কেবিনেট

ৰাষ্ট্ৰীয় ডিজিটেল যোগাযোগ নীতি-২০১৮ত কেবিনেটৰ অনুমোদন

ডিজিটেল যোগাযোগ ব্যৱস্থাৰ ১০০ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰি প্রত্যেক গাওঁ পঞ্চায়তক ১ জিবিপিএছ যোগাযোগৰ ব্যৱস্থা কৰি প্রত্যেক নাগৰিকৰ বাবে ৫০ এমবিপিএছকৈ সার্বজনীন ব্ৰ’ডবেণ্ড সংযোগৰ লক্ষ্য

Posted On: 26 SEP 2018 4:03PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত আজি ৰাষ্ট্ৰীয় ডিজিটেল যোগাযোগ নীতি-২০১৮ত অনুমোদন জনোৱাৰ লগতে টেলিকম কমিচনডিজিটেল কমিউনিকেশ্যন কমিচনহিচাপে নামকৰণ কৰা হৈছে।

এই নতুন নীতিত ভাৰতীয় অর্থনীতি আৰু সমাজৰ ডিজিটেল সবলীকৰণৰ কথা চিন্তা কৰা হৈছে। ই নাগৰিক আৰু উদ্যোগ প্ৰতিষ্ঠানসমূহৰ বাবে তথ্য আৰু যোগাযোগৰ প্রয়োজন পূৰণ কৰিব বুলি ধাৰণা কৰা হৈছেইয়াৰ বাবে এক সর্বত্রগামী আৰু সুলভ ডিজিটেল যোগাযোগৰ কাঠামো আৰু সেৱা ব্যৱস্থাৰ প্রতিষ্ঠা কৰা হএই নীতিৰ ফলত ডিজিটেল যোগাযোগৰ ক্ষেত্রত নতুন ধাৰণা আৰু উদ্ভাৱন হব। সেইবোৰ সৈছে ৫জি, আইঅটি, এম২এমৰ দৰে ব্যৱস্থাই ভৱিষ্যতে ভাৰতৰ দূৰসংযোগ খণ্ডৰ অংগ হৈ উঠিব

এই নীতিৰ মূল লক্ষ্য হৈছে সকলোৰে বাবে ব্রডবেণ্ডৰ ব্যৱস্থা কৰা, ডিজিটেল যোগাযোগেৰ ক্ষেত্রত অতিৰিক্ত ৪০ লাখ কর্মসংস্থাপনৰ ব্যৱস্থা কৰা, ভাৰতৰ জাতীয় আয়ৰ ক্ষেত্রত ডিজিটেল যোগাযোগ খণ্ডৰ অৱদান বর্তমানৰ ৬ শতাংশৰ পৰা বৃদ্ধি হৈ ৮ শতাংশলৈ নিয়া, ভাৰতক তথ্য আৰু যোগাযোগ প্রযুক্তি উন্নয়ন সূচকৰ ক্ষেত্রত বিশ্বৰ শীর্ষৰ ৫০খন দেশৰ ভিতৰতে স্থান দিয়া, বিশ্বৰ ডিজিটেল মূল্য শৃংখলৰ ক্ষেত্রৰ ভাৰতৰ অৱদান বৃদ্ধি আৰু ডিজিটেল সার্বভৌমত্ব সুনিশ্চিত কৰা২০২২ চনৰ ভিতৰত এই লক্ষ্য পূৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

