প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাৰাণসীত প্ৰধানমন্ত্ৰীঃ ৰাষ্ট্ৰলৈ মাল্টিমডেল টাৰ্মিনেল উচৰ্গা; পথৰ বৃহৎ প্ৰকল্প মুকলি

Posted On: 12 NOV 2018 9:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসী ভ্ৰমণ কৰে৷

তেওঁ প্ৰায় ২৪০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ইয়াক ৰাষ্ট্ৰলৈ উচৰ্গাও কৰে৷

তেওঁ গংগা নদীত অৱস্থিত মাল্টিমডেল টাৰ্মিনেলটো ৰাষ্ট্ৰলৈ উচৰ্গা কৰাৰ লগতে প্ৰথমটো কণ্টেইনাৰ কাৰ্গক আদৰণি জনায়৷ তেওঁ বাৰাণসী ৰিং পথৰ প্ৰথম পৰ্যায় তথা ৫৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ববতপুৰ-বাৰাণসী অংশৰ চাৰিলেনযুক্ত পথটোৰ নিৰ্মাণ আৰু বিকাশ মুকলি কৰে৷ ইয়াৰোপৰি তেওঁ বাৰাণসীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মুকলিও কৰে৷

এখন বিশাল জনসভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় য়ে আজিৰ দিনটো কাশীৰ বাবে, পূৰ্বাঞ্চলৰ বাবে, পূব ভাৰতৰ বাবে আৰু বিশেষকৈ সমগ্ৰ ভাৰতৰ বাবে এক ঐতিহাসিক দিন৷ তেওঁ কয় যে যি উন্নয়ন আজি সম্পন্ন হৈছে সেয়া দহ বছৰ পূৰ্বেই হব লাগিছিল৷ তেওঁ কয় যে বাৰাণসীৰ সৈতে সমগ্ৰ দেশে এতিয়া পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনিয়ে পৰিবহণৰ ৰূপ কিদৰে পৰিৱৰ্তন কৰিব পাৰে সেই ঘটনাৰ সাক্ষী হৈছে৷

বাৰাণসীত আহি উপস্থিত হোৱা প্ৰথমটো অন্তৰ্দেশীয় কণ্টেইনাৰ ভেছেলৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই জলপথৰ জৰিয়তে এতিয়াৰে পৰা উত্তৰ প্ৰদেশৰ পূব অংশ বংগোপ সাগৰৰ সৈতে সংযোজিত হল৷

তেওঁ আজি আধাৰশিলা স্থাপন কৰিবলগীয়া নমামি গংগেৰ সৈতে সম্বন্ধীয় বিভিন্ন প্ৰকল্প, পথৰ প্ৰকল্পৰ কথাও উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে অন্তৰ্দেশীয় জলপথে সময় আৰু ধন ৰাহি কৰাৰ লগতে পথৰ ভিৰ তথা ইন্ধনৰ ব্যয় আৰু প্ৰদূষণ হ্ৰাস কৰিব বুলি মন্তব্য কৰে৷

তেওঁ কয় যে বাৰাণসীৰ সৈতে ববতপুৰ বিমানবন্দৰ সংযোগী পথটোৱে ভ্ৰমণৰ সুবিধা প্ৰদান কৰাৰ লগতে পৰ্যটককো আকৰ্ষণ কৰিবলৈ সমৰ্থ হব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত চাৰিটা বৰ্ষত আধুনিক আন্তঃগাঁথনি তীব্ৰ গতিত নিৰ্মাণ কৰা হৈছে৷ তেওঁ কয় যে দুৰ্গম অঞ্চলত বিমানবন্দৰ স্থাপন, উত্তৰ পূৰ্বাঞ্চললৈ ৰেলৰ সংযোগ, গ্ৰামীণ পথ তথা ঘাইপথসমূহ এতিয়া কেন্দ্ৰীয় চৰকাৰৰ এক পৰিচয় হিচাপে বিবেচিত হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে নমামি গংগেৰ অধীনত প্ৰকল্পসমূহৰ বাবে ২৩,০০০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে৷ গংগা নদীৰ পাৰত অৱস্থিত প্ৰাস সকলোবোৰ গাঁও এতিয়া মুক্ত স্থানত কৰা মলত্যাগৰ অভ্যাসৰ পৰা মুক্ত হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ তেওঁ কয় যে এই প্ৰকল্পসমূহ কেন্দ্ৰ চৰকাৰে গংগা নদী পৰিষ্কাৰকৰণৰ বাবে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ এক অংশ৷

 

***

AKT/SH/MANN



(Release ID: 1553853) Visitor Counter : 72