কেবিনেট

দাদৰা আৰু নগৰ হাভেলী কেন্দ্ৰীয় শাসিত অঞ্চলৰ ছিলভাছাত চিকিৎসা মহাবিদ্যালয় স্থাপনত কেবিনেটৰ অনুমোদন

Posted On: 22 NOV 2018 1:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে দাদৰা আৰু নগৰ হাভেলীৰ ছিলভাছাত চিকিৎসা মহাবিদ্যালয় স্থাপনত অনুমোদন প্ৰদান কৰিছে৷

বিশেষ বৈশিষ্টসমূহঃ

. কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলীৰ ছিলভাছাত ১৮৯ কোটি টকা বাজেটেৰে চিকিৎসা মহাবিদ্যালয়ৰ স্থাপন কৰা হব যি দুটা বৰ্ষ ২০১৮-১৯ আৰু ২০১৯-২০ত ক্ৰমে ১১৪ কোটি টকা আৰু ৭৫ কোটি টকাকৈ আৱণ্টন দিয়া হব৷ বছৰি ১৫০ গৰাকী শিক্ষাৰ্থীয়ে ইয়াত নামভৰ্তি কৰিব পাৰিব৷

. এই প্ৰকল্পটো ২০১৯-২০ত সম্পূৰ্ণ হব আৰু নিৰ্মাণ তথা মূলধনী ব্যয় ভাৰতীয় চিকিৎসা পৰিষদ (এমচিআই)ৰ নিয়মাৱলী অনুসৰি তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি পালন কৰা হব৷

. চিকিৎসা মহাবিদ্যালয়খনৰ বাৰ্ষিক ব্যয় কেন্দ্ৰীয় শাসিত অঞ্চললৈ আৱণ্টন দিয়া বাজেটৰ দ্বাৰা ব্যৱস্থাপনা কৰা হব৷

. স্থাপনা ব্যয় সমিতি (চিইই)ৰ পৰামৰ্শ অনুসৰি ১৪টা জেএছ পৰ্যায়ৰ ২১টা নিয়মীয়া পদ আৰু বাকী ৩৫৭টা নিয়মীয়া পদ (শৈক্ষিক আৰু অনা-শৈক্ষিক পদক সামৰি)সৃষ্টি কৰা হব৷

লাভসমূহঃ

এই অনুমোদনৰ দ্বাৰা পৰ্যাপ্ত সংখ্যাত চিকিৎসক উপলব্ধ হব৷ ই দুয়োখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিক্ষাৰ্থীসকলক চিকিৎসা শিক্ষাৰ সুবিধা প্ৰদান কৰিব৷ তাৰোপৰি ই অঞ্চলটোত বিদ্যমান জিলা চিকিৎসালয়সমূহৰ ব্যৱহাৰিক উপযোগিতা বৃদ্ধি কৰাৰ লগতে আন্তঃগাঁথনিও সুদৃঢ় কৰিব৷ এই চিকিৎসা মহাবিদ্যালয়খনে শিক্ষাৰ্থীসকলক উপকৃত কৰাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ জনজাতি তথা গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীসকলক সামাজিক সমতা স্থাপনত সহায় কৰিব৷ চিকিৎসকৰ সংখ্যা বৃদ্ধিৰ জৰিয়তে অঞ্চলটোত স্বাস্থ্যসেৱাৰ গুণগতমান বৃদ্ধি হব৷

 

**********

AKT/MANN



(Release ID: 1553811) Visitor Counter : 77