কেবিনেট

কেবিনেটৰ উপকূলীয় নিয়ামক মণ্ডল (চিআৰজেড) জাননী ২০১৮ৰ অনুমোদন চিআৰজেড ক্ষেত্ৰত বৰ্তমানৰ মানক অনুসৰি এফএছআইৰ অনুমতি ঘন আবাদীৰ গ্ৰামাঞ্চলৰ বিকাশৰ বাবে এতিয়া অধিক অৱকাশৰ সৃষ্টি বুনিয়াদী সুবিধাৰ বাবে পৰ্যটনৰ সৈতে জড়িত বুনিয়াদী আন্তঃগাঁথনিক উৎসাহ প্ৰদান চিআৰজেড অনুমোদনৰ প্ৰক্ৰিয়াৰ সুব্যৱস্থাপনা কৰা হৈছে সকলো দ্বীপৰ বাবে ২০ মিটাৰৰ ‘‘নো ডেভলেপমেণ্ট জোন’’ পৰিবেশতন্ত্ৰৰ দিশৰ পৰা সংবেদনশীল ক্ষেত্ৰসমূত বিশেষ গুৰুত্ব প্ৰদান প্ৰদূষণ হ্ৰাস কৰাত বিশেষ গুৰুত্ব প্ৰদান

Posted On: 28 DEC 2018 3:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে উপকূলীয় নিয়ামক মণ্ডল (চিআৰজেড) জাননী, ২০১৮ক অনুমোদন প্ৰদান কৰিছে৷ ইয়াৰ পূৰ্বৰ সৰ্বেক্ষণ ২০১১ চনতে কৰা হৈছিল আৰু সেই বৰ্ষৰ পৰাই জাৰি কৰা হৈছিল৷ সময়ে সময়ে ইয়াৰ কিছুমান অনুচ্ছেদৰ সংশোধনো কৰা হৈছে৷ চিআৰজেড অধিসূচনা, ২০১১ৰ ব্যৱস্থাপনা, বিশেষকৈ সামুদ্ৰিক তথা উপকূলীয়া পৰিস্থিতিৰ প্ৰৱন্ধন তথা সংৰক্ষণ, উপকূলীয় ক্ষেত্ৰৰ বিকাশ, পৰিবেশতন্ত্ৰীয় পৰ্যটন, উপকূলীয় সম্প্ৰদায়ৰ জীৱিকাৰ সৈতে জড়িত বিকল্প তথা সামূহিক বিকাশ ইত্যাদি সম্বন্ধীয় ব্যৱস্থাপনাসমূহৰ ব্যাপক সমীক্ষাৰ বাবে বিভিন্ন উপকূলীয় ৰাজ্য/কেন্দ্ৰশাসিত প্ৰদেশৰ সৈতে অন্য হিতাধিকাৰীসকলক তথা পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে প্ৰাপ্ত কৰা অনেক অনুৰোধসমূহৰ প্ৰতি ধ্যানকেন্দ্ৰিত কৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

লাভঃ

প্ৰস্তাৱিত চিআৰজেড অধিসূচনা, ২০১৮ৰ দ্বাৰা উপকূলীয় ক্ষেত্ৰত গতিবিধি যথেষ্ট বৃদ্ধি হব যাৰ ফলত আৰ্থিক বিকাশৰ গতিও তীব্ৰ হব৷ ইয়াৰ সৈতে উপকূলীয় ক্ষেত্ৰৰ সংৰক্ষণ সম্বন্ধীয় সিদ্ধান্তসমূহকো গুৰুত্ব প্ৰদান কৰা হব৷ ইয়াৰ দ্বাৰা কেৱল নিয়োজন সৃষ্টি হোৱাই নহয়, উন্নত জীৱনৰ সৈতে ভাৰতৰ অৰ্থব্যৱস্থাৰ মূল্যবৰ্ধনো সুনিশ্চিত হব৷ নতুন অধিসূচনাৰ দ্বাৰা উপকূলীয় ক্ষেত্ৰৰ অতি সংবদেনশীলতা হ্ৰাস হোৱাৰ লগতে ইয়াৰ পুনৰ্জীৱিতকৰণৰো আশা প্ৰকাশ কৰা হৈছে৷

