কেবিনেট

ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তি প্ৰতিষ্ঠান, উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান বিধেয়ক, ২০১৯ সংসদত উত্থাপনৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

হাৰিয়ানাৰ কুণ্ডলিৰ এনআইএফটিইএম আৰু তামিলনাডুৰ থাঞ্জাভূৰৰ আইআইএফপিটিক ‘ৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন প্ৰতিষ্ঠান’ৰ মৰ্যাদা

পোষ্ট কৰা হৈছে: 06 FEB 2019 9:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তি প্ৰতিষ্ঠান, উদ্যমিতা আৰু ব্যৱস্থাপনা বিধেয়ক, ২০১৯ সংসদত উত্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷

 

এই বিধেয়কখনিৰ উদ্দেশ্য হৈছে হাৰিয়ানাৰ কুণ্ডলিৰ ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তি প্ৰতিষ্ঠান, উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান (এনআইএফটিইএম) আৰু তামিলনাডুৰ থাঞ্জাভূৰৰ ভাৰতীয় খাদ্য প্ৰস্তুতকৰণ প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইএফপিটি)ক ‘ৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন প্ৰতিষ্ঠান’ৰ মৰ্যাদা প্ৰদান কৰা৷

 

লাভালাভঃ

এই বিধেয়কে প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ সুবিধাজনক পাঠ্যক্ৰম প্ৰস্তুত কৰা, গৱেষণামূলক কাম-কাজ তথা শৈক্ষিক দিশত উন্নতি কৰিব পৰাকৈ স্বতন্ত্ৰতা প্ৰদান কৰিব, যাতে তেওঁলোকে বিশ্বমানৰ প্ৰতিষ্ঠান হিচাপে নিজকে গঢ়ি তুলিব পাৰে৷ এই প্ৰতিষ্ঠানত চৰকাৰৰ সংৰক্ষণ নীতি কাৰ্যকৰী কৰাৰ লগতে অংশীদাৰসকলৰ লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ কাম-কাজো হাতত ল’ব৷ ইয়াৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে অভিনৱ কাম-কাজ হাতত লৈ বিশ্বমানৰ শিক্ষা আৰু গৱেষণাৰ সুবিধা প্ৰদান কৰিবলৈ সক্ষম হ’ব৷

******

AKT/SNC/SH/DB


(ৰিলিজ আই ডি : 1563234) অতিথি কক্ষ : 155
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , Gujarati , Tamil , Kannada , Malayalam