প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


বিহাৰত ৩৩,০০০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে ক’লে পূব ভাৰত আৰু বিহাৰৰ উন্নয়ন আৰু অগ্ৰাধিকাৰত গুৰুত্ব দিয়া হৈছে

১৩,৩৬৫ কোটি টকা ব্যয়সাপেক্ষ পাটনা মেট্ৰ’ ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

পাটনা চহৰ গেছ বিতৰণ প্ৰকল্পৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, বাৰাউনী শোধনাগাৰৰ সম্প্ৰসাৰণৰ কাম শুভাৰম্ভ

চাপ্ৰা আৰু পূৰ্ণিয়াত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 17 FEB 2019 3:36PM by PIB Guwahati

বিহাৰৰ আন্তঃগাঁথনি, যোগাযোগ, শক্তি নিৰাপত্তা আৰু স্বাস্থ্যখণ্ডৰ বিকাশৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাউনীত প্রায় ৩৩,০০০ কোটি টকা মূল্যৰ একাধিক প্ৰকল্পৰ শুভাৰম্ভ কৰে৷ বিহাৰৰ ৰাজ্যপাল লালজি টেণ্ডন, মুখ্যমন্ত্রী নীতিশ কুমাৰ, উপ-মুখ্যমন্ত্রী সুশীল মোদী আৰু কেন্দ্রীয় খাদ্য আৰু উপভোক্তা পৰিক্ৰমা মন্ত্রী ৰামবিলাস পাছোৱানকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে৷ প্ৰকল্পসমূহ উদ্বোধনৰ পাছত প্ৰধানমন্ত্রীয়ে এখনি জনসভাত ভাষণ আগবঢ়ায়৷

প্ৰধানমন্ত্রীয়ে বুটাম টিপি ডিজিটেল পদ্ধতিৰে পাটনা মেট্র ৰে প্ৰকল্প আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ নির্মাণ ব্যয় ১৩,৩৬৫ কোটি টকা৷ এই প্ৰকল্পৰ দুটা কৰিড থাকিব৷ প্ৰথমটো দানাপুৰৰৰ পৰা মিঠাপুৰ আৰু আনটো পাটনা ৰেলষ্টেচনৰ পৰা নতুন আইএছবিটিলৈকে৷ দুয়োটা প্ৰকল্পৰ কাম অহা পাঁচ বছৰৰ ভিতৰত সম্পূর্ণ ব৷ এই প্ৰকল্প বাস্তবায়িত লে, পাটনা আৰু ইয়াৰ সমীপৱৰ্তী এলেকাৰ জনসাধাৰণ বিশেষভাৱে উপকৃত ব৷

প্ৰধানমন্ত্রীয়ে একেটা অনুষ্ঠানতে জগদীশপুৰ-বাৰাণসী প্রাকৃতিক গেছ পাইপলাইন অন্তর্গত ফুলপুৰৰ পৰা পাটনা পর্যন্ত অংশৰো উদ্বোধন কৰে৷ এই উফলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্রীয়ে কয় যে ২০১৫ চনৰ জুলাই মাহত তেঁৱেই এই প্ৰকল্পৰ শুভাৰম্ভ কৰিছিল৷ তেওঁ লগতে কয় এইটো হৈছে এনে প্ৰকল্প যাৰ আধাৰশিলা তেওঁ কৰিছিল আৰু উদ্বোধনো তেঁৱেই কৰিছে৷ তেওঁ কয়, এই প্ৰকল্পৰ ফলত পাটনাৰ বিভিন্ন এলেকাত গেছৰ যোগানৰ সমান্তৰালভাৱে বাৰাউনী সাৰ কাৰখানা আৰু স্থানীয় অন্যান্য কাৰখানাত গেছৰ যোগান ধৰাটো সুনিশ্চিত ব৷গেছভিত্তিক এই প্ৰকল্পৰ ফলত অঞ্চলটোৰ লোকসকলৰ কর্মসংস্থাপনৰ সুযোগ বৃদ্ধি হ বুলিও তেওঁ উল্লেখ কৰে৷

এই অঞ্চলৰ ওপৰত অগ্রাধিকাৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, “পূব ভাৰত আৰু বিহাৰৰ সৰ্বাংগীন উন্নয়নৰ বিষয়টো সুনিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ।প্ৰধানমন্ত্রী উর্জা গঙ্গা প্ৰকল্পৰ অধীনত বাৰাণসী, ভুৱনেশ্বৰ, কটক, পাটনা, ৰাঁচী আৰু জামছেদপুৰক গেছ পাইপলাইনৰ জৰিয়তে সংযোগ কৰা হৈছে৷ পাটনাত প্ৰধানমন্ত্রীয়ে পাটনা চহৰ গেছ বিতৰণ প্ৰকল্পৰো শুভাৰম্ভ কৰে৷ ইয়াৰ জৰিয়তে পাটনা চহৰ আৰু সমীপৱৰ্তী এলেকাত গেছৰ যোগান ধৰা ব৷

এই প্ৰকল্পসমূহৰ জৰিয়তে বিশেষকৈ, পাটনা আৰু ইয়াৰ সমীপৱৰ্তী এলেকাত শক্তিৰ যোগান সুনিশ্চিত ব৷