গুৰুত্বপূৰ্ণ বৈশিষ্টসমূহঃ

. চিআৰজেড ক্ষেত্ৰসমূহত বৰ্তমান মানক অনুসৰি এফএছআইৰ অনুমতিঃ চিআৰজেড অধিসূচনা, ২০১১ অনুসৰি চিআৰজেড-(চহৰ)ক্ষেত্ৰসমূহৰ বাবে ফ্লোৰ স্পেছ ইনডেক্স (এফএছআই) অথবা ক্ষেত্ৰ অনুপাত (এএফআৰ)ৰ বৰ্ষ ১৯৯১ৰ বিকাশ নিয়ন্ত্ৰণ নিয়ামক (ডিচিআৰ)ৰ স্তৰ অনুসৰি যথাৰীতি অনুসৰি ৰখা হৈছে৷ চিআৰজেড অধিসূচনা, ২০১৮ত এই স্তৰসমূহক যথাৰীতি অনুসৰি নৰখা আৰু নিৰ্মাণ পৰিযোজনাসমূহৰ বাবে সেই এফএছআই নিশ্চিত কৰাৰ বাবে অনুমতি প্ৰদান কৰাৰ নিৰ্ণয় গ্ৰহণ কৰা হৈছে যি নতুন অধিসূচনাৰ তিথিৰ পৰা প্ৰণয়ন হব৷ ইয়াৰ দ্বাৰা বৰ্ধিত প্ৰয়োজনসমূহ পূৰণ কৰাৰ বাবে এই ক্ষেত্ৰসমূহৰ পুনৰ্বিকাশ সম্ভৱ হব৷

. ঘন আবাদী ক্ষেত্ৰসমূহৰ বিকাশৰ বাবে অধিক অৱকাশ প্ৰদান কৰা হবঃ চিআৰজেড-(গ্ৰামীণ) ক্ষেত্ৰসমূহৰ বাবে এতিয়া দুটা ভিন্ন ভিন্ন শ্ৰেণী নিৰ্দিষ্ট কৰা হৈছে৷ তলত ইয়াৰ উল্লেখ কৰা হৈছেঃ

() চিআৰজেড-৩ ক-বৰ্ষ ২০১১ৰ জনগণনা অনুসৰি প্ৰতি বৰ্গ কিলোমিটাৰত ২১৬১ৰ জনসংখ্যাৰ ঘনত্বৰ সৈতে ঘন আবাদীৰ গ্ৰামীণ ক্ষেত্ৰ৷ এই ধৰণৰ শ্ৰেণীত উচ্চ জোঁৱাৰ ৰেখা (এছটিএল)ৰ ৫০ মিটাৰৰ এনডিজেড (নো ডেভেলপমেণ্ট জোন)’ ব যি চিআৰজেড অধিসূচনা, ২০১১ত এছটিএলত কৈ ২০০ মিটাৰৰ এনডিজেডৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল কাৰণ এই ধৰণৰ ক্ষেত্ৰত চহৰী ক্ষেত্ৰৰ সমানেই বৈশিষ্ট পৰিলক্ষিত হৈছে৷

() চিআৰজেড-৩ খ-বৰ্ষ ২০১১ৰ জনগণনা অনুসৰি প্ৰতি বৰ্গ কিলোমিটাৰ ২১৬১ত কৈ কম জনসংখ্যাৰ ঘনত্বৰ গ্ৰামীণ ক্ষেত্ৰ৷ এই ধৰণৰ ক্ষেত্ৰতো ভৱিষ্যতে এছটিএলত কৈ ২০০ মিটাৰৰ এনডিজেডব৷

. বুনিয়াদী সুবিধাৰ বাবে পৰ্যটনৰ সৈতে জড়িত বুনিয়াদী আন্তঃগাঁথনি নিৰ্মাণৰ বাবে উৎসাহ প্ৰদান কৰা হ- সামুদ্ৰিক উপকূলত এতিয়া পৰ্যটনৰ সৈতে জড়িত অস্থাথী সুবিধাসমূহ যেনে কুটিৰ অথবা সৰু কোঠালি, শৌচালয় ব্ল, কাপোৰ পৰিৱৰ্তন কৰাৰ কোঠালিৰ সৈতে পেয়জল সুবিধা ইত্যাদিৰো অনুমতি প্ৰদান কৰা হৈছে৷ অধিসূচনা অনুসৰি পৰ্যটনৰ সৈতে জড়িত এই ধৰণৰ অস্থায়ী সুবিধাসমূহৰ অনুমতি এতিয়া চিআৰজেড-৩ ক্ষেত্ৰৰ এনডিজেড (নো ডেভেলপমেণ্ট জোন)’তো প্ৰদান কৰা হৈছে৷ অৱশ্যে, এই ধৰণৰ সুবিধাসমূহৰ স্থাপনাৰ বাবে এছটিএলৰ পৰা ১০ মিটাৰৰ ন্যূনতম দূৰত্ব বৰ্তাই ৰাখিব লাগিব৷