এই নীতিৰ প্রধান বৈশিষ্ট্যসমূহ হৈছে- প্রত্যেক নাগৰিকৰ বাবে ৫০ এমবিপিএছ ব্ৰডবেণ্ড সংযোগৰ ব্যৱস্থা কৰা২০২০ চনৰ ভিতৰত দেশৰ সকলো গাওঁ পঞ্চায়তক ১ জিবিপিএছ সংযোগ ব্যৱস্থাৰ অধীনলৈ অনা আৰু ২০২২ৰ ভিতৰত সেয়া ১০ জিবিপিএছলৈ বৃদ্ধি কৰা, যিবোৰ স্থানত এতিয়াও ডিজিটেল সংযোগৰ ব্যৱস্থা কৰা হোৱা নাই, তাত ইয়াৰ ব্যৱস্থা কৰা, ডিজিটেল যোগাযোগৰ ক্ষেত্রত ১০০ বিলিয়ন মার্কিন ডলাৰ বিনিয়োগ আকর্ষণ কৰা, নতুন যুগৰ দক্ষতা বৃদ্ধিৰ বাবে ১০ লাখ কর্মচাৰীৰ প্রশিক্ষণৰ ব্যৱস্থা কৰা ইত্যাদিতদুপৰি, দেশৰ ৫০০ কোটি ডিজিটেল সংযুক্ত যন্ত্রক ইন্টাৰনেট অব থিংছ(আইঅটি)ৰ অধীনলৈ অনা, ডিজিটেল যোগাযোগৰ ক্ষেত্রত এক সার্বিক তথ্য সুৰক্ষাৰ ব্যৱস্থা কৰা আৰু বিশ্বৰ ডিজিটেল অর্থনীতিত ভাৰতৰ সক্রিয় অংশগ্রহণৰ ব্যৱস্থা কৰাআনহাতে, নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ এক যথাযথ প্রতিষ্ঠানগত আৰু জবাবদিহি ব্যৱস্থা গঢ়ি তোলাটোও এই নীতিৰ লক্ষ্য।

এই নীতি ৰূপায়ণৰ বাবে এক ৰাষ্ট্ৰীয় পর্যায়ৰ ডিজিটেল গ্রিড গঢ়ি তোলা হতদুপৰি, সকলো নতুন চহৰ আৰু পথ প্রকল্পত অভিন্ন সেৱাৰ কাঠামো প্রতিষ্ঠা কৰাআনহাতে, কেন্দ্র, ৰাজ্য চৰকাৰ আৰু স্থানীয় স্বায়ত্তশাসিত সংস্থাসমূহৰ সহযোগিতাত ডিজিটেল সংযোগৰ ক্ষেত্রত অভিন্ন অধিকাৰ, দাম আৰু সময়সীমাৰ ক্ষেত্রত মান্য আৰু প্রতিষ্ঠানগতক ব্যৱস্থা গঢ়ি তোলা। যি কোনো ধৰণৰ নতুন কামৰ ক্ষেত্রত অনুমোদনৰ প্রতিবন্ধকতা দূৰ কৰা আৰু পৰৱর্তী প্রজন্মৰ পেন এক্সেছ নেটৱর্কৰ উন্নয়নৰ ব্যৱস্থা কৰা২০১২ চনৰ ৰাষ্ট্ৰীয় দূৰসংযোগ নীতিৰ পৰিৱর্তে ভাৰতৰ ডিজিটেল যোগাযোগ ক্ষেত্রক বর্তমান পৰিস্থিতিৰ সৈতে সামঞ্জস্য ৰাখি ২০১৮ চনৰ এই নতুন ৰাষ্ট্ৰীয় ডিজিটেল যোগাযোগ নীতি প্রণয়ন কৰা হৈছে

উল্লেখ্য যে বৰ্তমান বিশ্বৰ দূৰসংযোগ ব্যৱস্থা ৫জি, আইঅটি, এম২এম ইত্যাদিৰ দৰে আধূনিক প্ৰযুক্তিগত সুবিধাৰ যুগত প্ৰৱেশ কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ দূৰসংযোগ ব্যৱস্থাটো গ্ৰাহককেন্দ্ৰিক আৰু এপ্লিকেচনকেন্দ্ৰিক ব্যৱস্থা প্ৰসাৰিত কৰা হৈছে, যাতে গ্ৰাহকসকলে কেৱল দূৰসংযোগৰ সেৱাৰ উপৰি দূৰসংযোগভিত্তিক অন্যান্য সেৱাসমূহো লাভ কৰিবলৈ সক্ষম হয়।

*****

NW/AKT/SH/DB



(Release ID: 1547907) Visitor Counter : 88