শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

১৫ ফেব্ৰুৱাৰীৰ পৰা প্ৰণয়ন হ’ব প্ৰধানমন্ত্ৰী শ্ৰম যোগী মান-ধন (পিএম-এছৱাইএম) যোজনা

Posted On: 14 FEB 2019 4:23PM by PIB Guwahati

শ্ৰম আৰু নিয়োজন মন্ত্ৰালয়ৰ অধীনত ১৫ ফেব্ৰুৱাৰী ২০১৯ তাৰিখৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰম যোগী মান-ধন (পিএম-এছৱাইএম) যোজনা প্ৰণয়ন হব৷ এই যোজনাৰ বিষয়ে শেহতীয়া অন্তৰ্ৱতীকালীন বাজেটত ঘোষণা কৰা হৈছে৷ উল্লেখ্য, দেশৰ অসংগঠিত খণ্ডত ৪২ কোটিতকৈও অধিক শ্ৰমিক নিয়োজিত হৈ আছে বুলি ধাৰণা কৰা হৈছে৷

        এই অসংগঠিত খণ্ডৰ কৰ্মীসকল যিসকলে ঘাইকৈ ঘৰুৱা কৰ্মী, পথত বহা দোকান, মধ্যাহ্ন ভোজন, ইটাৰ কাম, মুচী, লেপ-কম্বল চিলোৱা, ধোৱা, ৰিক্সা, ভূমিবিহীন শ্ৰমিক, কৃষি কৰ্ম, নিৰ্মাণ কৰ্ম, বিড়ি নিৰ্মাণ কৰ্ম, হস্ততাঁত কৰ্ম, চামৰাৰ কৰ্ম, শ্ৰব্য আৰু দৃষ্টি কৰ্ম আদিৰ সৈতে জড়িত, যাৰ মাহিলী উপাৰ্জন ১৫,০০০ টকা বা তাতোকৈ কম আৰু ১৮-৪০ বয়স গোটৰ, তেওঁলোকেই এই আঁচনিৰ বাবে হিতাধিকাৰী হোৱাৰ যোগ্য৷ তেওঁলোক কোনো নতুন পেঞ্চন আঁচনি (এনপিএছ), কৰ্মচাৰী ৰাজ্যিক বীমা নিগম (ইএছআইচি)আঁচনি অথবা কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা (ইপিএফঅ’)ৰ অধীনত অন্তৰ্ভুক্ত হব নোৱাৰিব৷ তাৰোপৰি তেওঁলোক আয়কৰ দাতাও হব নোৱাৰিব৷

পিএম-এছৱাইএমৰ উল্লেখযোগ্য বৈশিষ্টসমূহ হলঃ

  • ন্যূনতম নিশ্চিত পেঞ্চনঃ পিএম-এছৱাইএমৰ প্ৰতিজন হিতাধিকাৰীয়ে ৬০ বছৰ বয়স প্ৰাপ্ত হোৱাৰ পিছত প্ৰতি মাহে ৩,০০০ টকাকৈ ন্যূনতম নিশ্চিত পেঞ্চন লাভ কৰিব৷
  • পৰিয়াল পেঞ্চনঃ পেঞ্চন লাভ কৰি থকাৰ মুহূৰ্তত যদি হিতাধিকাৰীজনৰ মৃত্যু হয় তেন্তে তেওঁৰ স্বামী বা পত্নীয়ে ৫০% পেঞ্চনৰ ৰাশি লাভ কৰিব৷ পৰিয়াল পেঞ্চন কেৱল স্বামী বা পত্নীৰ বাবেহে উপলব্ধ৷ যদি হিতাধিকাৰীয়ে নিয়মীয়াকৈ ৰাশি জমা কৰি থকাৰ পিছত ৬০ বছৰ নৌহওতেই  মৃত্যুমুখত পৰে তেন্তে তেওঁৰ স্বামী/পত্নীয়ে এই আঁচনিত ৰাশি জমা কৰাৰ যোগ্যতা লাভ কৰিব আৰু ঠিক সেইদৰে নিয়ম অনুসাৰে এই আঁচনিৰ পৰা প্ৰস্থানো কৰিব পাৰিব৷

হিতাধিকাৰীয়ে জমা কৰা ৰাশিঃ পিএম-এছৱাইএমত হিতাধিকাৰীৰ নিজৰ সঞ্চয় একাউণ্টৰ পৰা স্বয়ংক্ৰিয় জমাহিচাপে ৰাশি কৰ্তন হব৷ হিতাধিকাৰীয়ে ৬০ বছৰ নোহোৱালৈকে পিএম-এছৱাইএমত নিৰ্ধাৰিত ৰাশি জমা কৰিব লাগিব৷

কেন্দ্ৰীয় চৰকাৰৰ সৈতে সামঞ্জস্য ৰাশিঃ পিএম-এছৱাইএম হল এক স্বেচ্ছামূলক তথা অংশগ্ৰহণকাৰী ৫০:৫০ পেঞ্চন আঁচনি যত হিতাধিকাৰীয়ে জমা কৰা ৰাশিৰ সম পৰিমাণ ৰাশি কেন্দ্ৰীয় চৰকাৰেও জমা কৰিব৷ উদাহৰণস্বৰূপে, যদি এজন ব্যক্তিয়ে ২৯ বছৰ বয়সত এই আঁচনিক অংশীদাৰ  হবলৈ বিচাৰে তেন্তে তেওঁ প্ৰতি মাহে ৬০ বছৰ বয়সলৈ ১০০ টকাকৈ জমা কৰিব লাগিব৷ ঠিক সেইদৰে কেন্দ্ৰীয় চৰকাৰেও সেই সম পৰিমাণৰ ৰাশি অৰ্থাৎ ১০০ টকাকৈ তেওঁৰ হৈ জমা কৰি যাব৷

