ লগতে কয়, ১৯৬৪ চনৰ বিপর্যয়ত ৰামেশ্বৰম আৰু ধনুষকোডিৰ ৰেললাইনটো যথেষ্ট ক্ষতিগ্রস্থ হৈছিল, অথচ বিগত ৫০ বছৰে এই ৰেললাইনটোৰ মেৰামতিৰ ওপৰত কোনো নজৰেই দিয়া নহ’ল।
প্রধানমন্ত্রীয়ে এই সভাতেই কয়, প্রধানমন্ত্রী কিষান সন্মান নিধিৰ অংশ হিচাপে ১.১ কোটিতকৈও অধিক কৃষকে তেওঁলোকৰ বেংক একাউন্টত প্রথম কিস্তিৰ ধন ইতিমধ্যেই লাভ কৰিছে। তেওঁ লগতে কয় যে এই প্রকল্পটো আৰম্ভ কৰা হৈছিল বিগত ১ ফেব্ৰুৱাৰীত। দিনে ৰাতিয়ে কাম কৰি মাত্ৰ ২৪ দিনৰ ভিতৰতেই এই প্রকল্পটো আৰম্ভ কৰা হৈছে বুলিও তেওঁ কয়। ১০ বছৰত এই প্রকল্পৰ অধীনত খাটি খোৱা কৃষকসকলে প্রায় ৭.৫ লাখ কোটি টকা লাভ কৰিব।
শ্রী মোদীয়ে আৰু কয়, চৰকাৰৰ ওচৰত জনসাধাৰণৰ প্রত্যাশা হ’ল সততা, বিকাশ, প্রগতি, সুযোগ-সুবিধা আৰু নিৰাপত্তা।
প্রতিৰক্ষা আৰু নিৰাপত্তা সম্পর্কে প্রধানমন্ত্রীয়ে কয় যে ভাৰত বহু বছৰ ধৰি সন্ত্রাসবাদৰ চিকাৰ হৈ আহিছে। এতিয়া পৰিস্থিতি এনেকুৱা যে কোনোপধ্যেই সন্ত্রাসবাদমূলক কার্যকলাপৰ পৰিপ্রেক্ষিতত ভাৰতে নিজক কেতিয়াও অসহায়বোধ নকৰে। তেওঁ কয়, এয়াই নতুন ভাৰত বা ‘নিউ ইণ্ডিয়া’ আৰু এই ভাৰতত সন্ত্রাসবাদীয়ে যি ক্ষতি কৰিছে, সেয়া সূদসহ ওভতাই দিব লাগিব। প্রধানমন্ত্রীয়ে কয়, প্রতিৰক্ষা আৰু জাতীয় নিৰাপত্তাৰ ক্ষেত্রত আমি প্রথমে ভাৰতীয়, কেৱল ভাৰতীয়। তেওঁ দুর্নীতি আঁতৰ কৰিবলৈ কেন্দ্রীয় চৰকাৰে যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়েও দুআষাৰ কয়।
********
AKT/SH/SKS/RD
(ৰিলিজ আই ডি : 1567128)
অতিথি কক্ষ : 100