প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন উপদেষ্টা পৰিষদ (পিএম-এছটিআইএচি)ৰ সৈতে বাৰ্তালাপ কৰে

Posted On: 13 NOV 2018 2:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন উপদেষ্টা পৰিষদ (পিএম-এছটিআইএচি)ৰ সৈতে এক বৈঠকত মিলিত হয়৷ এই পৰিষদে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে জড়িত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সম্পৰ্কীয় সকলো ঘটনাৰ নিৰীক্ষণ, প্ৰণয়নৰ লগতে ইয়াৰ সমস্যাসমূহৰ সমাধানো প্ৰদান কৰে৷

পৰিষদৰ সদস্যসমূহে প্ৰধানমন্ত্ৰীক বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰধান ক্ষেত্ৰসমূহত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ, উদ্ভাৱন তথা গৱেষণা সম্পৰ্কে অৱগত কৰে৷

প্ৰধানমন্ত্ৰীয়ে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ফলাফলসমূহে যাতে সাধাৰণ মানুহক স্পৰ্শ কৰিব পাৰে, দৈনিক সাধাৰণ সমস্যাসমূহ যাতে সমাধান কৰিব পাৰে আৰু ভাৰতৰ জনসাধাৰণক ইজ অব্ লিভিঙৰ সুবিধা প্ৰদান কৰিব পাৰে সেই সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে৷ এই প্ৰসংগত তেওঁ পৰিষদৰ সদস্যসকলক শিক্ষানুষ্ঠান, গৱেষণা আৰু বিকাশ গৱেষণাগাৰ, উদ্যোগ আৰু বিভিন্ন চৰকাৰী বিভাগসমূহৰ মাজত শক্তিশালী সম্পৰ্ক স্থাপনৰ দিশত কাম কৰাৰ বাবে আহ্বান জনায়৷ তেওঁ শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত থকা প্ৰতিবন্ধকসমূহ দূৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে৷

প্ৰধানমন্ত্ৰীয়ে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজৰ পৰা বিজ্ঞানমনস্কতাৰ প্ৰতিভাসমূহ সন্ধান কৰাৰ বাবে উপযুক্ত প্লেটফৰ্ম স্থাপন কৰি তেওঁলোকক জিলা আৰু আঞ্চলিক পৰ্যায়ত অটল টিংকাৰিং লেবৰ সৈতে সংযোগ কৰিবলৈ আহ্বান জনায়৷ বৈঠকত প্ৰধানমন্ত্ৰীয়ে গৱেষণাৰ কিছুমান অগ্ৰাধিকাৰযুক্ত ক্ষেত্ৰ যেনে কৃষিক্ষেত্ৰৰ উপাৰ্জন বৃদ্ধি, এনিমিয়াৰ দৰে ক্ৰনিক আৰু জেনেটিক ৰোগৰ সমাধান, জাবৰ ব্যৱস্থাপনা তথা চাইবাৰ সুৰক্ষা আদিৰ বিষয়েও আলোকপাত কৰে৷

এই বৈঠকত উপস্থিত আছিল প্ৰধানমন্ত্ৰীৰ প্ৰধান বিজ্ঞান উপদেষ্টা অধ্যাপক কে বিজয় ৰাঘৱন, পৰিষদৰ অন্যান্য সদস্যসকল তথা ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল৷

 

 

*****

AKT/KP/SK/MANN



(Release ID: 1553820) Visitor Counter : 43