বিত্ত মন্ত্ৰালয়

অন্তৰ্ৱৰ্তীকালীন বাজেট ২০১৯-২০ৰ প্ৰধান আলোকপাতসমূহ

Posted On: 01 FEB 2019 1:49PM by PIB Guwahati

বিত্ত, ঔ্যদোগিক পৰিক্ৰমা, ৰেলৱে আৰু কয়লাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীযুষ গোৱেলে আজি সংসদত উত্থাপন কৰা ২০১৯-২০ বৰ্ষৰ অন্তিম বাজেটৰ প্ৰধান আলোকপাতসমূহ তলত উল্লেখ কৰা লঃ

 

নতুন ঘোষণাসমূহ

  1. কৃষকসকল
  • প্ৰধানমন্ত্ৰী-কিষাণ আঁচনিৰ অধীনত ১২ কোটি ক্ষুদ্ৰ আৰু প্ৰান্তঃৱৰ্তী কৃষকক বাৰ্ষিক ৬০০০ টকাৰ নিশ্চিত উপাৰ্জনৰ সুবিধা প্ৰদান কৰা হৈছে৷
  • ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে ৭৫,০০০ কোটি টকা নিৰ্ধাৰণ কৰাৰ লগতে অতিৰিক্তভাৱে ২০,০০০ কোটি আৰ ই ২০১৮-১৯ বিত্তীয় বৰ্ষৰ সৈতে ধাৰ্য কৰা হৈছে৷
  • ৰাষ্ট্ৰীয় গোকুল অভিযানৰ ব্যয় ৭৫০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷
  • গোধনৰ বহনক্ষম জেনেটিক শ্ৰীবৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় কামধেনু আয়োগ স্থাপন কৰা হব৷
  • .৫ কোটি মাছমৰীয়াৰ কল্যাণৰ বাবে ফিচাৰীৰ নতুন পৃথক বিভাগ মুকলি কৰা হব৷
  • পশুধন আৰু ফিচাৰীৰ বাবে কৃষকসকলক ২% সুতৰ সাহায্য প্ৰদান কৰা হ; সময়মতে পৰিশোধ কৰাৰ ক্ষেত্ৰত অতিৰিক্তভাৱে ৩% প্ৰদান কৰা হব৷
  • দুৰ্যোগৰ সময়ত ২% সুতৰ সাহায্য এতিয়া ঋণৰ পুনৰ নিৰ্ধাৰণৰ সমগ্ৰ সময়ৰ বাবে প্ৰদান কৰা হব৷

 

  1. শ্ৰম
  • প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন আঁচনিৰ জৰিয়তে ১০ কোটি অসংগঠিত ক্ষেত্ৰৰ কৰ্মীক মাহিলী নিশ্চিত পেন্সন প্ৰদান কৰা হব৷
  • প্ৰতিমাহে কেৱল ১০০/৫৫ টকা অৰিহণাৰে ৬০ বছৰ বয়সৰ পিছত প্ৰতিমাহে ৩০০০ টকাকৈ পেন্সন লাভ হব৷
  1. স্বাস্থ্য
  • হাৰিয়ানাত ২২তম এইমছ স্থাপন কৰা হব৷

 

 

 

 

 

 

  1. এমজিএনৰেগা
  • ২০১৯-২০ বাজেট বৰ্ষৰ বাবে এমজিএনৰেগাত ৬০,০০০ কোটি টকাৰ আৱণ্টন দিয়া হৈছে

 

  1. প্ৰত্যক্ষ কৰ প্ৰস্তাৱনা
  • ৫ লাখ টকা পৰ্যন্ত উপাৰ্জনক আয়কৰৰ পৰা ৰেহাই দিয়া হৈছে
  • ৩ কোটি মধ্যশ্ৰেণীৰ কৰদাতাক ২৩,০০০ কোটি টকাতকৈ অধিক কৰ ৰেহাই দিয়া হৈছে
  • স্থিৰ কৰ্তন ৪০,০০০ টকাৰ পৰা ৫০,০০০ টকালৈ বৃদ্ধি কৰা হৈছে
  • বেংক/ডাকঘৰৰ জমাৰ পৰা পোৱা সুতত টিডিএছ কৰ্তনৰ সীমা ১০,০০০ টকাৰ পৰা ৪০,০০০ টকালৈ বৃদ্ধি কৰা হৈছে
  • আয়কৰৰ বিদ্যমান হাৰ একেই থাকিব
  • দ্বিতীয় স্ব-অধিকাৰযুক্ত ঘৰৰ পৰা সাংবিধানিক ভাড়াত কৰ ৰেহাই দিয়া হৈছে
  • গৃহ আৰু ৰিয়েল ইষ্টেট খণ্ডৰ উত্তৰণ কৰা হৈছে -
  • ভাড়াত কৰ কৰ্তনৰ টিডিএছ সীমা ১,৮০,০০০ টকাৰ পৰা ২,৪০,০০০ টকালৈ বৃদ্ধি কৰা হৈছে
  • বিনিয়োগৰ পৰা পুঞ্জীগত লাভৰ ৰোল-অভাৰৰ লাভ এটা আৱাসিক গৃহৰ পৰা বৃদ্ধি হৈ দুটা আৱাসিক গৃহলৈ ২ কোটি টকা পৰ্যন্ত পুঞ্জীগত লাভ বৃদ্ধি কৰা হৈছে
  • আয়কৰ আইন অনুচ্ছেদ-৮০ আইবিএৰ অধীনত ব্যয়সাধ্য ঘৰত কৰ ৰেহাই ২০২০ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে
  • সাংবিধানিক ভাড়া, বিক্ৰী নোহোৱা সামগ্ৰীত কৰ ৰেহাইৰ সময়সীমা এবছৰৰ পৰা দুবছৰলৈ বৃদ্ধি কৰা হৈছে

