প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


সংসদত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীজীৰ প’ট্ৰেইট মুকলি কৰি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অটলজী আছিল জনতাৰ ধ্বনি, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়

Posted On: 12 FEB 2019 12:45PM by PIB Guwahati

আজি সংসদৰ চেণ্ট্ৰেল হলত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোৱিন্দে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ এখন পৰ্ট্ৰেইট মুকলি কৰে৷

এই অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডু, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ শ্ৰীমতী সুমিত্ৰা মহাজন আৰু বিভিন্ন প্ৰতিনিধিও উপস্থিত আছিল৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অটল বিহাৰী বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে অটলজীয়ে সদায়েই সংসদৰ চেণ্ট্ৰেল হলত থাকি আমাক উৎসাহিত তথা আশীৰ্বাদ প্ৰদান কৰিব৷ অটলজীৰ ব্যক্তিত্ব আৰু মানৱীয় দিশক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অটলজীৰ গুণসমূহৰ কথা কবলৈ গলে ঘণ্টাৰ পিছত ঘণ্টা সময়ৰ প্ৰয়োজন হব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে অটল বিহাৰী বাজপেয়ীজীয়ে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ অধিকাংশ সময়েই বিৰোধীৰ ভূমিকাত নিৰ্বাহ কৰিছিল যদিও ৰাজহুৱা স্বাৰ্থজড়িত বিষয়সমূহত সদায়েই মাত মাতিছিল আৰু কেতিয়াও আদৰ্শৰ পৰা বিচ্যুত হোৱা নাছিল৷

অটলজীৰ যোগাযোগ দক্ষতাক অসমান্তৰাল বুলি আখ্যা দি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ উচ্চ ৰসিকতাবোধকো প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বাজপেয়ীজীৰ নীৰৱতা তেওঁৰ ভাষণৰ সমানেই শক্তিশালী আছিল৷ ‘‘কেতিয়া কথা কব লাগে আৰু কেতিয়া নীৰৱ হব লাগে সেয়াই আছিল তেওঁৰ এক আকৰ্ষণীয় গুণ’’, তেওঁ এইদৰে কয়৷

অটল বিহাৰী বাজপেয়ীজীৰ আখ্যানৰ বিষয়ে মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমি তেওঁৰ পৰা এক গুৰুত্বপূৰ্ণ বাৰ্তা পাব পাৰো যে গণতন্ত্ৰত ৰাজনৈতিক প্ৰতিদ্বন্ধীৰ বাহিৰে অন্য কোনো শত্ৰু নাই৷

*****

AKT/AK/KP/MANN



(Release ID: 1564414) Visitor Counter : 60