. চিআৰজেড অনুমোদনৰ প্ৰক্ৰিয়া সুব্যৱস্থিত কৰা হৈছেঃ চিআৰজেড অনুমোদনৰ সৈতে জড়িত প্ৰক্ৰিয়াসমূহ সৰল কৰা হৈছে৷ কেৱল চিআৰজেড-(পৰিবেশতন্ত্ৰ দৃষ্টিত সংবেদনশীল বুলি ভবা ক্ষেত্ৰসমূহ)তথা চিআৰজেড-(নিম্ন জোঁৱাৰ ৰেখা আৰু সমুদ্ৰৰ ফালে আৰু ১২ সামুদ্ৰিক মাইলৰ মাজত অৱস্থিত ক্ষেত্ৰ)ত অৱস্থিত এই ধৰণৰ পৰিযোজনাসমূহ/গতিবিধিৰ বাবে চিআৰজেড অনুমোদন প্ৰাপ্তিৰ বাবে পৰিবেশ, বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰিব লাগে৷ চিআৰজেড-২ আৰু চিআৰজেড-৩ৰ সম্বন্ধত অনুমোদনৰ অধিকাৰ আৱশ্যকীয় পথ প্ৰদৰ্শনৰ সৈতে ৰাজ্যিক পৰ্যায়ত প্ৰদান কৰা হৈছে৷

. সকলো দ্বীপৰ বাবে ২০ মিটাৰৰ এনডিজেড (নো ডেভেলপমেণ্ট জোন)’ নিৰ্ধাৰণ কৰা হৈছেঃ মুখ্য ভূমি উপকূলৰ কাষত অৱস্থিত দ্বীপসমূহ তথা মুখ্য ভূমিত অৱস্থিত সকলো বেকৱাটাৰ দ্বীপৰ বাবে ২০ মিটাৰৰ এনডিজেড (নো ডেভেলপমেণ্ট জোন)’ নিৰ্ধাৰণ কৰা হৈছে৷ উপলব্ধ স্থলী সীমিত হোৱা বাবে তথা এই ধৰণৰ ক্ষেত্ৰৰ বিশিষ্ট ভৌগোলিক স্থিতিক গুৰুত্ব প্ৰদান কৰি এই নিৰ্ণয় গ্ৰহণ কৰা হৈছে৷ এই ধৰণৰ ক্ষেত্ৰৰ দিশত একত্ৰীকৰণ স্থাপন কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

. পৰিবেশতন্ত্ৰ দৃষ্টিত সংবেদনশীল বুলি ভবা সকলো ক্ষেত্ৰক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছেঃ চিআৰজেড অধিসূচনাৰ এক অংশৰ ৰূপত অনেক সংৰক্ষণ তথা প্ৰৱন্ধন যোজনাৰ সৈতে সম্বন্ধীয় বিশিষ্ট দিশ-নিৰ্দেশনা প্ৰস্তুত কৰা হৈছে৷

. প্ৰদূষণ হ্ৰাস কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছেঃ উপকূলীয় ক্ষেত্ৰত প্ৰদূষণৰ সমস্যাক মোকাবিলা কৰাৰ বাবে চিআৰজেড-১ খ ক্ষেত্ৰসমূহত শোধন সম্বন্ধীয় সুবিধাৰ স্বীকাৰ্যৰ গতিবিধিসমূহ মানি লোৱা হৈছে৷ অৱশ্যে এই সম্বন্ধত কিছুমান আৱশ্যকীয় সুৰক্ষা ব্যৱস্থাসমূহক ধ্যান দিয়া হৈছে৷