 

  1. বিত্তীয় কাৰ্যসূচী
  • ২০১৯-২০ বৰ্ষৰ বাবে বিত্তীয় ঘাটি জিডিপিৰ ৩.%ত অৱস্থান কৰিছে
  • % এই বিত্তীয় ঘাটি ২০২০-২১ বৰ্ষৰ ভিতৰত লাভ কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে
  • সাত বছৰৰ পূৰ্বৰ ৬%ৰ তুলনাত ২০১৮-১৯ আৰইত বিত্তীয় ঘাটি ৩.%লৈ হ্ৰাস কৰা হৈছে
  • ২০১৯-২০ বিইত ১৩% বৃদ্ধিৰে মুঠ ব্যয় ২৭,৮৪,২০০ কোটি টকা হৈছে
  • ২০১৯-২০ বিইৰ বাবে মুলধনী ব্যয় ৩,৩৬,২৯২ কোটি টকা ধাৰ্য কৰা হৈছে
  • ২০১৯-২০ বিইৰ বাবে কেন্দ্ৰীয় পৃষ্ঠপোষকিত আঁচনি (চিএছএছ)ৰ বাবে আৱণ্টন ৩,২৭,৬৭০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে
  • ৰাষ্ট্ৰীয় শিক্ষা অভিযানৰ আৱণ্টন ২০% বৃদ্ধিৰে বিই ২০১৯-২০ বৰ্ষত ৩৮,৫৭২ কোটি টকা ধাৰ্য কৰা হৈছে
  • বিই ২০১৯-২০ বৰ্ষত সংহত শিশু বিকাশ আঁচনি (আইচিডিএছ)ৰ বাবে আৱণ্টন ১৮% বৃদ্ধি হৈ ২৭,৫৮৪ কোটি টকা ধাৰ্য কৰা হৈছে
  • অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে আৱণ্টনত বহনক্ষম বৃদ্ধি -
  • অনুসূচীত জাতিৰ বাবে আৱণ্টন বিই ২০১৮-১৯ বৰ্ষৰ ৫৬,৬১৯ কোটি টকাৰ পৰা ৩৫.% বৃদ্ধি হৈ বিই ২০১৯-১৯ বৰ্ষৰ বাবে ৭৬,৮০১ কোটি টকা হৈছে
  • অনুসূচীত জনজাতিৰ বাবে বিই ২০১৮-১৯ বৰ্ষৰ ৩৯,১৩৫ কোটি টকাৰ পৰা ২৮% বৃদ্ধি হৈ ৫০,০৮৬ কোটি টকা হৈছে
  • ৮০,০০০ কোটি টকাৰ বিনিয়োগ নোহোৱা লক্ষ্য প্ৰাপ্তিৰ বাবে চৰকাৰ নিশ্চিত
  • বিত্তীয় ঘাটি একত্ৰীকৰণ কাৰ্যক্ৰমৰ সৈতে ঋণ একত্ৰীকৰণত মনোযোগ প্ৰদান কৰা হৈছে

 

  1. দুখীয়া আৰু পিছপৰা শ্ৰেণী
  • দেশৰ সম্পদৰ প্ৰথম অধিকাৰ দুখীয়া শ্ৰেণীয়ে পাব”: বিত্ত মন্ত্ৰী
  • দুখীয়াৰ বাবে ১০% সংৰক্ষণৰ লক্ষ্য প্ৰাপ্তিৰ বাবে শৈক্ষিক প্ৰতিষ্ঠানসমূহত ২৫% অতিৰিক্ত আসন বৃদ্ধি কৰা হৈছে
  • চহৰ আৰু গাঁৱৰ ব্যৱধান হ্ৰাস কৰিবলৈ তথা গ্ৰামীণ জীৱনৰ গুণগতমান বৃদ্ধি কৰিবলৈ ব্যয় নিৰ্ধাৰণ কৰা হৈছে
  • ২০১৯ চনৰ মাৰ্চ মাহৰ ভিতৰত প্ৰতিখন ঘৰলৈ বিদ্যুতৰ যোগান ধৰা হ

 

  1. উত্তৰ পূব
  • ২০১৮-১৯ বিইৰ তুলনাত ২০১৯-২০ বিইৰ বাবে ২১% বৃদ্ধিৰে ৫৮,১৬৬ কোটি টকালৈ আৱণ্টন দিয়া হৈছে
  • অৰুণাচল প্ৰদেশক অতি শীঘ্ৰেই বায়ু মেপত অন্তৰ্ভুক্ত কৰা হ
  • প্ৰথমবাৰলৈ মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত হৈছে
  • ব্ৰহ্মপুত্ৰত উন্নত নেভিগেচন সামৰ্থৰ দ্বাৰা কণ্টেইনাৰ কাৰ্গৰ ব্যৱস্থা কৰা হৈছে

 

  1. অসুৰক্ষিত অংশ
  • বাকী ৰৈ যোৱা অধিসূচীত নোহোৱা অঘৰী আৰু অৰ্ধ-অঘৰী জনজাতি চিনাক্তকৰণৰ বাবে নিটি আয়োগৰ অধীনত এখন নতুন কমিটি গঠন কৰা হৈছে
  • অধিসূচীত নোহোৱা অঘৰী আৰু অৰ্ধ-অঘৰী জনজাতিৰ বিকাশ আৰু কল্যাণৰ বাবে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত নতুন কল্যাণমূলক বিকাশ বৰ্ড স্থাপন কৰা হৈছে

 

