প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জি এচ এ টি-২৯ কৃত্ৰিম উপগ্ৰহক কঢ়িয়াই নিয়া জি এচ এল ভি এম কে ৩-ডি২ ৰ সফল প্ৰক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানীসকললৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 14 NOV 2018 6:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জি এচ এ টি-২৯ কৃত্ৰিম উপগ্ৰহক কঢ়িয়াই নিয়া জি এচ এল ভি এম কে ৩-ডি২ ৰ সফল প্ৰক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানীসকললৈ অভিনন্দন জ্ঞাপন কৰে।

জি এচ এ টি-২৯ কৃত্ৰিম উপগ্ৰহক কঢ়িয়াই নিয়া জি এচ এল ভি এম কে ৩-ডি২ ৰ সফল প্ৰক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানীসকললৈ মোৰ আন্তৰিক অভিনন্দন।এই দ্বৈত সফলতাই ভাৰতে প্ৰক্ষেপণ কৰা যানৰ কক্ষপথত আটাইতকৈ গধুৰ কৃত্ৰিম উপগ্ৰহ প্ৰতিস্থাপনৰ নতুন অভিলেখ গঢ়িলে।

এই কৃত্ৰিম উপগ্ৰহই দেশৰ আটাইতকৈ দুৰ্গম স্থানলৈয়ো যোগাযোগ তথা ইন্টাৰনেটৰ সুবিধা প্ৰদানত সহায় কৰিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

***

AKT/SH/PRK



(Release ID: 1553858) Visitor Counter : 65