কেবিনেট

দেশৰ বিভিন্ন স্থানত পিপিপি আৰ্হিত ভাৰতীয় দক্ষতা প্ৰতিষ্ঠান স্থাপনৰ বাবে আঁচনি গ্ৰহণত কেবিনেটৰ অনুমোদন

পোষ্ট কৰা হৈছে: 24 OCT 2018 1:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দেশৰ বিভিন্ন স্থানত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্বৰ (পিপিপি) আৰ্হিত ভাৰতীয় দক্ষতা প্ৰতিষ্ঠান স্থাপনৰ বাবে আঁচনি গ্ৰহণত অনুমোদন জনাইছে। এই প্ৰতিষ্ঠানসমূহ নিৰ্বাচিত এলেকাত তাৰ চাহিদা আৰু উপলব্ধ আন্তঃগাঁথনিৰ ভিত্তিত স্থাপন কৰা হব।

এই প্ৰতিষ্ঠানসমূহত ভাৰতীয় অৰ্থনীতিৰ উন্নত মানৰ দক্ষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি বৈশ্বিক প্ৰতিযোগিতাৰ গৱেষণামূলক শিক্ষাৰ প্ৰয়োগেৰে সেইবোৰক প্ৰত্যক্ষভাৱে উদ্যোগৰ সৈতে জড়িত কৰা হ এই প্ৰতিষ্ঠানসমূহত উন্নতমানৰ দক্ষ প্ৰশিক্ষণ আৰু উদ্যোগ তথা বিশ্বৰ প্ৰতিযোগিতামূলক খণ্ডসমূহৰ সৈতে সংযোগ স্থাপনেৰে ইয়াৰ পৰিসৰ সম্প্ৰসাৰণ কৰাৰ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলক সূযোগ প্ৰদান কৰি তেওঁলোকৰ আশ-আকাংক্ষা বৃদ্ধি কৰা হব।

ব্যক্তিগত খণ্ডৰ উদ্যোগ আৰু চৰকাৰী ভূমি মূলধন হিচাপে লৈ দক্ষতা, জ্ঞান আৰু প্রতিযোগিতাসম্পন্ন নতুন প্রতিষ্ঠান গঢ়ি তোলা হব।

*************

NW/AKT/SH/DB


(ৰিলিজ আই ডি : 1550830) অতিথি কক্ষ : 116
ত এই ৰিলিজটো পঢ়ক: English , Marathi , Bengali , Gujarati , Tamil , Telugu , Kannada , Malayalam