কেবিনেট
স্বাস্থ্যসেৱা আৰু কল্যাণ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ মাজত সম্পন্ন হোৱা সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন
পোষ্ট কৰা হৈছে:
06 DEC 2018 9:19PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে স্বাস্থ্যসেৱা আৰু কল্যাণ ক্ষেত্ৰত ২৯ অক্টোবৰ ২০১৮ তাৰিখে স্বাক্ষৰিত হোৱা সহযোগিতাৰ বুজাবুজি চুক্তিপত্ৰত (এমঅ’চি)অনুমোদন প্ৰদান কৰিছে৷
এই এমঅ’চিত নিম্মোক্ত ক্ষেত্ৰসমূহসমূহ সামৰি লোৱা হৈছেঃ
(ক) নিৰ্দিষ্ট কিছুমান প্ৰকল্পৰ উত্তৰণঃ
১. জটিল ঔষধ, অস্ত্ৰোপচাৰ আৰু ট্ৰ’মা যত্ন আৰু প্ৰতিটো ক্ষেত্ৰৰ নতুন প্ৰত্যহ্বানমূলক ক্ষেত্ৰত মানৱ সম্পদৰ বিকাশ;
২. ক্লিনিকেল পৰীক্ষাৰ বাবে অত্যাধুনিক যৌথ পৰীক্ষা গৱেষণাগাৰৰ স্থাপন;
৩. প্ৰশিক্ষাৰ্থী শুশ্ৰূষা কৰ্মীৰ বাবে জাপানীজ ভাষা শিক্ষা কেন্দ্ৰৰ স্থাপন;
৪. এইউএমএছৰ দৰে দুয়োখন দেশত তৃতীয় পক্ষৰ সেৱা কেন্দ্ৰ স্থাপনত সহযোগিতা স্থাপন; আৰু
৫. জ্যেষ্ঠ নাগৰিকৰ শুশ্ৰূষাৰ বাবে প্ৰযুক্তিগত প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে সংস্থাসমূহক প্ৰাক্-বক্তৃতা প্ৰদানৰ অৰ্থে জাপানৰ স্বীকৃতপ্ৰাপ্ত শুশ্ৰূষা কৰ্মীক জাপানৰ আমন্ত্ৰণ আৰু জাপানৰ প্ৰশিক্ষণ প্ৰদান কৰাসকলক দিয়া অনুসৰি পাঠ্যপুথি প্ৰদান৷
(খ) আন্তঃগাঁথনিৰ বিকাশঃ
১. কেন্দ্ৰীয় ব্যৱস্থাপনা স্বাস্থ্যসেৱা বিতৰণ কেন্দ্ৰৰ স্থাপন;
২. স্বাস্থ্যসন্মত ব্যয়সাধ্য শৌচাগাৰৰ ব্যৱহাৰৰ বৃদ্ধিৰ দ্বাৰা অনাময় পৰিবেশৰ উত্তৰণ;
৩. ৰোগীৰ তথ্য বিশ্লেষণ আৰু তথ্য আৰু যোগাযোগ প্ৰযুক্তি তথা ঔষধত কৃত্ৰিম বুদ্ধিমত্তা আদিৰ দ্বাৰা আনুষ্ঠানিক সহযোগিতাৰ উত্তৰণ;
৪. ভাৰতত ভাৰত-জাপান উদ্ভাৱন কেন্দ্ৰ;
৫. ভাৰতত হাই এণ্ড ম’বাইল বিএছএল ৩ গৱেষণাগাৰৰ সুবিধা স্থাপন; আৰু
৬. ‘‘মেক ইন ইণ্ডিয়া’’ৰ অধীনত নিৰ্মাণ খণ্ড স্থাপনৰ বিশেষ লক্ষ্য নিৰ্ধাৰণৰ দ্বাৰা পইণ্ট অব্ কেয়াৰ চিকিৎসাসহিতে হাই এণ্ড চিকিৎসা সঁজুলি লাভৰ সহযোগিতা৷
(গ) মানৱ বিকাশঃ
১. মি-বায়’ আৰু আয়ুৰ্বেদৰ দৰে স্বাস্থ্য-স্ব-ব্যৱস্থাপনাৰ উত্তৰণৰ বাবে মানৱ সম্পদ, গৱেষণা আৰু প্ৰকল্পৰ উত্তৰণ; আৰু
২. ভাৰত-জাপান ৰাজহুৱা আৰু ব্যক্তিগত স্বাস্থ্যসেৱা মঞ্চৰ স্থাপন৷
(ঘ) আয়ুষ্মান ভাৰত কাৰ্যসূচী আৰু অন্যান্য পদক্ষেপ তথা এএইচডব্লিউএম আদিৰ দৰে ক্ষেত্ৰত সহযোগিতা উত্তৰণৰ বাবে পাৰস্পৰিকভাৱে লোৱা সিদ্ধান্ত গ্ৰহণ; আৰু
(ঙ) এমঅ’চিৰ অধীনত পৰিকল্পিত সহযোগিতাৰ ক্ষেত্ৰৰ উত্তৰণৰ বাবে পাৰস্পৰিকভাৱে লোৱা সিদ্ধান্ত গ্ৰহণ৷
এই এমঅ’চিৰ প্ৰণয়ন নিৰীক্ষণৰ বাবে তথা সহযোগিতাৰ ক্ষেত্ৰসমূহ সম্প্ৰসাৰণৰ বাবে উচ্চ পৰ্যায়ৰ পৰামৰ্শদায়ক প্ৰণালীৰ যৌথ সমিতি স্থাৰন কৰা হ’ব৷
*****
AKSH/MANN
(ৰিলিজ আই ডি : 1555319)
অতিথি কক্ষ : 105