প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সামূহিক ই-গৃহ প্ৰৱেশৰ সাক্ষী হৈ ৰয় প্ৰধানমন্ত্ৰী, ঝাৰখণ্ডৰ পালামুত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

Posted On: 05 JAN 2019 1:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ পালামু ভ্ৰমণ কৰে৷

তাত তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ২৫,০০০ গৰাকী হিতাধিকাৰীৰ সামূহিক ই-গৃহ প্ৰৱেশৰ সাক্ষী হয়৷

তেওঁ নৰ্থ কৱেল (মণ্ডল বান্ধ)ৰ পুনৰুজ্জীৱিকৰণ প্ৰকল্প, কানহাৰ ছন পাইপলাইন জলসিঞ্চন আঁচনি আৰু বিভিন্ন জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷ এই প্ৰকল্পসমূহৰ মুঠ ব্যয় ৩৫০০ কোটি টকাতকৈও অধিক বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷

উপস্থিত জনতাক সম্বোধি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পসমূহ কৃষকসকলক উপাৰ্জন বৃদ্ধিৰ বাবে তথা জলসিঞ্চনৰ ব্যয় হ্ৰাস কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ এক অংশ৷

এই নৰ্থ কৱেল (মণ্ডল বান্ধ) প্ৰকল্পটো বিগত ৪৭ বছৰ ধৰি অসম্পূৰ্ণ হৈ আছিল বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷ তেওঁ কয় যে এই অঞ্চলটোৰ কৃষকসকলক দোষণীয়ভাৱে উপেক্ষা কৰা হৈছে৷ কৃষকসকলৰ সমস্যা দূৰীকৰণৰ বাবে সৎ প্ৰচেষ্টাৰ আৱশ্যক বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ কয় যে বিগত কেইবাদশকজুৰি অকাৰ্যকৰী হৈ থকা ৯৯টা বৃহৎ জলসিঞ্চন প্ৰকল্প এতিয়া কাৰ্যকৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে যাৰ আনুমানিক ব্যয় প্ৰায় ৯০,০০০ কোটি টকা৷ তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক ‘‘অন্নদাতা’’ৰ হিচাপে অভিহিত কৰি তেওঁলোকৰ কল্যাণৰ দিশত অগ্ৰসৰ হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে কৃষি আৰু কৃষকসকলৰ মৌলিক সমস্যাসমূহ সমাধানৰ জৰিয়তে এক নতুন দৃষ্টিকোণত দৃষ্টি নিৱদ্ধ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰদান কৰা ২৫,০০০ গৃহৰ কৰা উল্লেখ কৰি কয় যে ২০২২ চনত সকলোৰে বাবে গৃহ প্ৰদান কৰাৰ আঁচনি দ্ৰুত গতিত সম্পন্ন কৰা হৈছে৷ তেওঁ এই আঁচনিটো পূৰ্বৰ সদৃশ আঁচনিসমূহতকৈ কেনেদৰে পৃথক সেয়া বিস্তৃতভাৱে পৰ্যালোচনা কৰে৷ তেওঁ কয় যে এতিয়া হিতাধিকাৰীসকলৰ বাচনি স্বচ্ছ প্ৰকাৰেৰে কৰা হৈছে৷ অনলাইন পঞ্জীয়ন আৰু বৈধতাকৰণৰ জৰিয়তে হিতাধিকাৰীয়ে এতিয়া প্ৰত্যক্ষভাৱে লাভ তেওঁলোকৰ একাউণ্টত পাবলৈ সক্ষম হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰদান কৰা গৃহসমূহৰ গুণগতমান নিৰীক্ষণ কৰিবলৈ নতুন ব্যৱস্থা প্ৰণয়ন কৰা হৈছে৷ ইয়াত আলোকচিত্ৰ আৰু জিঅ’-টেগিঙো অন্তৰ্ভুক্ত আছে৷ তেওঁ কয় যে এতিয়া প্ৰদান কৰা ঘৰসমূহত বিজুলী, ৰন্ধন গেছ আৰু শৌচাগাৰৰ সুবিধাও প্ৰদান কৰা হৈছে৷ তাৰোপৰি ঘৰসমূহৰ কালিও বৃদ্ধি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে৷ স্থানীয়ভাৱে উপলব্ধ সামগ্ৰীৰ দ্বাৰা ঘৰ নিৰ্মাণৰ দিশত প্ৰয়াস কৰা হৈছে৷ তেওঁ কয় যে নিৰ্মাণৰ গতি দ্ৰুত হৈছে, যোৱা পাঁচ বছৰত প্ৰায় ১.২৫ কোটি ঘৰ নিৰ্মাণ কৰা হৈছে৷ তেওঁ কয় যে ঘৰ নিৰ্মাণৰ গড় সময় ১৮ মাহৰ পৰা হ্ৰাস হৈ ১২ মাহ হৈছে৷

তেওঁ কয় যে হিতাধিকাৰীসকলৰ একাউণ্টত এতিয়া ১.২৫ লাখ টকা চাৰিটা কিস্তিত সোমাইছে৷ পূৰ্বতে কেৱল ৭০,০০০ টকাহে ব্যয় হৈছিল বুলি তেওঁ কয়৷ দুখীয়াৰ বাবে এই গৃহ সামূহিক সৱলীকৰণত পৰিণত হৈছে বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ কয় যে স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ চৰকাৰে মধ্যবিত্তসকলৰ বাবে ঘৰৰ প্ৰয়োজনীয়তা অনুভূত কৰি বিত্তীয় সাহায্যৰ হৈতে সুতৰ হাৰো হ্ৰাস কৰাৰ কথা চিন্তা কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ঝাৰখণ্ডত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা তিনিমাহ পূৰ্বেই আৰম্ভ হৈছিল যাৰ দ্বাৰা লক্ষাধিক দৰিদ্ৰ উপকৃত হৈছে৷ তেওঁ কয় যে ইয়াৰ দ্বাৰা প্ৰথম ১০০ দিনত ছয় লাখ লোক উপকৃত হৈছিল আৰু আজি প্ৰায় ১০,০০০ লোক দৈনিকভিত্তিত ইয়াৰ জৰিয়তে উপকৃত হৈছে৷    

 

*****

AKT/AK/MANN



(Release ID: 1559752) Visitor Counter : 68