প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গ্লোবেল বাণিজ্য মেলা – গান্ধীনগৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ভাইব্ৰেণ্ট গুজৰাট ছামিটৰ আনুষঙ্গিক অনুষ্ঠান আজিৰে পৰা আৰম্ভ হ’ল আন এক আকৰ্ষণৰ কেন্দ্ৰ বিন্দু - আহমেদাবাদ শ্বপিং ফেষ্টিভেল গুজৰাটত বিনিয়োগৰ দিশ ত্বৰান্বিত কৰিবলৈ কাইলৈ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ৯ম ভাইব্ৰেণ্ট গুজৰাট ছামিট

Posted On: 17 JAN 2019 3:31PM by PIB Guwahati

গুজৰাটৰ গান্ধীনগৰত থকা মহাত্মা মন্দিৰ প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত কাইলৈৰ পৰা আৰম্ভ হ’ব ৯ম ভাইব্ৰেণ্ট গুজৰাট ছামিট। গুজৰাটত বিনিয়োগৰ দিশবোৰ ত্বৰান্বিত কৰিবলৈ আয়োজন কৰা এই ভাইব্ৰেণ্ট গুজৰাট ছামিটৰ উদ্বোধনী ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

উল্লেখ্য যে অহা ১৮ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই ছামিটৰ সৈতে সংগতি ৰাখি প্ৰদৰ্শনী কেন্দ্ৰত আয়োজন কৰা গ্লোবেল বাণিজ্য মেলা ইতিমধ্যেই প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিছে। প্ৰদৰ্শনী মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে বিভিন্ন পেভিলিয়ন আৰু ইছৰো, ডিআৰডিঅ’, খাদী আদীৰ বিপনীবোৰ মনোযোগেৰে প্ৰত্যক্ষ কৰে, বিশেষকৈ চকাৰ পৰা চন্দ্ৰযানলৈ বিশেষ টেগলাইনেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মানসপুত্ৰস্বৰূপ মেক ইন ইণ্ডিয়া আঁচনিৰ অধীনৰ উপাদানবোৰ মনোযোগেৰে প্ৰত্যক্ষ কৰে। প্ৰধানমন্ত্ৰীক এইক্ষেত্ৰত সংগ দিয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে। এই গ্লোবেল বাণিজ্য মেলাই সামৰি লৈছে মুঠ ২০০,০০০ বৰ্গমিটাৰ এলেকা, য’ত একত্ৰে সমাৱেশ ঘটিছে ২৫ ৰো অধিক ঔদ্যোগিক আৰু ব্যৱসায় প্ৰতিষ্ঠান, প্ৰতিটো প্ৰতিষ্ঠানেই তেওঁলোকৰ ধাৰণা, উৎপাদিত সামগ্ৰী আৰু বিভিন্ন ডিজাইন এই মেলাত উপস্থাপন কৰিছে।

সন্মিলনৰ সৈতে সংগতি ৰাখি ভালেমান অনুষ্ঠানৰো আয়োজন কৰা হৈছে। এইক্ষেত্ৰত আজিৰ অন্যতম প্ৰধান আকৰ্ষণ হৈছে আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া আহমেদাবাদ শ্বপিং ফেষ্টিভেল ২০১৯। ইয়াতেই প্ৰধানমন্ত্ৰীয়ে ভাইব্ৰেণ্ট গুজৰাট আহমেদাবাদ শ্ব’পিং ফেষ্টিভেলৰ শুভংকৰটোও মুকলি কৰিব। আহমেদাবাদ শ্ব’পিং ফেষ্টিভেল হৈছে দেশৰ এনেধৰণৰ প্ৰথমটো অনুষ্ঠান য’ত একমাত্ৰ চহৰখনৰ বিভিন্ন উদ্যোগীয়ে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ গ্ৰাহক-দৰ্শকৰ সমূখত উপস্থাপন কৰাৰ এক সুন্দৰ সুযোগ লাভ কৰিছে।

ইয়াৰ উপৰিও ৯ম সংস্কৰণৰ এই ভাইব্ৰেণ্ট গুজৰাটৰ অংশ হিচাপে ভালেমান আলোচনাচক্ৰৰো আয়োজন কৰা হৈছে, য’ত এই ছামিটত অংশগ্ৰহণ কৰা লোকসকলে তেওঁলোকৰ নিজ নিজ জ্ঞান বিনিময় কৰিব আৰু এক সুন্দৰ যোগসূত্ৰৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ব।