দৰিদ্ৰ লোকসকলৰ জীৱনযাত্রাৰ মান উন্নয়নৰ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, এনডিএ চৰকাৰৰ দ্বিমুখী উন্নয়নমূলক আঁচনিৰ ভিতৰত আন্তঃগাঁথনি উন্নয়ন আৰু সমাজৰ প্রান্তীয় লোকসকলৰ জীৱনযাত্রাৰ মান উন্নয়ন অন্যতম, যিসকলে বিগত ৭০ বছৰ ধৰি ন্যূনতম সা-সুবিধাৰ বাবে যুঁজ কৰি আহিছে৷

বিহাৰত স্বাস্থ্য সেৱা ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰি প্ৰধানমন্ত্রীয়ে কয় যে ৰাজ্যখনত স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ ক্ষেত্রত আজি দিনটো ঐতিহাসিক  দিন হিচাপে পৰিগণিত হব৷ চাপ্ৰা আৰু পুর্নিয়াত নতুন চিকিৎসা মহাবিদ্যালয় গঢ়ি তোলা ব৷ গয়া আৰু ভগলপুৰৰ চিকিৎসা মহাবিদ্যালয়সমূহো আৰু অধিক উন্নীত কৰা ব৷ তেওঁ লগতে কয় যে পাটনাত এইম্ স্থাপন কৰা হৈছে। মানুহৰ চাহিদা পূৰণৰ বাবে ৰাজ্যখনত আৰু এখন এইম্ স্থাপন কৰা ব৷

প্ৰধানমন্ত্রীয়ে পাটনাত নদী বিকাশ প্ৰকল্পৰ প্ৰথম পর্যায়ৰ কাম উদ্বোধন কৰে৷ তেওঁ ৯৬.৫৪ কিলোমিটাৰ দীর্ঘ কৰমালিচক নিষ্কাষণ ব্যৱস্থাৰো আধাৰশিলা স্থাপন কৰে৷ এই নিষ্কাষণ ব্যৱস্থাৰ অধীনত বাঢ়, ছুলতানগঞ্জ আৰু নওগাছিয়াত প্ৰকল্পৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে৷ বিহাৰৰ বিভিন্ন স্থানত ২২টা আমৰুট প্ৰকল্পৰো  আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে৷

পুলৱামা ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ পৰিপ্রেক্ষিতত দেশজুৰি শোক, দুঃখ আৰু ক্রোধৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, আপোনালোকৰ ভিতৰত যি জুই জ্বলিছে, সেই জুই মইও অনুভৱ কৰিছো৷ পুলৱামাৰ বিস্ফোৰণত শ্বহীদ  হোৱা বিহাৰৰ পাটনাৰ কনিষ্টবল সঞ্জয় কুমাৰ সিনহা আৰু ভগলপুৰৰ শ্বহীদ ৰতন কুমাৰ ঠাকুৰৰ প্ৰতি প্ৰধানমন্ত্রী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

প্ৰধানমন্ত্রীয়ে মিলিয়ন মেট্ৰিক টন ক্ষমতাসম্পন্ন বাৰাউনী শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে৷ তদুপৰি, দুর্গাপুৰৰ পৰা মুজফ্ফৰপুৰ আৰু পাটনালৈকে পাৰাদ্বীপ-হলদিয়া-দুর্গাপুৰ এলপিজি পাইপলাইন সম্প্ৰসাৰণ প্ৰকল্পৰো তেওঁ আধাৰশিলা স্থাপন কৰে৷ বাৰাউনী শোধনাগাৰেৰ এটিএফ পানীশোধন প্ৰকল্পৰো আধাৰশিলা কৰে প্ৰধানমন্ত্ৰীয়ে৷ এই সকলো প্ৰকল্প বাস্তবায়িত লে পাটনাকে ধৰি সমগ্ৰ এলেকাত ইন্ধনৰ চাহিদা পূৰণ কৰাটো সম্ভৱ ব৷

প্ৰধানমন্ত্রীয়ে বাৰাউনীৰ এমনিয়া-ইউৰিয়া সাৰ কমপ্লেক্সৰো আধাৰশিলা স্থাপন কৰে৷ এই প্ৰকল্পৰ দ্বাৰা বিহাৰত সাৰৰ উৎপাদন বৃদ্ধি পাব৷

প্ৰধানমন্ত্রীয়ে বাৰাউনী-কুমেদপুৰ, মুজফ্ফৰপুৰ-ৰক্সৌল, ফাতুহা-ইছলামপুৰ, বিহাৰ ছৰীফ-দানিয়াৱান ৰেললাইনৰ বিদ্যুতীকৰণ প্ৰকল্পৰো শুভাৰম্ভ কৰে৷ অনুষ্ঠানত ৰাঁচী-পাটনা বাতানুকূল সাপ্তাহিক এক্সপ্রেছ ৰেলখনৰো শুভাৰম্ভ কৰে৷

বাৰাউনীৰ পাছত প্ৰধানমন্ত্রীয়ে ঝাড়খণ্ড অভিমুখে ৰাওনা হয়৷ তাত তেওঁ হাজাৰিবাগ আৰু ৰাঁচী ভ্ৰমণ কৰিব৷ প্ৰধানমন্ত্ৰী মোদীয়ে হাজাৰিবাগ, ডুমকা আৰু পালামুত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব৷  তেওঁ লগতে অন্যান্য একাধিক প্ৰকল্পৰো শুভাৰম্ভ কৰিব৷

*****.

AKT/ VJ/DB


(रिलीज़ आईडी: 1565176) आगंतुक पटल : 62
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Gujarati , Tamil , Kannada