প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১২ অক্টোবৰত এনএইচআৰচিৰ ৰূপালী জয়ন্তী প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 11 OCT 2018 5:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ অক্টোবৰ তাৰিখে নতুন দিল্লীত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (এনএইচআৰচি)ৰ ৰূপালী জয়ন্তী প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিব৷

এই উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা ডাক টিকটো প্ৰকাশ কৰিব৷ তাৰোপৰি তেওঁ এনএইচআৰচিৰ এটা নতুন সংস্কৰণৰ ৱেৱছাইটো মুকলি কৰিব৷ এই ৱেবছাইটো ব্যৱহাৰৰ বাবে অধিক বন্ধুত্বসূলভ হ’ব৷

প্ৰধানমন্ত্ৰী উপস্থিত ব্যক্তিসকলৰ সন্মুখত ভাষণ প্ৰদান কৰিব৷

*****

AKT/KP/SBP/MANN


(रिलीज़ आईडी: 1550431) आगंतुक पटल : 77
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Marathi , Bengali , Gujarati , Tamil , Kannada