  1. প্ৰতিৰক্ষা
  • প্ৰথমবাৰলৈ প্ৰতিৰক্ষা বাজেটত ৩,০০,০০০ কোটি টকা অতিক্ৰম হৈছে

 

  1. ৰেলৱে
  • বাজেটৰ পৰা ২০১৯-২০ (বিই)ত ৬৪,৫৮৭ কোটি টকাৰ মূলধনী সমৰ্থনৰ প্ৰস্তাৱনা প্ৰদান কৰা হৈছে
  • সামূহিক মূলধনী ব্যয় কাৰ্যসূচী ১,৫৮,৬৫৮ কোটি টকাৰ হ
  • কাৰ্যকৰী অনুপাত ২০১৭-১৮ বৰ্ষৰ ৯৮.%ৰ পৰা ২০১৮-১৯ (আৰই) বৰ্ষত ৯৬.% আৰু ২০১৯-১০ (বিই)বৰ্ষত ৯৫% ব বুলি আশা প্ৰকাশ কৰা হৈছে

 

 

  1. মনোৰঞ্জন উদ্যোগ
  • চলচ্চিত্ৰৰ শ্বুটিঙৰ বাবে ভাৰতীয় চিত্ৰ নিৰ্মাতাসকলে একক খিৰিকী নিৰ্গমনৰ সুবিধা লাভ কৰিব
  • স্ব-ঘোষণাৰ ওপৰত অধিক নিৰ্ভৰ কৰাৰ বাবে নিয়ামক ব্যৱস্থা
  • পাইৰেচী ৰোধ কৰাৰ বাবে চিনেমাটগ্ৰাফ আইনত এণ্টি-কেমকৰ্ডিং ব্যৱস্থাৰ মুকলি

 

  1. এমএছএমই ব্যৱসায়ী
  • জিএছটি পঞ্জীকৃত এছএমইৰ বাবে ১ কোটি টকাৰ ঋণত ২% সুতৰ সাহায্য
  • মহিলা মালিকীস্বত্ব এছএমইৰ পৰা চৰকাৰী উপক্ৰমৰ বাবে ২৫% উত্সৰ পৰা অতিকমেও ৩% গ্ৰহণ কৰা হ
  • অন্তঃৱৰ্তী বাণিজ্যত পুনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে; ডিআইপিপিক ডিপাৰ্টমেণ্ট ফৰ প্ৰমচন অব্ ইণ্ডাষ্ট্ৰীজ এণ্ড ইণ্টাৰনেল ট্ৰেডলৈ পুনৰ নামাকৰণ কৰা হৈছে

 

  1. ডিজিটেল গাঁও
  • অনাগত পাঁচ বৰ্ষত চৰকাৰে ১ লাখ গাঁৱক ডিজিটেল গাঁৱলৈ পৰিৱৰ্তিত কৰিব

 

  1. অন্যান্য ঘোষণাসমূহ
  • কৃত্ৰিম বুদ্ধিমতাত ৰাষ্ট্ৰীয় কাৰ্যসূচীক সমৰ্থন প্ৰদান কৰাৰ বাবে নতুন ৰাষ্ট্ৰীয় কৃত্ৰিম বুদ্ধিমতাৰ পৰ্টেল

২০১৪-১৯ বৰ্ষৰ সাফ্যলসমূহ

  1. অৰ্থনীতিৰ স্থিতি
  • যোৱা পাঁচ বছৰত ভাৰত বিশ্বজনীনভাৱে বিশ্ব অৰ্থনীতিৰ এক উল্লেখযোগ্য স্থান হিচাপে পৰিচিত হৈছে
  • ২০১৪-১৯ বৰ্ষত দেশে মেক্ৰ’-অৰ্থনৈতিক স্থিৰতাৰ সাক্ষী হৈছে”, বিত্তমন্ত্ৰীয়ে এইদৰে কয়
  • ২০১৩-১৪ বৰ্ষৰ ১১ নং স্থানৰ পৰা বৰ্তমানে ভাৰত ৬ষ্ঠ বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিচিত হৈছে
  • ১৯৯১ চনৰ পৰা ২০১৪-১৯ বৰ্ষৰ সময়চোৱাত বাৰ্ষিক গড় জিডিপি সৰ্বাধিক বৃদ্ধি হৈছে
  • ২০০৯-১৪ বৰ্ষৰ মুদ্ৰাস্ফীতিক অতিক্ৰম কৰি চৰকাৰে মুদ্ৰাস্ফীতি নোহোৱা কৰিবলৈ সক্ষম হৈছেঃ বিত্ত মন্ত্ৰী
  • যিকোনো চৰকাৰৰ কাৰ্যকালৰ তুলনাত গড় মুদ্ৰাস্ফীতি ৪.%লৈ হ্ৰাস হৈছে
  • ২০১৮ বৰ্ষৰ ডিচেম্বৰ মাহত মুদ্ৰাস্ফীতি ২.১৯%লৈ হ্ৰাস হৈছে
  • সাত বছৰৰ পূৰ্বৰ ৬%ৰ তুলনাত ২০১৮-১৯ আৰইত বিত্তীয় ঘাটি ৩.%লৈ হ্ৰাস কৰা হৈছে
  • ছবছৰ পূৰ্বে সৰ্বাধিক ৫.%ৰ তুলনাত এই বৰ্ষত চিএডি জিডিপিৰ কেৱল ২.%হে হৈছে
  • যোৱা বছৰত ২৩৯ বিলিয়ন ডলাৰেৰে ভাৰতে বৃহ সংখ্যাত এফডিআইক আকৰ্ষিত কৰিবলৈ সমৰ্থ হৈছে
  • ভাৰতে পুনৰুত্থানৰ জৰিয়তে বিকাশৰ দিশত অগ্ৰসৰ হৈছে”, বিত্তমন্ত্ৰীয়ে এইদৰে কয়
  • ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুত গতিত উত্থান হোৱা বৃহ অৰ্থনীতিৰ দেশ হিচাপে পৰিচিত হৈছে
  • দ্বৈত সংখ্যাৰ মুদ্ৰাস্ফীতি হ্ৰাস হৈছে আৰু বিত্তীয় ভাৰসাম্যতা পুনৰ প্ৰতিষ্ঠাপিত হৈছে