পিএম-এছৱাইএমৰ অধীনত পঞ্জীকৃত হোৱাৰ প্ৰক্ৰিয়াঃ

হিতাধিকাৰীৰ এটা মবাইল ফোন, সঞ্চয় একাউণ্ট আৰু আধাৰ নম্বৰ থাকিব লাগিব৷ যোগ্য হিতাধিকাৰীয়ে নিকটৱৰ্তী চিএছচিলৈ গৈ আধাৰ নম্বৰ তথা সঞ্চয় একাউণ্ট/জন-ধন একাউণ্ট নম্বৰ ব্যৱহাৰ কৰি স্ব-স্বীকৃতকৰণভিত্তিত পঞ্জীকৃত কৰিব পাৰিব৷ পিছলৈ হিতাধিকাৰীসকলে পিএম-এছৱাইএম ৱেব পৰ্টেলত অথবা মবাইল এপৰ জৰিয়তেও আধাৰ নম্বৰ/সঞ্চয় বেংক একাউণ্ট/জন-ধন একাউণ্ট নম্বৰ ব্যৱহাৰ কৰি স্ব-পঞ্জীকৃত হোৱাৰ সুবিধা প্ৰদান কৰা হব৷

পঞ্জীয়ন সংস্থাসমূহঃ এই পঞ্জীয়ন দেশৰ কমিউনিটী ছাৰ্ভিচ চেণ্টাৰ (চিএছচি)সমূহৰ দ্বাৰা প্ৰণয়ন কৰা হব৷ অসংগঠিত খণ্ডৰ কৰ্মীসকলে নিকটৱৰ্তী নিকটৱৰ্তী চিএছচিলৈ গৈ আধাৰ নম্বৰ তথা সঞ্চয় একাউণ্ট/জন-ধন একাউণ্ট নম্বৰ ব্যৱহাৰ কৰি স্ব-স্বীকৃতকৰণভিত্তিত পঞ্জীকৃত কৰিব পাৰিব৷ প্ৰথম মাহৰ অৰিহণা নগদ ধনেৰে প্ৰদান কৰিব লাগিব যাৰ বাবে হিতাধিকাৰীয়ে ৰচিদ লাভ কৰিব৷

সুবিধা প্ৰদান কেন্দ্ৰঃ এলআইচি, ইএছআইচি/ইপিএফঅকাৰ্যালয়ৰ সকলো শাখা, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো শ্ৰম বিভাগৰ কাৰ্যালয়ত অসংগঠিত কৰ্মীসকলক এই আঁচনিৰ বিষয়ে তথা ইয়াৰ লাভ, পঞ্জীয়ন প্ৰক্ৰিয়া আৰু কেন্দ্ৰসমূহৰ বিষয়ে অৱগত কৰা হব৷

পুঁজি ব্যৱস্থাপনাঃ পিএম-এছৱাইএম হল এক কেন্দ্ৰীয় আঁচনি যি শ্ৰম আৰু নিয়োজন মন্ত্ৰ্যালয়ৰ তত্বাৱধানত প্ৰণয়ন হব আৰু ইয়াক জীৱন বীমা নিগম আৰু চিএছচিসমূহৰ দ্বাৰা কাৰ্যকৰী কৰা হব৷ এলআইচিয়ে এইক্ষেত্ৰত পেঞ্চন পুঁজি ব্যৱস্থাপকৰ ভূমিকাত পেঞ্চনৰ দায়িত্ব গ্ৰহণ কৰিব৷ পিএম-এছৱাইএমৰ অধীনত সংগৃহীত ধনৰাশি ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰা বিভিন্ন বিনিয়োগ শৈলীৰ জৰিয়তে বিনিয়োগ কৰা হব৷

প্ৰৱেশ আৰু প্ৰস্থানঃ এই খণ্ডৰ কৰ্মচাৰীসকলৰ নিয়োজনৰ কঠিনতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্থানৰ ব্যৱস্থা শিথীল কৰা হৈছে৷

ধন জমাত অক্ষমতাঃ যদি হিতাধিকাৰীয়ে নিৰৱচ্ছিন্নভাৱে ধনৰাশি জমা কৰাত অক্ষমতা প্ৰকাশ কৰে তেন্তে তেওঁ পিছত পুনৰাই বাকী ৰৈ যোৱা ৰাশি আৰু চৰকাৰে নিৰ্ধাৰণ কৰা সামান্য জৰিমণাৰে সৈতে ইয়াক পুনৰ নিয়মীয়া কৰিব পাৰিব৷

পেঞ্চন প্ৰদানঃ ১৮-৪০ বছৰ বয়সৰ ভিতৰত এজন হিতাধিকাৰীয়ে এই আঁচনিত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ ইয়াক ৬০ বছৰ বয়সলৈ ধন ৰাশি জমা কৰিব লাগিব৷ ৬০ বছৰ বয়স প্ৰাপ্ত হোৱাৰ পিছত হিতাধিকাৰীয়ে পৰিয়াল পেঞ্চনৰ সুবিধাৰ সৈতে মাহিলী ন্যূনতম ৩,০০০ টকাকৈ পেঞ্চন লাভ কৰিব৷

এই আঁচনি সন্দৰ্ভত কোনো কৌতুহলৰ উদ্ৰেক হলে জেএছ আৰু ডিজিএলডব্লিউয়ে প্ৰদান কৰা স্পষ্টীকৰণকেই চুড়ান্ত বুলি গণ্য কৰা হব৷



(Release ID: 1564915) Visitor Counter : 433