প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ হাৰিয়ানা ভ্ৰমণ, ছাৰ ছোটু ৰামৰ মুৰ্তি উন্মোচন, ৰে’লৰ দবা পুনৰ নিৰ্মাণ কাৰখানাৰ আধাৰশিলা স্থাপন
प्रविष्टि तिथि:
09 OCT 2018 6:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ ছাম্পলা, ৰোহটক ভ্ৰমণ কৰে৷
তেওঁ আজি দীনবন্ধু ছাৰ ছোটু ৰামৰ এক মুৰ্তি উন্মোচন কৰাৰ লগতে এখন ৰাজহুৱা সভাত সোনেপটৰ ৰে’লৰ দবা পুনৰ নিৰ্মাণ কাৰখানাৰ আধাৰশিলাও স্থাপন কৰে৷ এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত দেশৰ উত্তৰ অঞ্চলত ৰে’লৰ দবাৰ পুনৰ নিৰ্মাণ তথা প্ৰতিপালনৰ এক বৃহৎ কাৰখানা স্থাপিত হ’ব৷ ইয়াক মডুলাৰ আৰু প্ৰিফেব্ৰিকেটেড নিৰ্মাণ প্ৰযুক্তি, আধুনিক যন্ত্ৰাংশ আৰু পৰিবেশ অনুকূল হিচাপে নিৰ্মাণ কৰা হৈছে৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৌধুৰী ছোটু ৰাম সমাজ সংস্কাৰক আছিল যিয়ে ভাৰতলৈ প্ৰভূত অৰিহণা আগবঢ়াই থৈ গৈছে৷ তেওঁ ছাৰ ছোটু ৰামক সমাজৰ নিষ্পেষিত অংশৰ শক্তিশালী কণ্ঠ বুলি অভিহিত কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে সোণেপটত নিৰ্মীয়মান ৰে’লৰ দবা পুনৰ নিৰ্মাণ কাৰখানাই কেৱল সোণেপটকে নহয় সমগ্ৰ হাৰিয়ানাকে উপকৃত কৰিব৷ ইয়াৰ দ্বাৰা অঞ্চলটোৰ ক্ষুদ্ৰ উদ্যোগী লাভান্বিত হোৱাৰ লগতে যুৱ প্ৰজন্মৰ বাবে নিয়োজনৰো সৃষ্টি হ’ব বুলি তেওঁ মন্তব্য কৰে৷
প্ৰধানমন্ত্ৰী ছাৰ ছোটু ৰামৰ দৰ্শনৰ আলোকপাত কৰে৷ ভাষণ প্ৰসংগত তেওঁ ভাক্ৰা বান্ধৰ কথাও উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ছাৰ ছোটু ৰামে কৃষকসকলক উৎপাদিত শস্যৰ উচিত মূল্য প্ৰদান কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছিল৷ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে দোহাৰে৷
আয়ুষ্মান ভাৰত আঁচনিৰ পদক্ষেপৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ প্ৰথমগৰাকী হিতাধিকাৰীজন হাৰিয়ানা ৰাজ্যৰে৷ মাত্ৰ দুসপ্তাহৰ ভিতৰতে ৫০,০০০ত কৈও অধিক লোক এই আঁচনিৰ দ্বাৰা উপকৃত হোৱাত তেওঁ সন্তোষ ব্যক্ত কৰে৷
প্ৰধানমন্ত্ৰীয়ে ‘বেটি বচাও, বেটি পঢ়াও’ আঁচনিৰ সফলতাৰ বিষয়ে উল্লেখ কৰে৷ হাৰিয়ানাৰ কন্যা সন্তানে দেশক গৌৰৱান্বিত কৰাৰ উপৰিও ৰাজ্যখনৰ যুৱ প্ৰজন্মই ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ নাম উজলোৱা সন্দৰ্ভত তেওঁ উল্লেখ কৰে৷ তেওঁ কয় যে এই সাফল্যসমূহে আমি ছাৰ ছোটু ৰামে দেখুৱাই থৈ যোৱা পথেৰে আগুৱাই যোৱাৰ সংকেত প্ৰদৰ্শিত কৰিছে৷
***
AKT/SH/SK/MANN
(रिलीज़ आईडी: 1549110)
आगंतुक पटल : 108