 

 

  1. কৃষকসকল
  • ২২ বিধ শস্যৰ বাবে ন্যূনতম ৫০% নিশ্চিত এমএছপি
  • যোৱা পাঁচ বছৰত সুতৰ সাহায্য দুগুণ কৰা হৈছে
  • কৃষি ক্ষেত্ৰত ভূমি স্বাস্থ্য কাৰ্ড, নীম প্ৰলেপিত ইউৰিয়া প্ৰদান কৰা হৈছে

 

  1. শ্ৰম
  • নিয়োজনৰ সুবিধা বৃদ্ধি কৰা হৈছে; ইপিএফঅসদস্য ২ কোটিলৈ বৃদ্ধি হৈছে
  • যোৱা পাঁচ বছৰত প্ৰতিটো শ্ৰেণীৰ কৰ্মীসকলৰ ন্যূনতম উপাৰ্জন ৪২%লৈ বৃদ্ধি হৈছে

 

  1. দুখীয়া আৰু পিছপৰা শ্ৰেণী
  • শৈক্ষিক প্ৰতিষ্ঠান আৰু চৰকাৰী চাকৰিত দুখীয়াসকলৰ বাবে ১০% সংৰক্ষণৰ সুবিধা প্ৰদান কৰা হৈছে
  • সৌভাগ্য যোজনাৰ অধীনত প্ৰতিখন ঘৰলৈ বিনামূলীয়া বিদ্যুতৰ যোগান ধৰা হৈছে
  • প্ৰায় ৫০ কোটি পৰিয়ালৰ বাবে বিশ্বৰ বৃহত্তম স্বাস্থ্যসেৱা আঁচনি, আয়ুষ্মান ভাৰত প্ৰণয়ন কৰা হৈছে
  • ১১৫খন অতিশয় পিছপৰা জিলাত বিকাশৰ বাবে প্ৰত্যাশী জিলা কাৰ্যসূচী প্ৰণয়ন কৰা হৈছে
  • দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে কম মূল্যৰ খাদ্য শস্যত ২০১৮-১৯ বৰ্ষত ১,৭০,০০০ কোটি টকা ব্যয় কৰা হৈছে
  • ব্যক্তিগত খণ্ডৰ সহযোগিতাক অভিযানভিত্তিত ১৪৩ কোটি এলইডি বাল্ব যোগান ধৰা হৈছে
  • এলইডি বাল্বৰ বাবে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীয়ে প্ৰতিবছৰে ৫০,০০০ কোটি টকা ৰাহি কৰিবলৈ সমৰ্থ হৈছে
  • আয়ুষ্মান ভাৰতৰ অধীনত ১০ লাখ ৰোগী বিনামূলীয়া চিকিত্সাৰ দ্বাৰা উপকৃত হৈছে
  • দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীক জন ঔষধি কেন্দ্ৰৰ জৰিয়তে ঔষধ যোগান ধৰা হৈছে
  • ২০১৪ চনত ঘোষণা কৰা অনুসৰি ২১ খন এইমছৰ ভিতৰত ১৪ খন বৰ্তমানে কাৰ্যকৰী হৈ আছে
  • পিএমজিএছৱাইৰ অধীনত চৰকাৰে গ্ৰামীণ পথৰ কাম তিনিগুণলৈ বৃদ্ধি কৰিছে
  • ১৭.৮৪ লাখৰ ভিতৰত ১৫.৮০ লাখ আৱাসিকস্থল পকী পথৰ সৈতে সংযোজিত কৰা হৈছে
  • আৰই ২০১৮-১৯ বৰ্ষৰ ১৫,৫০০ কোটি টকাৰ বিপৰীতে পিএমজিএছৱাইৰ বাবে বিই ২০১৯-২০ বৰ্ষত ১৯,০০০ কোটি টকা ধাৰ্য কৰা হৈছে
  • ২০১৪-১৮ বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ১.৫৩ কোটি গৃহ নিৰ্মাণ কৰা হৈছে
  1. মহিলাৰ উন্নয়ণৰ পৰা মহিলাৰ নেতৃত্বত উন্নয়ন
  • উজ্জ্বলা যোজনাৰ অধীনত ৬ কোটি ৰন্ধন গেছৰ সংযোগ, অহা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব সম্পূৰ্ণ ৮ কোটি
  • মহিলাই লাভ কৰিছে মুদ্ৰা ঋণ ৭০ শতাংশ
  • প্ৰসূতিকালীন ছুটীৰ পৰিমাণ ২৬ সপ্তাহলৈ বৃদ্ধি
  • প্ৰধানমন্ত্ৰী মাতৃবন্দনাৰ অধীনত গৰ্ভৱতী মহিলালৈ আৰ্থিক সাহায্য

 

  1. যুৱ
  • প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত ১ কোটিৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ
  • মুদ্ৰা, ষ্টাণ্ড-আপ আৰু ষ্টাৰ্ট-আপ ইণ্ডিয়া আঁচনিৰ যোগেদি স্বনিয়োজন

 

