প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ৱেষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱেৰ কুণ্ডলী-মানেছৰ অংশ আৰু বল্লৱগড়-মুজেছৰ মেট্ৰ’ সংযোগী পথ

Posted On: 19 NOV 2018 7:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ৱেষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱেৰ কুণ্ডলী-মানেছৰ অংশ আৰু বল্লৱগড়-মুজেছৰ মেট্ৰসংযোগী পথ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানা গুৰুগ্ৰামৰ ছুলতানপুৰত কুণ্ডলী-মানেছৰ-পালৱাল(কেএমপি) ৱেষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে উদ্বোধন কৰে৷ তেওঁ লগতে বল্লৱগড়-মুজেছৰ সংযোগী পথ আৰু শ্ৰী বিশ্বকৰ্মা দক্ষ বিশ্ববিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে৷

এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে এই এক্সপ্ৰেছৱে আৰু মেট্ৰযোগাযোগ ব্যৱস্থাই হাৰিয়ানাৰ পৰিবহণ খণ্ডত নৱজাগৰণৰ সূচনা কৰিব৷ তেওঁ লগতে কয় যে শ্ৰী বিশ্বকৰ্মা দক্ষ বিশ্ববিদ্যালয়ে অঞ্চলটোৰ যুৱক-যুৱতীসকলকো প্ৰচূৰ পৰিমাণে উপকৃত কৰিব৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে কেএমপি এক্সপ্ৰেছৱে প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়ে৷ তেওঁ কয় যে এক্সপ্ৰেছৱেটোৱে দিল্লী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ প্ৰদূষণ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা পৰিৱেশ অনুকূল ভ্ৰমণৰ সমান্তৰালভাৱে লোকসকলৰ জীৱন-যাপনোসহজ কৰি তুলিব৷

পৰিবহণ যোগাযোগৰ গুৰু্ত্বৰ ওপৰত জোঁৰ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ই হৈছে সমৃদ্ধি, সবলীকৰণ আৰু সহজলভ্যতাৰ এক মাধ্যম৷ তেওঁ কয় যে ঘাইপথ, মেট্ৰ্আৰু জলপথৰ পৰিৱেশ গঢ়ি তোলা হৈছে, যিবোৰে সংস্থাপনৰ সূযোগ, বিশেষকৈ সামগ্ৰী প্ৰস্তুতকৰণ, নিৰ্মাণ আৰু সেৱা খণ্ডৰ সূযোগ সৃষ্টি কৰিব৷ তেওঁ উল্লেখ কৰে যে ২০১৪ চনত প্ৰতিদিনে ১২ কিলোমিটাৰকৈ ঘাইপথ নিৰ্মাণ হোৱাৰ বিপৰীতে বৰ্তমান ২৭ কিলোমিটাৰকৈ নিৰ্মাণ হয়৷ তেওঁ কয় যে এইটোৱে কেন্দ্ৰীয় চৰকাৰে পৰিৱৰ্তনশীল ভাৰতৰ দিশত কৰা কামৰ দৃষ্টিভংগীকে প্ৰদৰ্শিত কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশৰ যুৱক-যুৱতীসকলৰ আশা-আকাংক্ষা পূৰণ কৰাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ৷ তেওঁ প্ৰকাশ কৰে যে শ্ৰী বিশ্বকৰ্মা দক্ষ বিশ্ববিদ্যালয়ে যুৱসমাজক দক্ষ কৰি তুলি নতুন সূযোগ প্ৰদান কৰাত প্ৰধান ভূমিকা পালন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানা চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগী সফলতাৰে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়৷ তেওঁ হাৰিয়ানাৰ যুৱক-যুৱতীসকলে দেশৰ প্ৰতি আগবঢ়োৱা বৰঙণি, বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে প্ৰশংসা কৰে৷

****

AKT/VJ/SK/DB



(Release ID: 1553855) Visitor Counter : 62