প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰলৈ উচৰ্গা কৰিলে বগীবিল দলং; প্ৰথমখন যাত্ৰীবাহী ৰে’লৰ বাবে কৰিলে ফ্লেগ অফ্
Posted On:
25 DEC 2018 4:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ বগীবিল দলংখন ৰাষ্ট্ৰলৈ উচৰ্গা কৰে৷ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা এই দলংখনে অসমৰ ডিব্ৰুগড় আৰু ধেমাজি জিলাক সংযোজিত কৰি ৰাষ্ট্ৰৰ অৰ্থনৈতিক সমৃদ্ধিত উত্তৰণ কৰিছে৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত কাৰেং চাপৰিত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে দলংখনৰ ওপৰেৰে যোৱা প্ৰথমখন যাত্ৰীবাহী ৰে’লৰ ফ্লেগ অফো কৰে৷
ৰাজহুৱা সভাখনত বক্তৃতা প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অলপতে দেহাৱসান হোৱা অসমৰ স্বনামধন্য গায়িকা দীপালী বৰঠাকুৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তাৰোপৰি তেওঁ অসম তথা ৰাষ্ট্ৰলৈ বিভিন্ন সন্মান কঢ়িয়াই অনা অন্যান্য খ্যাতনামা ব্যক্তিসকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেওঁ ৰাইজক বৰদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে৷ তেওঁ কয় যে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন আৰু আজিৰ দিনটোক ‘সুশাসন দিৱস’ অথবা ‘গুড গভাৰ্ণেন্স ডে’’ হিচাপে পালন কৰা হয়৷
প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা চাৰে চাৰি বছৰত কেন্দ্ৰীয় চৰকাৰে সুশাসনৰ দিশত অগ্ৰসৰ হৈছে৷ তেওঁ কয় যে ঐতিহাসিক বগীবিল ৰে’ল আৰু পথ দলংখন এই উদ্দেশ্যৰে স্বৰূপ৷ দলংখনক কাৰিকৰী আৰু প্ৰযুক্তিৰ অদ্ভুত সমাহাৰ বুলি উল্লেখ কৰি তেওঁ কয় যে এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ দূৰত্ব হ্ৰাস কৰিব৷ ইয়াৰ জৰিয়তে অঞ্চলটোত ‘ইজ অব্ লিভিঙ’ৰ উত্তৰণো হ’ব বুলি তেওঁ জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে এই দলংখন অঞ্চলটোৰ বাসিন্দাৰ বাবে এক সপোন আছিল যি আজি বাস্তৱত পৰিণত হৈছে৷ তেওঁ কয় যে ডিব্ৰুগড় স্বাস্থ্যসেৱা, শিক্ষা আৰু বাণিজ্যৰ এক মুখ্যকেন্দ্ৰ আৰু এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লোকসকলেও অধিক সহজ উপায়েৰে এই সুবিধা লাভ কৰিব পাৰিব৷
দলংখনৰ নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন লোকৰ অৱদানক প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে৷
তেওঁ ২০১৭ চনৰ মে’ মাহত অসমৰ শদিয়াত দেশৰ সবাতোকৈ পথ দলং ভূপেন হাজৰিকা সেতু মুকলি কৰাৰ কথা সোঁৱৰণ কৰে৷
প্ৰধানমন্ত্ৰীয়ে ৬০-৭০ বছৰৰ ভিতৰত ব্ৰহ্মপুত্ৰত কেৱল তিনিখনহে দলং নিৰ্মাণৰ কথাত উদ্বেগ প্ৰকাশ কৰে৷ তেওঁ যোৱা চাৰে চাৰি বছৰত তিনিখন দলং সম্পূৰ্ণ হোৱাৰ কথাও উল্লেখ কৰে৷ অন্য পাঁচখন নিৰ্মাণৰ পথত বুলিও তেওঁ জানিবলৈ দিয়ে৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণপাৰৰ সংযোগেই সুশাসনৰ লক্ষণ বুলি তেওঁ অভিহিত কৰে৷ তেওঁ কয় যে দ্ৰুত বিকাশে উত্তৰ পূৰ্বাঞ্চলক পৰিৱৰ্তিত কৰিব৷
ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰিবহণৰ জৰিয়তে পৰিৱৰ্তনৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে দেশত আন্তঃগাঁথনি নিৰ্মাণৰ কাম দ্ৰুত গতিত চলিবলৈ ধৰিছে৷
অসমৰ ৰাজ্য চৰকাৰে পূৰ্বৰ ওলমি থকা প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাত প্ৰদান কৰা প্ৰয়াসক প্ৰধানমন্ত্ৰীয়ে শলাগে৷ তেওঁ কয় যে যোৱা চাৰে চাৰি বছৰত প্ৰায় ৭০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ হৈছে৷ তাৰোপৰি তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ সৈতে জড়িত অন্যান্য যোগাযোগৰ প্ৰকল্পসমূহৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ কয় যে শক্তিশালী আৰু বিকশিত পূব ভাৰতেই হ’ল শক্তিশালী আৰু বিকশিত ভাৰতৰ মূল চাবিকাঠি৷ আন্তঃগাঁথনিৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে অসমৰ বিকাশত অৰিহণা যোগোৱা উজ্বলা আঁচনি, স্বচ্ছ ভাৰত অভিযানৰ বিষয়েও উল্লেখ কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে আজি দেশৰ বিভিন্ন প্ৰান্তৰ তৰুণ প্ৰজন্মই ভাৰতলৈ খ্যাতি কঢ়িয়াই আনিছে৷ এই সন্দৰ্ভত তেওঁ অসমৰ হিমা দাসৰ কথা উল্লেখ কৰি কয় যে এই তৰুণীগৰাকী বৰ্তমান নতুন ভাৰতৰ আত্মবিশ্বাসৰ প্ৰতীক হৈ উঠিছে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ভাৰতৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা অনুসাৰে আন্তঃগাঁথনি নিৰ্মাণত প্ৰয়াস কৰিছে৷
*****
AKT/ VJ/MANN
(Release ID: 1557326)
Visitor Counter : 169