  1. মঁজলীয়া, ক্ষুদ্ৰ আৰু সূক্ষ্ম উদ্যোগ আৰু উদ্যোগীসকল
  • এঘণ্টাৰো কম সময়ৰ ভিতৰত ১ কোটি পৰ্যন্ত ঋণ লাভৰ সুবিধা
  • জেম (গৱৰ্ণমেণ্ট ই-মাৰ্কেট প্লেচ)ৰ যোগেদি ২৫%-২৮% পৰ্যন্ত গড় সঞ্চয়

 

  1. আয় কৰ
  • পাচবছৰত কৰ সংগ্ৰহ প্ৰায় দুগুণ বৃদ্ধি – বিগত ২০১৩-১৪ বছৰৰ কৰ সংগ্ৰহৰ পৰিমাণ ৬.৩৮ লাখ কোটিৰ তুলনাত এইবছৰ কৰ সংগ্ৰহ হৈছে ১২ লাখ কোটি টকা
  • বিগত পাচবছৰত কৰ ভিত্তিত হৈছে ৮০ শতাংশ বিকাশ অৰ্থাৎ ৩.৭৯ কোটিৰ পৰা ৬.৮৫ কোটি টকালৈ বৃদ্ধি হৈছে এই কৰৰ ভিত্তি
  • কৰ প্ৰশাসন সুস্থিৰ হৈছে – বিগত বৰ্ষত ৯৯.৫৪ শতাংশ আয়কৰ ৰিটাৰ্ণ ফাইল কৰা হৈছে।
  • কৰদাঁতাৰ সুবিধাৰ্থে প্ৰযুক্তিভিত্তিক পূৰ্ণাঙ্গ প্ৰকল্পলৈ অনুমোদন জনোৱা হৈছে – বিগত দুটা বৰ্ষত ২৪ ঘণ্টাতে ৰিটাৰ্ণ প্ৰক্ৰিয়াকৰণ কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ ৰিফাণ্ডসমূহো পৰিশোধ কৰা হৈছে।
  • মধ্যবিত্ত শ্ৰেণীলৈ পূৰ্বে প্ৰদান কৰা লাভালাভসমূহ -
  • প্ৰাথমিক ৰেহাইৰ পৰিমাণ ২ লাখৰ পৰা ২.৫ লাখলৈ বৃদ্ধি
  • ২.৫ লাখৰ পৰা ৫ লাখৰ কৰ স্তৰৰ বাবে কৰৰ হাৰ ১০ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে
  • বেতনভোগী শ্ৰেণীৰ বাবে ৪০০০০ ৰ মানক কৰ্তনৰ সুবিধা আগবঢ়োৱা হৈছে
  • ধাৰা ৮০ চিৰ অধীনত সঞ্চয় কৰ্তনৰ বাবে স্তৰ ১ লাখৰ পৰা ১.৫ লাখলৈ বৃদ্ধি কৰা হৈছে
  • স্বনিয়োজনকাৰী গৃহ সম্পত্তিৰ বাবে সূদ কৰ্তনৰ ক্ষেত্ৰত ১.৫ লাখৰ পৰা ২ লাখলৈ বৃদ্ধি কৰা হৈছে
  • ক্ষুদ্ৰ ব্যৱসায় আৰু ষ্টাৰ্ট-আপসমূহলৈ ইতিমধ্যেই বিশেষ সুবিধা আৰু ভাট্টা আগবঢ়োৱা হৈছে -  
  • সামগ্ৰিক সৌজন্যতা প্ৰক্ৰিয়াসমূহ সৰলীকৰণ কৰা হৈছে।
  • ব্যৱসায়ৰ আনুমানিক কৰ ব্যৱস্থাৰ বাবে স্তৰ ১ কোটিৰ পৰা ২ কোটিলৈ বৃদ্ধি কৰা হৈছে।
  • আনুমানিক কৰ ব্যৱস্থাৰ লাভালাভ প্ৰথমবাৰৰ বাবে ক্ষুদ্ৰ পেছাদাৰীসকলৰ বাবে ৫০ লাখৰ সীমা নিৰ্ধাৰণ কৰা হৈছে।
  • আনুমানিক লাভৰ হাৰ ৮ শতাংশৰ পৰা ৬ শতাংশলৈ হ্ৰাস কৰা হৈছে, যাতে কম নগদ অৰ্থনীতিৰ প্ৰসাৰ কৰিব পাৰি
  • প্ৰায় ৯৯ শতাংশ কোম্পানীৰ বাবে কৰৰ হাৰ ২৫ শতাংশলৈ হ্ৰাস কৰা হৈছে।

 

