প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মোৰেত সংহত তালাচী চকী উদ্বোধন, ইম্ফলত অন্যান্য উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
Posted On:
04 JAN 2019 2:37PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইম্ফল ভ্ৰমণ কৰে৷ এক বিশাল ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে মোৰেত সংহত তালাচী চকী উদ্বোধন কৰে৷ তেওঁ লগতে ডলাইথাবি বান্ধ প্ৰকল্প, ছাৱমবুঙত এফচিআইৰ মজুত ভাণ্ডাৰৰ লগতে পানী যোগান আৰু পৰ্যটনৰ সৈতে জড়িত প্ৰকল্প উদ্বোধন কৰে৷
প্ৰধানমন্ত্ৰীয়ে ৪০০ কেভি দ্বৈত চাৰ্কিটৰ শিলচৰ-ইম্ফল লাইন দেশবাসীৰ নামত উচৰ্গা কৰে৷
তেওঁ ক্ৰীড়া প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে৷
এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়োৱাৰ ভাষণৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে সাহসী মুক্তিযোদ্ধা, বিশেষকৈ মণিপুৰৰ মহিলা মুক্তিযোদ্ধাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷ অবিভক্ত ভাৰতৰ প্ৰথম অন্তৰ্ৱতীকালীন চৰকাৰ মণিপুৰৰ মইৰাঙত স্থাপন কৰা কথা স্মৰণ কৰে৷ তেওঁ লগতে আজাদ হিন্দ ফৌজে উত্তৰ-পূবৰ লোকসকলৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছিল বুলি উল্লেখ কৰে৷ নতুন ভাৰতৰ বিকাশৰ যাত্ৰাত মণিপুৰে এক গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি তেওঁ কয়৷
প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ অনুষ্ঠানত ১৫০০তকৈও অধিক টকা মূল্যৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ তেওঁ লগতে কয় যে এই প্ৰকল্পসমূহে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব৷
প্ৰধানমন্ত্ৰী কয় যে বিগত চাৰে চাৰি বছৰত তেওঁ প্ৰায় ৩০বাৰ উত্তৰ-পূব ভ্ৰমণ কৰিছে৷ তেওঁ কয় যে উত্তৰ-পূবলৈ পৰিৱৰ্তন আহিছে আৰু দশকৰ পাছত দশক ধৰি অসম্পূৰ্ণ হৈ থকা প্ৰকল্পবোৰৰ কাম সম্পূৰ্ণ হৈছে৷
তেওঁ কয় যে মোৰেৰ সংহত তালাচী চকীৰ জৰিয়তে সীমাশুক্ল সম্পৰ্কীয় কাম-কাজ, বিদেশী মুদ্ৰা বিনিয়ম, অনুপ্ৰৱেশ দৰে গুৰুত্বপূৰ্ণ দিশত সহায় কৰিব৷
প্ৰধানমন্ত্ৰীয়ে কয় যে আজি উদ্বোধন কৰা প্ৰকল্পসমূহে কেন্দ্ৰীয় চৰকাৰে উন্নয়নৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে৷ তেওঁ কয় যে ডলাউথাবি বান্ধ প্ৰকল্পৰ কাম ১৯৮৭তে আৰম্ভ কৰিছিল, কিন্তু ২০১৪ৰ পাছৰ পৰাহে দ্ৰুতগতিৰে কাম কৰি এতিয়া সম্পূৰ্ণ কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে আজি উদ্বোধন কৰা পৰ্যটন প্ৰকল্পসমূহৰ সন্দৰ্ভতো ব্যাখ্যা কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্পসমূহৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত
কেন্দ্রীয় চৰকাৰে বিভিন্ন প্ৰকল্পৰ কাম দ্রুতগতিত সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ‘প্ৰগতি’ ব্যৱস্থাৰে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে প্ৰকল্পসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ ক্ষেত্ৰত দৃষ্টি দিয়া হৈছে৷ তেওঁ কয় যে ‘প্ৰগতি’ বৈঠকৰ জৰিয়তে ১২ লাখ কোটিতকৈও অধিক অসম্পূৰ্ণ বিভিন্ন প্ৰকল্পৰ সৈতে জড়িত সমস্যাৰ সমাধান কৰা হৈছে।
ছাওমবুঙত ভাৰতীয় খাদ্য নিগমৰ (এফচিআই) মজুতভাণ্ডাৰ গঢ়ি তোলাৰ কাম ২০১৬ৰ ডিচেম্বৰত আৰম্ভ কৰি ইতিমধ্যে ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। প্ৰসংগক্ৰমে তেওঁ পানী যোগানৰ সৈতে জড়িত একাধিক প্ৰকল্পৰ কাম শেষ হোৱাৰ কথাও উল্লেখ কৰে৷
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেন্দ্রীয় চৰকাৰ আৰু মণিপুৰ চৰকাৰে উভয়েই ‘সবকা সাথ সবকা বিকাশ’ৰ উদ্দেশ্য পূৰণৰ দিশত কাম কৰিছে। তেওঁ ৰাজ্য চৰকাৰৰ ‘গ’ টু হিল্ছ, গ’ টু ভিলেজ’ আঁচনিৰ প্ৰশংসা কৰে৷ ‘পৰিবহণৰ জৰিয়তে পৰিৱর্তন’ অনাৰ যি আঁচনি গ্ৰহণ কৰা হৈছে, তাৰ ভিত্তিত উত্তৰ-পূবত উন্নত পথ, ৰে’ল আৰু বিমান যোগাযোগ ব্যৱস্থাৰ কথাও তেওঁ উল্লেখ কৰে৷
স্বচ্ছ ভাৰত আৰু অনাময় অভিযানকে ধৰি উন্নয়নকামী জিলাসমূহৰ ভিতৰত ৰাজ্যৰ চান্দেল জিলাও অন্তর্ভুক্তিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে বিভিন্ন ক্ষেত্রত মণিপুৰৰ অগ্ৰগতিৰ দিশ আলোকপাত কৰে।
মহিলা সবলীকৰণ ক্ষেত্রত মণিপুৰে সন্মুখৰ পৰা নেতৃত্ব দিয়া বুলি সদৰি কৰি প্ৰধানমন্ত্রীয়ে ৰাজ্যৰ উজ্জ্বল ক্রীড়া ব্যক্তিত্ব মেৰী কমৰ প্ৰসংগ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ক্রীড়া ক্ষেত্রত ভাৰতক বিশ্ব অন্যতম শক্তিশালী দেশত পৰিণত কৰিবলৈ উত্তৰ-পূর্বাঞ্চলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে। উন্নত প্ৰশিক্ষণ আৰু খেলুৱৈৰ নির্বাচন প্ৰক্রিয়াত স্বচ্ছতা বজাই ৰখাৰ বাবেই আন্তঃৰাষ্ট্ৰীয় ক্রীড়া প্ৰতিযোগিতাসমূহত ভাৰতে উন্নত ফলাফল লাভ কৰা বুলি কয় প্ৰধানমন্ত্রীয়ে৷
*****
AKT/KP/DB
(Release ID: 1559749)