পটভূমি –

২০০৩ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটক দেশৰ ভিতৰতেই এক আগশাৰীৰ বিনিয়োগ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ ভাইব্ৰেণ্ট গুজৰাট শীৰ্ষক এই সন্মিলনৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছিল আৰু আৰম্ভ কৰিছিল। এই ছামিটে বৈশ্বিক আৰ্থ-সামাজিক উন্নয়ন, জ্ঞান বিনিময় আৰু কাৰ্যকৰী অংশীদাৰীত্বৰ উত্তৰণৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত মনোমন্থন কৰাৰ এক সুন্দৰ সুবিধা প্ৰদান কৰিব।

ভাইব্ৰেণ্ট গুজৰাট ২০১৯ ৰ মূল দিশসমূহৰ ভিতৰত অন্যতম দিশবোৰ ক্ৰমে –

১) ভাৰতত বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিকতা আৰু গণিত শিক্ষা আৰু গৱেষণাৰ সুযোগ-সুবিধাসমূহ বিষয়ক ঘূৰণীয়া মেজমেল। ইয়াত উপস্থিত থাকিব আগশাৰীৰ শিক্ষাবিদ আৰু ভাৰতত বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিকতা আৰু গণিত শিক্ষা আৰু গৱেষণাৰ সুযোগ-সুবিধাৰ বাবে কাৰ্যপন্থা প্ৰস্তুত কৰিবলগীয়া নীতিনিৰ্ধাৰণকাৰীসকল।

২) বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিকতা আৰু গণিত শিক্ষাৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন

৩) ভৱিষ্যগামী প্ৰযুক্তি আৰু মহাকাশ পৰ্যবেক্ষণ প্ৰদৰ্শনী, যিয়ে মহাকাশত ভৱিষ্যতে যাতায়াত বা ভ্ৰমণ কৰাৰ বিভিন্ন দৃষ্টিভঙ্গীৰ উপস্থাপন কৰা হ’ব।

৪) ভাৰতক এছিয়াৰ ভিতৰত ‘ট্ৰান্স-শ্বিপমেণ্ট কেন্দ্ৰ’ হিচাপে গঢ়ি তুলিবলৈ বন্দৰকেন্দ্ৰিক উন্নয়ন আৰু কৌশলভিত্তিক আলোচনাচক্ৰ।

৫) মেক ইন ইণ্ডিয়া প্ৰ’গ্ৰামৰ বিভিন্ন সফলতাৰ কাহিনী আৰু চৰকাৰৰ দ্বাৰা উদ্ভাৱন কৰা মুখ্য উদ্ভাৱনসমূহ উপস্থাপন কৰিবৰ বাবে আয়োজন কৰা আলোচনাচক্ৰ।

৬) গুজৰাটত প্ৰতিৰক্ষা আৰু বিমান ক্ষেত্ৰত থকা সুযোগসমূহৰ বিষয়ে অংশগ্ৰহণকাৰীসকলক সজাগ কৰিবলৈ তথা অৱগত কৰিবলৈ প্ৰতিৰক্ষা আৰু বিমান উদ্যোগটোৰ বাবে সুযোগ-সুবিধাসমূহ সন্দৰ্ভত আলোচনাচক্ৰ আৰু এই ক্ষেত্ৰত ভাৰতৰ বাবে অনাগত দিনবোৰৰ কাৰ্যক্ৰমণিকাৰ আলোচনা তথা প্ৰতিৰক্ষা আৰু এৰ’নটিক্সৰ বাবে গুজৰাটক এক উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশসমূহৰ আলোচনা।

উল্লেখ্য যে ২০০৩ চনত আৰম্ভ কৰাৰ পিছৰে পৰা ভাইব্ৰেণ্ট গুজৰাট ছামিটে দেশৰ অইন ৰাজ্যসমূহকো তাত বাণিজ্য আৰু বিনিয়োগৰ প্ৰসাৰৰ বাবে আগুৱাই আহিবলৈ উদ্বুদ্ধ কৰি তুলিছে।

 

***

AKT/VJ/AK/RD



(Release ID: 1560916) Visitor Counter : 87