  1. পণ্য আৰু সেৱা কৰ
  • পণ্য আৰু সেৱা কৰে ভাৰতক এক উমৈহতীয়া বজাৰ কৰি তুলিছে
  • এই জিএছটিয়ে কৰৰ ভিত্তি বৃদ্ধি কৰিছে, উচ্চ হাৰৰ সংগ্ৰহ আৰু ব্যৱসায় কৰাৰ সুচলতা প্ৰদান কৰিছে
  • আন্তঃৰাজ্যিক গতি বিধি এতিয়া ক্ষীপ্ৰতৰ হৈছে, অধিক কাৰ্যকৰী হৈছে আৰ অসুবিধাহীন হৈ পৰিছে।
  • কৰৰ হাৰত সঁহাৰিপূৰ্বক আৰু স্পৰ্শকাতৰ ৰেহাই – দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ অধিকাংশই এতিয়া ০ শতাংশৰ পৰা ৫ শতাংশৰ কৰ স্তৰৰ ভিতৰত
  • ব্যৱসায়ী আৰু সেৱা প্ৰদানকাৰীসকলক সকাহ প্ৰদান -
  • ক্ষুদ্ৰ উদ্যোগীৰ বাবে জিএছটি ৰেহাই, ২০ লাখৰ পৰা বৃদ্ধি কৰি ৪০ লাখলৈ সীমা নিৰ্ধাৰণ
  • ১.৫ কোটি টকা পৰ্যন্ত বাৰ্ষিক টাৰ্ণ অভাৰৰ ক্ষুদ্ৰ উদ্যোগীসকলে মাত্ৰ ১ শতাংশ ফ্লেট ৰেটত কৰ পৰিশোধৰ সুবিধা আৰু কেৱল বছৰেকীয়া ভিত্তিত এবাৰেই ৰিটাৰ্ণ ফাইল কৰিব লাগিব
  • ৫০ লাখ টকা প্ৰযন্ত টাৰ্ণ অভাৰৰ ক্ষুদ্ৰ সেৱা প্ৰদানকাৰীসকললৈ পূৰ্ণাঙ্গ আঁচনি বাচনিৰ সুবিধা আৰু ১৮ শতাংশৰ পৰিৱৰ্তে ৬ শতাংশ জিএছটি পৰিশোধৰ সুবিধা
  • শীঘ্ৰেই ৯০ শতাংশতকৈও অধিক জিএছটি পৰিশোধকাৰীক ত্ৰিমাসিক ভিত্তিত কৰ ৰিটাৰ্ণ দিয়াৰ সুবিধা প্ৰদান কৰা হ’ব।
  • জিএছটি ৰাজহ ধাৰা – চলিত বৰ্ষত কৰ সংগ্ৰহৰ মাহেকীয়া গড় হৈছেগৈ ৯৭,১০০ কোটি টকা, এই গড়ৰ পৰিমাণ বিগত বৰ্ষত আছিল ৮৯,৭০০ কোটি টকা।

 

  1. আন্তঃগাঁথনি
  • অসামৰিক বিমান পৰিবহন – উড়ান আঁচনি
    • কাৰ্যক্ষম হৈ থকা বিমানবন্দৰৰ সংখ্যাই ১০০ অতিক্ৰম কৰিলে
    • শেহতীয়াকৈ – ছিকিমৰ আকিয়ংত বিমানবন্দৰ স্থাপন
    • বিগত ৫ বছৰত ঘৰুৱা যাত্ৰীৰ পৰিমাণ দুগুণ বৃদ্ধি

 

  • পথ
    • সমগ্ৰ বিশ্বতে ক্ষীপ্ৰতম ঘাইপথ নিৰ্মাণকাৰী হৈছে ভাৰত
    • প্ৰতিদিনে নিৰ্মাণ কৰা হৈছে ২৭ কিলোমিটাৰকৈ ঘাইপথ
    • বন্ধ হৈ থকা প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে – দিল্লীৰ পূৱ প্ৰান্তৰ ঘাইপথ অসম-অৰুণাচল প্ৰদেশত বগীবিল ৰে’ল তথা স্থলপথৰ দীৰ্ঘতম দলং

 

  • জলপথ
    • সমুদ্ৰতীৰত সাগৰমালা আঁচনি ৰূপায়ন
    • প্ৰথমবাৰৰ বাবে কলকাতাৰ পৰা বাৰাণসীলৈ আভ্যন্তৰীণ জলপথেৰে মালবাহী জাহাজ প্ৰেৰণ

 

  • ৰে’লপথ
    • সমগ্ৰ ৰে’ল ইতিহাসতেই ‘সুৰক্ষিত বৰ্ষ’ আছিল বিগত বৰ্ষটো
    • ব্ৰডগড ৰে’ল লাইনৰ আটাইবোৰ মানৱবিহীন লেভেল ক্ৰছিং নাইকিয়া কৰা।
    • ছেমি-হাইস্পীড ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ সূচনা – স্থানীয়ভাৱে নিৰ্মাণ কৰা প্ৰথমখন ৰে’লগাড়ী

 

  1. জলবায়ু পৰিৱৰ্তন
  • আন্তঃৰাষ্ট্ৰীয় সৌৰ চুক্তি
    • পুনৰ নবীকৰণযোগ্য শক্তিৰ প্ৰসাৰৰ বাবে
    • ভাৰতত মুখ্য কাৰ্যালয় থকা চুক্তি ভিত্তিক আন্তঃৰাষ্ট্ৰীয় আন্তঃচৰকাৰী প্ৰতিষ্ঠান আন্তঃৰাষ্ট্ৰীয় সৌৰ চুক্তি ৰূপায়ন
    • বিগত পাচটা বছৰৰ ভিতৰত ভাৰতৰ সংস্থাপিত সৌৰ শক্তি উৎপাদনৰ ক্ষমতা দহগুণে বৃদ্ধি পাইছে।
    • এই খণ্ডটোৱে সম্প্ৰতি নৱপ্ৰজন্মৰ বাবে লক্ষ লক্ষ নিয়োগ সুবিধাৰ সৃষ্টি কৰিছে।

 

 

  1. ডিজিটেল ইণ্ডিয়া অভ্যুত্থান
  • দেশৰ নাগৰিকসকলক সেৱা প্ৰদান কৰিবৰ বাবে ৩ লাখৰো অধিক উমৈহতীয়া সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে।
  • মোবাইল ডাটা উপভোগৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতেই শীৰ্ষস্থানৰ দেশত পৰিণত হৈছে।
  • বিগত পাচ বছৰত মোবাইল ডাটাৰ ব্যৱহাৰৰ মাহেকীয়া উপভোগৰ পৰিমাণ ৫০ গুণ বৃদ্ধি পাইছে।
  • মেক ইন ইণ্ডিয়াৰ অধীনত মোবাইল আৰু মোবাইলৰ পাৰ্টছৰ উৎপাদন কোম্পানীৰ সংখ্যা ২ ৰ পাৰ বৃদ্ধি হৈ সম্প্ৰতি ২৬৮ হৈছেগৈ, আৰু এইসমূহে যথেষ্ট চাকৰিৰ সুবিধা প্ৰদান কৰিছে।