. ৰক্ষা তথা ৰণনীতি পৰিযোজনাসমূহক আৱশ্যক অনুসাৰে ৰেহাই প্ৰদান কৰা হৈছে

পৃষ্ঠভূমিঃ

উপকূলীয় ক্ষেত্ৰৰ সংৰক্ষণ তথা সুৰক্ষাৰ উদ্দেশ্যক গুৰুত্ব প্ৰদান কৰি পৰিবেশ, বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে বৰ্ষ ১৯৯১ত উপকূলীয় নিয়ামক মণ্ডল অধিসূচনা প্ৰণয়ন কৰিছিল যাৰ ২০১১ চনত সংশোধন কৰা হৈছিল৷ এই সম্বন্ধত সময়ে সময়ে প্ৰাপ্ত অনুৰোধসমূহক গুৰুত্ব প্ৰদান কৰি অধিসূচনাক সংশোধিত কৰা হৈছে৷ সামুদ্ৰিক তথা উপকূলীয় পৰিবেশতন্ত্ৰৰ প্ৰৱন্ধন তথা সংৰক্ষণ, উপকূলীয় ক্ষেত্ৰৰ বিকাশ, পৰিবেশতন্ত্ৰীয় পৰ্যটন, উপকূলীয় সম্প্ৰদায়সমূহৰ জীৱিকাৰ সৈতে জড়িত বিকল্প তথা সামূহিক বিকাশ ইত্যাদি সম্বন্ধীয় ব্যৱস্থাসমূহৰ ব্যাপক সমীক্ষাৰ বাবে বিভিন্ন উপকূলীয় ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশৰ সৈতে অন্য হিতাধিকাৰীসকলৰ তৰফৰ পৰা প্ৰাপ্ত অনেক অনুৰোধৰ আধাৰত এই অধিসূচনাৰ ব্যাপক সংশোধনী কৰাৰ প্ৰযোজনীয়তা অনুভৱ কৰা হৈছে৷

এই দিশটোক গুৰুত্ব প্ৰদান কৰি পৰিবেশ, বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ডঃ শৈলেশ নায়ক (ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ সচিব)ৰ অধ্যক্ষতাত ২০১৪ চনৰ জুন মাহত এক সমিতি গঠন কৰিছিল যাক চিআৰজেড অধিসূচনা, ২০১১ত উপযুক্ত পৰিৱৰ্তনৰ প্ৰস্তাৱ দিয়াৰ বাবে উপকূলীয় ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশ তথা অন্য হিতাধিকাৰীসকলৰ বিচাৰধাৰাৰ সৈচে বিভিন্ন বিষয়তো গুৰুত্ব প্ৰদান কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল৷

চিআৰজেড অধিসূচনাত কৰা পৰিৱৰ্তনৰ দ্বাৰা ব্যয়সাধ্য আবাসৰ বাবে অতিৰিক্ত অৱকাশ সৃষ্টি হোৱাতো সহায়ক হব৷ ইয়াৰ দ্বাৰা কেৱল আবাস ক্ষেত্ৰই নহয়, আশ্ৰয় সন্ধান কৰা মানুহো লাভান্বিত হব৷ এই অধিসূচনা এক বিশেষ ধৰণে প্ৰস্তুত কৰা হৈছে৷ ইয়াৰ দ্বাৰা সম্বন্ধীয় প্ৰয়োজনীয়তাত কিছুমান এই ধৰণৰ সমুচিত ভাৰসাম্যতা স্থাপিত হয় যাৰ দ্বাৰা দুয়োটাই পূৰণ হয়৷ পৰ্যটনো জীৱিকা আৰু নিয়োজনৰ বিশাল অৱকাশৰ দ্বাৰা সমৃদ্ধ হয়৷ নতুন অধিসূচনা অধিক গতিবিধি, অধিক বুনিয়াদী পৰিকাঠামো সুবিধা তথা অধিক অৱকাশৰ দ্বাৰা পৰ্যটন সমৃদ্ধ হব আৰু লগতে পৰ্যটনৰ বিভিন্ন পদক্ষেপত নিয়োজনৰ সুবিধা সৃষ্টি কৰাত নিশ্চিত ৰূপে যথেষ্ট সহায়ক হব৷ ইয়াৰ দ্বাৰা সেই লোকসমূহেও যথেষ্ট উৎসাহ পাব যি সমুদ্ৰৰ অৱলোকন কৰি ইয়াৰ সৌন্দৰ্যৰ সুধা পান কৰাৰ বাবে অতিশয় ইচ্ছুক৷

 

******

AKT/SH/MANN



(Release ID: 1557871) Visitor Counter : 108