প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


তামিলনাডুৰ তিৰুপুৰ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

ইএছআইচি মাল্টি স্পেচিয়েলীটি হস্পিতালৰ আধাৰশিলা স্থাপন

চেন্নাই মেট্ৰ’ৰ ৪৫ কিলোমিটাৰজোৰা প্ৰথম পৰ্যায় মুকলি

বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰীৰ

Posted On: 10 FEB 2019 4:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ তিৰুপুৰ ভ্ৰমণ কৰে আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷

প্ৰধানমন্ত্ৰীয়ে তিৰুপুৰৰ পেৰুমানালুৰ গাঁওৰ পৰা কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷

তেওঁ তিৰুপুৰত ইএছআইচি মাল্টি স্পেচিয়েলীটি হস্পিতালৰ আধাৰশিলা স্থাপন কৰে৷ এই অত্যাধুনিক ১০০ বিছনাযুক্ত চিকিৎসালয়ে তিৰুপুৰ আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলৰ প্ৰায় এক লাখ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ চিকিৎসা প্ৰয়োজনীয়তা পূৰণ কৰিব৷ ইয়াৰ পূৰ্বে, এই লোকসকলক চহৰখনত থকা দুখন ইএছআইচি ডিছপেনচাৰীত চিকিৎসাসেৱা আগবঢ়োৱা হৈছিল৷ উন্নত চিকিৎসাৰ বাবে তেঁওলোকে প্ৰায় ৫০ কিলোমিটাৰ নিলগত অৱস্থিত কইম্বাটোৰ ইএছআইচি মেডিকেল কলেজলৈ যাবলগীয়া হৈছিল৷

প্ৰধানমন্ত্ৰীয়ে চেন্নাইৰ ইএছআইচি হস্পিতালো উদ্বোধন কৰে৷ ৪৭০ বিচনাযুক্ত অত্যাধুনিক চিকিৎসালয়খনে সকলো বিভাগৰ ৰোগৰ উন্নত চিকিৎসাসেৱা আগবঢ়াব৷

প্ৰধানমন্ত্ৰীয়ে চেন্নাই বিমানবন্দৰৰ অধুনিকীকৰণ প্ৰক্ৰিয়াৰো আধাৰশিলা স্থাপন কৰে৷ ট্ৰিচীত স্থাপন হোৱা নতুন টাৰ্মিনেল বিল্ডিঙৰ বাবে বিমানবন্দৰটোৱে এতিয়া বছৰি ৩.৬৩ মিলিয়ন যাত্ৰী আৰু নিয়মীয়া ব্যস্ততাপূৰ্ণ সময়ছোৱাত প্ৰায় ২,৯০০ যাত্ৰীক আদৰিব পাৰিব৷ চেন্নাই বিমানবন্দৰক ই-গেট, বায়োমেট্ৰিক যাত্ৰী চিনাক্তকৰণ পদ্ধতি, বিভিন্ন আন সা-সুবিধাৰে আধুনিকীকৰণ কৰা হ’ব৷

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডৰ ইন্ন’ৰ ক’ষ্টেল টাৰ্মিনেল ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে৷ এই টাৰ্মিনেলৰ বাবে সামগ্ৰীসমূহ কোচীৰ উপকূলেৰে প্ৰেৰণ কৰিব পৰা হ’ব৷ ফলস্বৰূপে পৰিবহণ ব্যয় হ্ৰাস হ’ব৷

প্ৰধানমন্ত্ৰী মোদীয়ে চেন্নাই বন্দৰৰ পৰা চেন্নাই পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডৰ মানালী শোধনাগাৰলৈ নতুন খাৰুৱা তেলৰ পাইপলাইন মুকলি কৰে৷ সুৰক্ষাৰ ফালৰ পৰা অধিক শক্তিশালী এই পাইপলাইনে খাৰুৱা তেলৰ নিৰাপদ আৰু বিশ্বাসযোগ্য যোগান নিশ্চিত কৰিব আৰু তামিলনাডু তথা ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহৰ ৰাইজৰ প্ৰয়োজনীয়তা পূৰণ কৰিব৷

চেন্নাই মেট্ৰ’ৰ ৪৫ কিলোমিটাৰজোৰা প্ৰথম পৰ্যায়ো প্ৰধানমন্ত্ৰীয়ে মুকলি কৰে৷ ইয়াৰ পাছতে তেওঁ ভ্ৰমণৰ অন্তিম কাৰ্যসূচীৰ বাবে হুবলীলৈ ৰাওনা হয়৷

*****

AKT/AK/MS



(Release ID: 1564000) Visitor Counter : 85