 

  1. জনধন – আধাৰ – মোবাইল (জেএএম) আৰু প্ৰত্যক্ষ লাভ স্থানান্তৰ
  • বিগত পাচ বছৰত, প্ৰায় ৩৪ কোটি জন ধন বেংক একাউণ্ট খোলা হৈছে
  • সম্প্ৰতি সকলোৰে হাবে কাৰ্যকৰী হৈ পৰিছে আধাৰ
  • মধ্যভোগীক আঁতৰাই সকলো চৰকাৰী আঁচনিৰ সুবিধা প্ৰত্যক্ষভাৱে মধ্যবিত্ত আৰু নিম্নবিত্ত শ্ৰেণীৰ হিতাধিকাৰীসকলে লাভ কৰাটো সুনিশ্চিত কৰা হৈছে।

 

  1. সীমান্তত সীমাশুল্ক আৰু বাণিজ্য
  • ৩৬ বিধ মুখ্য পণ্যত সীমাশুল্ক উঠাই দিয়া হৈছে
  • আমদানি – ৰপ্তানি লেনদেনৰ ডিজিটাইজেশ্যন
  • লজিষ্টিক্সৰ উত্তৰণ ঘটাবলৈ RFID প্ৰযুক্তিৰ সূচনা

 

  1. দুৰ্নীতিৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ
  • দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰিছে যথেষ্ট প্ৰত্যয়জনক পদক্ষেপ আৰু নিকা প্ৰশাসন ব্যৱস্থাৰ এক নজিৰ দাঙি ধৰিছে। - বিত্তমন্ত্ৰী
  • ৰেৰা আৰু বেনামী লেনদেন (প্ৰতিৰোধ) আইনে ৰীয়েল ইষ্টেট বা নিৰ্মাণ খণ্ডত এখ নিকা ব্যৱস্থা গঢ়ি তুলিছে।
  • পলাতক অৰ্থনৈতিক অপৰাধ আইন ২০১৮ প্ৰৱৰ্তনেৰে অৰ্থনৈতিক অপৰাধীসকলক চেপি অনা হৈছে
  • কয়লাৰ দৰে প্ৰাকৃতিক উৎস আৰু স্পেকট্ৰামৰ নিবিদাৰ ক্ষেত্ৰত চৰকাৰে এক নিকা ব্যৱস্থা গঢ়ি তুলিছে।

 

  1. ক’লাধনৰ বিৰুদ্ধে অভিযান
  • ক’লা ধন আইন, পলাতক অৰ্থনৈতিক অপৰাধী আইন, বিমূদ্ৰাকৰণ আদিৰ যোগেদি প্ৰায় ১,৩০,০০০ কোটি টকাৰ বেনামী আয়ক কৰ ব্যৱস্থাৰ আওঁতালৈ অনা হৈছে।
  • ৬৯০০ কোটি টকা পৰিমাণৰ বেনামী সম্পত্তি উদ্ধাৰ কৰা হৈছে
  • প্ৰত্যক্ষ কৰত ১৮ শতাংশ বিকাশ

 

  1. বেংকিং ক্ষেত্ৰত সংস্কাৰ সাধন আৰু ইনছল্ভেন্সি আৰু বেংকৰাপচি কোড (আইবিচি)
  • সমাধান অনুকূল ব্যৱস্থাৰে আইবিচিয়ে স্থাপন কৰিলে প্ৰতিষ্ঠানিক ব্যৱস্থা
  • ফোন বেংকিং ব্যৱস্থা চৰকাৰে বন্ধ কৰি দিছে। - বিত্তমন্ত্ৰী
  • চৰকাৰে গ্ৰহণ কৰি ৪টা R ব্যৱস্থা ক্ৰমে Recognition (স্বীকৃতি), Resolution (সংকল্প), Re-capitalization (পুনঃমূলধনীকৰণ) আৰু Reforms (পৰিৱৰ্তন)
  • নিকা বেংকিং ব্যৱস্থা নিশ্চিত কৰিবলৈ চৰকাৰে ভালেমান ব্যৱস্থা কাৰ্যকৰী কৰিছে
  • বেংক আৰু ঋণ গ্ৰহীতাৰ হৈ চৰকাৰে ইতিমধ্যে ৩ লাখ কোটি টকা উদ্ধাৰ কৰিছে
  • ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ পুনঃমূলধনীকৰণৰ বাবে চৰকাৰে ২.৬ লাখ কোটি টকা বিনিয়োগ কৰিছে।

 

  1. পৰিচ্ছন্নতা
  • গান্ধীজীৰ ১৫০ তম জন্মজয়ন্তীৰ প্ৰতি উছৰ্গাৰে চৰকাৰে মুকলি কৰিছিল স্বচ্ছ ভাৰত অভিযান
  • স্বচ্ছ ভাৰত অভিযানক এক জাতীয় অভ্যুত্থানত পৰিণত কৰাৰ বাবে ১৩০ কোটি ভাৰতীয়ক বিত্তমন্ত্ৰীয়ে জনালে কৃতজ্ঞতা।
  • গ্ৰামাঞ্চলৰ ৯৮ শতাংশ এলেকাত অনাময় ব্যৱস্থা ৰূপায়ন
  • ৫.৪৫ লাখ গাওঁক মুকলিত শৌচমুক্ত স্থান হিচাপে ঘোষণা

 

  1. প্ৰতিৰক্ষা
  • ইতিমধ্যে ৩৫,০০০ কোটি টকাৰ বিতৰণেৰে OROP পূৰ্ণ পৰ্যায়েৰে ৰূপায়ন কৰা হৈছে
  • সেনা বাহিনীৰ বেতনৰ নিৰিখ বৃদ্ধি

