বিত্ত মন্ত্ৰালয়

ৰে’লৱেৰ বাবে ২০১৯-২০ বৰ্ষত আবণ্টন ৬৪,৫৮৭ কোটি টকা

২০১৯-২০ বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনিৰ বাবে ২১% বৃদ্ধিৰে ৫৮,১৬৬ কোটি টকা ধাৰ্য

प्रविष्टि तिथि: 01 FEB 2019 1:16PM by PIB Guwahati

আজি ঘোষণা কৰা অন্তৱৰ্তীকালীন বাজেট ২০১৯-২০ ত ৰে’লৱেৰ বাবে ৬৪,৫৮৭ কোটি টকা ধাৰ্য কৰা হৈছে। বৰ্ষটোৰ বাবে ৰে’লৱেৰ সামগ্ৰিক মূলধনী ব্যয় হৈছে ১,৫৮,৬৫৮ কোটি টকা। আজি ৰাজ্যসভাৰ মঁজিয়াত দাখিল কৰা চলিত চৰকাৰৰ অন্তিমখন অন্তৱৰ্তীকালীন বাজেট ২০১৯-২০ উত্থাপন কৰি এই কথা উল্লেখ কৰিছে বিত্ত, কৰ্পৰেট পৰিক্ৰমা, ৰে’ল আৰু কয়লা দপ্তৰৰ মন্ত্ৰী পীয়ুষ গোৱেলে।

 

মন্ত্ৰী শ্ৰী গোৱেলে কয়, “বিগত বৰ্ষটো সমগ্ৰ ইতিহাসতেই আটাইতকৈ সুৰক্ষিত বছৰ হিচাপে পৰিগণিত হৈছে ভাৰতীয় ৰে’ল বিভাগৰ বাবে, কিয়নো সমগ্ৰ দেশৰে সকলোবোৰ ব্ৰডগজ ৰে’ল লাইনৰেই মানৱবিহীন লেভেল ক্ৰছিং বন্ধ কৰি দিয়া হৈছে এইটো বৰ্ষতেই।”

 

বিত্ত মন্ত্ৰী শ্ৰী গোৱেলে লগতে ঘোষণা কৰে যে এই অন্তৱৰ্তীকালীন বাজেটত উত্তৰ-পূৱৰ জনসাধাৰণে আন্তঃগাঁথনি উন্নয়নৰ দিশেৰে যথেষ্ট লাভৱান্বিত হৈছে। অৰুণাচল প্ৰদেশক অলপতে বিমানপথৰ সেৱাৰ মাজত অন্তৰ্ভুক্ত কৰা হৈছে আৰু তাৰ লগতে প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰে’ল পথৰ নেটৱৰ্কত সন্নিৱিষ্ট কৰা হৈছে মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামক। উল্লেখ্য যে ২০১৮-১৯ চনৰ বাজেট ব্যয়ৰ তুলনাত ২০১৯-২০ চনৰ বাজেট ব্যয়ৰ ক্ষেত্ৰত উত্তৰ পূৱৰ বাবে ২১ শতাংশ বৃদ্ধি কৰি ৫৮,১৬৬ কোটি টকা ধাৰ্য কৰা হৈছে।

 

এই অন্তৱৰ্তীকালীন বাজেট উত্থাপন কৰি বিত্তমন্ত্ৰী শ্ৰী গোৱেলে কয় যে জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমাধানৰ বাবে সমগ্ৰ বিশ্বই যিবোৰ পদক্ষেপ গ্ৰহণ কৰিছে তাত ভাৰতেই নেতৃত্ব বহন কৰিছে। পুনৰ নবীকৰণযোগ্য শক্তিৰ প্ৰসাৰৰ বাবে আমাৰ প্ৰতিজ্ঞাবদ্ধতা প্ৰতিফলিত হৈছে ভাৰতত মুখ্য কাৰ্যালয় থকা চুক্তি ভিত্তিক আন্তঃৰাষ্ট্ৰীয় আন্তঃচৰকাৰী প্ৰতিষ্ঠান আন্তঃৰাষ্ট্ৰীয় সৌৰ চুক্তি ৰূপায়নৰ ক্ষেত্ৰত। বিগত পাঁচটা বছৰৰ ভিতৰত ভাৰতৰ সংস্থাপিত সৌৰ শক্তি উৎপাদনৰ ক্ষমতা দহগুণে বৃদ্ধি পাইছে। এই খণ্ডটোৱে সম্প্ৰতি নৱপ্ৰজন্মৰ বাবে লক্ষ লক্ষ নিয়োগ সুবিধাৰ সৃষ্টি কৰিছে।

 

            আমাৰ চৰকাৰৰ বাবে এক বৃহৎ সমস্যা তথা চিন্তাৰ কাৰণ হিচাপে থিয় দি আহিছে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ বাবে অইন দেশৰ ওপৰত আমদানিৰ বাবে নিৰ্ভৰশীল হ’বলগীয়া বিষয়টোৱে। অৱশ্যে ভালেমান পদক্ষেপ গ্ৰহণৰ লগতে জৈৱিক ইন্ধন আৰু বিকল্প প্ৰযুক্তিৰ ব্যৱহাৰেৰে আমি এই ক্ৰমবৰ্ধিত চাহিদা পূৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো, আৰু এই আমদানি ব্যৱস্থা হ্ৰাস কৰিবলৈ হাইড্ৰ’কাৰ্বনৰ উৎপাদন বৃদ্ধি কৰিব লাগিব। আমাৰ চৰকাৰে গঠন কৰি দিয়া এক উচ্চস্তৰীয় মন্ত্ৰীগোটৰ কমিটিয়ে ভালেমান নিৰ্ধাৰিত নিৰ্দেশনা তথা পৰামৰ্শ আগবঢ়াইছে, ইয়াৰ ভিতৰত আছে ‘এক্সপ্লোৰেশ্যন’ৰ বাবে নিবিদা প্ৰক্ৰিয়াৰ সালসলনি, দ্বিতীয় আৰু তৃতীয় শাখাৰ বেছিনবোৰৰ বাবে ‘এক্সপ্লোৰেশ্যন’ প্ৰ’গ্ৰামত ৰাজহ ব্যৱস্থাৰ সালসলনি। ইতিমধ্যেই এইসমূহ পৰামৰ্শ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰে কাম আৰম্ভ কৰিছে।

 

****

GG/DSM/RM/MM


(रिलीज़ आईडी: 1562269) आगंतुक पटल : 135
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Marathi , Tamil , Malayalam