কেবিনেট

পৰম্পৰাগত ঔষধ আৰু হোমিঅ’পেথিৰ খণ্ডত ভাৰত আৰু ব্ৰাজিলৰ সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন

Posted On: 06 FEB 2019 9:52PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ব্ৰাজিলৰ মাজত পৰম্পৰাগত ঔষধ আৰু হোমিঅপেথিৰ খণ্ডত সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন প্ৰদান কৰিছে৷

লাভঃ

এই বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা ভাৰত আৰু ব্ৰাজিলৰ মাজত পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰিব৷ ইয়াৰ জৰিয়তে দুয়োখন দেশৰ প্ৰাচীন ঐতিহ্যৰো বিনিময় হব৷

পৃষ্ঠভূমিঃ

ভাৰত বিভিন্ন পৰম্পৰাগত ঔষধ তথা ঔষধি উদ্ভিদেৰে সমৃদ্ধ যিয়ে স্বাস্থ্যখণ্ডত বিশ্বজনীনভাৱে সুনাম পাবলৈ সক্ষম হৈছে৷ তাৰোপৰি ভাৰত আৰু ব্ৰাজিলৰ মাজত ব্ৰিকছ, বেছিকছ, জি-২০, জি-, বিএছএ আদিৰ জৰিয়তে বহুমুখী সম্পৰ্ক থকা স্বত্বেও ৰাষ্ট্ৰসংঘ, ডব্লিউটিঅ’, ইউনেস্কআৰু হুৰ জৰিয়তেও দুয়োখন দেশে বিভিন্ন খণ্ডত সহযোগিতা প্ৰকাশ কৰিছে৷ ভাৰতৰ সৈতে ব্ৰাজিলৰ উল্লেখযোগ্য বাণিজ্যিক সম্পৰ্ক আছে৷

******

AKT/SNC/SH/MANN



(Release ID: 1563498) Visitor Counter : 97