 

  1. অন্যান্য সাফল্যসমূহ
  • সন্দেহজনক উচ্চ এনপিএসমূহ গোপনে ৰখা কামবোৰ চৰকাৰে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে।
  • বিশ্বৰ সৰ্ববৃহৎ স্বভাৱগত পৰিৱৰ্তন হিচাপে পৰিগণিত স্বচ্ছ ভাৰত অভিযান

 

অন্তৱৰ্তীকালীন বাজেট ২০১৯-২০ ৰ মুখ্য দিশসমূহ

  • ২০২২ ৰ ভিতৰত নৱ ভাৰত গঠন বাস্তৱত ৰূপায়িত হোৱাৰ দিশে-
    • সকলোৰে বাবে শৌচালয়, পানী আৰু বিজুলী উপলব্ধ কৰাৰ যোগেদি পৰিচ্ছন্ন আৰু স্বাস্থ্যসন্মত ভাৰত গঢ়া
    • কৃষকসকলৰ আয় দুগুণ বৃদ্ধি হোৱা এখন ভাৰত গঢ়া
    • যুৱ আৰু মহিলাসকলৰ স্বপ্ন সাকাৰ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ সুযোগ প্ৰদান
    • সন্ত্ৰাসবাদ, সাম্প্ৰদায়িকতা, জাতিভেদ, দুৰ্নীতি আৰু স্বজনপ্ৰীতিমুক্ত এক ভাৰত

 

অনাগত দশকৰ বাবে পৰিকল্পনা

 

  • বিগত পাচটা বছৰত গঠন হোৱা ভাৰতৰ বিকাশ আৰু উন্নয়ন ভেটি স্থাপন
  • অনাগত পাচটা বৰ্ষত পাচ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশ হিচাপে ভাৰত গঢ়ি তোলা
  • তাৰ পিছৰ ৮ বছৰত ১০ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশ হিচাপে ভাৰতক গঢ়ি তোলা

 

২০৩০ ৰ সমৃদ্ধ ভাৰতৰ বাবে পৰিকল্পনাৰ ১০ টা দিশ

 

ভাৰত এখন আধুনিক, প্ৰযুক্তিচালিত, উচ্চ বিকাশ সম্পন্ন, ভাৰসাম্য আৰু নিকা সমাজৰ এখন দেশ হৈ উঠিব।

 

  1. কায়িক আৰু সামাজিক আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ আৰু জীৱনধাৰণৰ সুচলতা প্ৰদান কৰিবলৈ।
  2. এখন ডিজিটেল ভাৰত নিৰ্মাণ কৰিবলৈ, যুৱ সমাজৰ মাজৰ নেতাৰ যোগেদি চৰকাৰী ব্যৱস্থাসমূহ ডিজিটাইজেশ্যন কৰা।
  3. বৈদ্যুতিক বাহনৰ প্ৰসাৰ বৃদ্ধিৰে যাতায়াত ব্যৱস্থাত এক অভ্যত্থান সৃষ্টি কৰি আৰু পুনঃনবীকৰণযোগ্য বিষয়সমূহৰ ওপৰত গুৰুত্ব প্ৰদানেৰে ভাৰতক প্ৰদূষণ মুক্ত দেশ কৰি তোলা
  4. বৃহৎ সংখ্যক নিয়োগ সৃষ্টি কৰাৰ উদ্দেশ্যেৰে আধুনিক ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰেৰে গ্ৰাম্য উদ্যোগীকৰণৰ সম্প্ৰসাৰণ
  5. দেশৰ নদীসমূহ পৰিস্কাৰ কৰা, সকলো ভাৰতীয়লৈ বিশুদ্ধ পানী যোগান আৰু ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাৰে পানীৰ সঠিক প্ৰয়োগ
  6. সাগৰমালা, সমূদ্ৰতীৰ আৰু সামূদ্ৰিক এলেকাত ভাৰতৰ উত্তৰণ আৰু বিকাশ সুস্থিৰ কৰা
  7. মহাকাশ প্ৰকল্পৰ লক্ষ্য – গগণযান, ইয়াৰ যোগেদি সমগ্ৰ বিশ্বৰ বাবেই ছেটেলাইটৰ লন্সপেড হিচাপে পৰিগণিত হয় ভাৰত আৰু ২০২২ চনৰ ভিতৰত মহাকাশলৈ এক ভাৰতীয় মহাকাশচাৰী প্ৰেৰণ কৰা
  8. খাদ্যৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰশীল কৰি তোলা, বিশ্বৰ বিভিন্ন স্থানৰ খাদ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰা আৰু যথাসম্ভৱ অধিকাংশ খাদ্য জৈৱিক পদ্ধতিৰে উৎপাদন কৰা
  9. সমান অধিকাৰৰ কাৰক হিচাপে মহিলাসকলকো লগত লৈ আয়ুষ্মান ভাৰত আঁচনিৰে খন সুস্থ সবল ভাৰত গঢ়ি তোলা আৰু দেশৰ মহিলাসকলৰ সুস্বাস্থ্য আৰু সবলীকৰণ নিশ্চিত কৰা
  10. সপ্ৰতিভ, কৰ্মদক্ষ আৰু দায়বদ্ধ আমোলাতন্ত্ৰৰে ভাৰতক ন্যূনতম চৰকাৰ আৰু সৰ্বাধিক প্ৰশাসন হিচাপে গঢ়ি তোলা।

*****

GG/DSM/RM/AS/KA/PJ/SG/MANN/RD



(Release ID: 1562354) Visitor Counter : 139