কেবিনেট

ৰে’ল বিভাগৰ গ্ৰুপ ‘এ’ পৰ্যায়ৰ ছাৰ্ভিছৰ ৮টা সংগঠিত গোটৰ কেডাৰ পৰ্যালোচনাত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 19 FEB 2019 8:52PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ইণ্ডিয়ান ৰেলৱে একাউণ্টছ ছাৰ্ভিচ (আইআৰএএছ), ইণ্ডিয়ান ৰেলৱে পাৰ্ছনেল ছাৰ্ভিচ (আইআৰএএছ), ইণ্ডিয়ান ৰেলৱে ট্ৰেফিক ছাৰ্ভিচ (আইআৰটিএছ), ইণ্ডিয়ান ৰেলৱে ছাৰ্ভিচ অফ ইঞ্জিনিয়াৰ্ছ (আইআৰএছই), ইণ্ডিয়ান ৰেলৱে ছাৰ্ভিচ অফ ইলেক্ট্রিকেল ইঞ্জিনিয়াৰ্ছ (আইআৰএছইই), ইণ্ডিয়ান ৰেলৱে ছাৰ্ভিচ অফ মেকানিকেল ইঞ্জিনিয়াৰ্ছ (আইআৰএছএমই), ইণ্ডিয়ান ৰেলৱে ষ্টোৰ্ছ ছাৰ্ভিচ (আইআৰএছএছ), ইণ্ডিয়ান ৰেলৱে ছাৰ্ভিচ অফ ছিগনেল ইঞ্জিনিয়াৰ্ছ (আইআৰএছএছই)ৰে ধৰি ৮টা সংগঠিত গ্রুপপৰ্যায়ৰ ছাৰ্ভিচ কেডাৰ পর্যালোচনাৰ প্ৰস্তাৱ অনুমোদন জনাইছে৷

তদুপৰি, আইআৰপিএছ কেডাৰৰ এটি পদ (সদস্যকর্মী), মহানির্দেশক (ছিগনেল আৰু টেলিকম), মহানির্দেশক (ষ্টোৰ্ছ), মহানির্দেশক (নিৰাপত্তা) পদসমূহৰ নাম সলনি কৰাৰ সিদ্ধান্ততো কেবিনেটে অনুমোদন জনাইছে।

২০১২চনৰ পৰা কেডাৰ পর্যালোচনাৰ কাম বাদ পৰি আছিল আৰু এই পর্যালোচনাৰ ফলত সংশ্লিষ্ট ছাৰ্ভিচসমূহৰ ৯০০গৰাকী বিষয়া উপকৃত ব৷

*****

AKT/SH/DB


(रिलीज़ आईडी: 1565488) आगंतुक पटल : 88
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , Bengali , Gujarati , Tamil , Kannada