কেবিনেট

তেল আৰু গেছ উত্তোলনত উন্নত পদ্ধতি ব্যৱহাৰত উৎসাহিত কৰিবলৈ নীতিগত পৰিকাঠামোত কেবিনেটৰ অনুমোদন

Posted On: 12 SEP 2018 4:25PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত তেল আৰু গেছৰ আভ্যন্তৰীণ উৎপাদন বৃদ্ধিৰ বাবে উৎপাদনৰ উন্নত পদ্ধতি/অপৰম্পৰাগত হাইড্রোকার্বন উৎপাদন পদ্ধতিক উৎসাহিত কৰিবলৈ এক নীতিগত পৰিকাঠামো গঠনৰ সন্দৰ্ভত অনুমোদন জনাইছে। শ্বেল গেছ আৰু তেল উৎপাদন; টাইট তেল আৰু গেছ উৎপাদন; গেছ হাইড্রেট আৰু হেভী অইলৰ পৰা তেল উৎপাদন, উন্নত উৎপাদন পদ্ধতি, অপৰম্পৰাগত হাইড্রোকার্বনৰ উৎসৰ পৰা তেল আৰু গেছ সংগ্রহ তথা প্রযুক্তিগতভাবে জটিল পদ্ধতিৰে প্রাকৃতিক উৎসৰপৰা খনিজ তেল সংগ্রহো এই নীতিগত পৰিকাঠামোৰ আওঁতাত ধৰা হৈছে

শিক্ষা আৰু গবেষণা সংস্থাৰ সৈতে উদ্যোগ সংস্থাৰ সহযোগিতাৰ জৰিয়তে তেল আৰু গেছৰ অনুসন্ধান আৰু উৎপাদনৰ কাম-কাজক উৎসাহিত কৰাৰ লক্ষ্যৰে তথা এক কৌশলগত উদ্দেশ্যৰে এই নীতি নির্ধাৰণ কৰা হৈছে। সকলো চুক্তিভিত্তিক ব্যৱস্থা আৰু মনোনীত তৈল ক্ষেত্রত এই নীতি কার্যকৰী হব। এই নতুন নীতিৰ ফলত খনিজ তেল অনুসন্ধান আৰু উৎপাদন ক্ষেত্রত বিনিযোগ বৃদ্ধি পাব, অর্থনৈতিক তৎপৰতা বাঢ়িব আৰু অতিৰিক্ত কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হব। বর্তমান কাৰ্যক্ষম অৱস্থাত থকা তৈল ক্ষেত্রসমূহত নতুন আৰু অত্যাধুনিক প্রযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত এই নীতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবএই নীতি ৰূপায়ণৰ বাবে কেন্দ্রীয় পেট্রল আৰু তেল মন্ত্রালয়; হাইড্রোকার্বন সঞ্চালকালয়, উদ্যোগ প্ৰতিষ্ঠান আৰু শিক্ষা গৱেষনা জগতৰ প্রতিনিধিসকলক লৈ এখন কমিটী গঠন কৰা হব। পৰৱৰ্তী ১০ বছৰৰ বাবে এই কমিটী কার্যকৰী হৈ থাকিব আৰু নতুন নীতিত প্রস্তাৱিত বিত্তীয় সুযোগ-সুবিধাসমূহ ১২০ মাহৰ বাবে উপলব্ধ হ

প্ৰযুক্তিৰ সহায়ত পৰিপক্ক/পুৰণি ক্ষেত্ৰসমূহৰ পৰা হাইড্ৰোকাৰ্বনৰ উৎপাদনৰ সম্ভাৱনীয়তা বৃদ্ধি পাইছে। উৎপাদনৰ পৰিমাণ পূৰ্বতকৈ ৫% অধিক হাৰত দেশৰ খনিজ তেল ক্ষেত্রত অহা ২০ বছৰৰ ভিতৰত ১২০ মিলিয়ন মেট্রিক টন অতিৰিক্ত খনিজ তেল উৎপাদন আৰু ৩% অধিক হাৰত ৫২ বিলিয়ন ঘনমিটাৰ অতিৰিক্ত গেছ উৎপাদনৰ লক্ষ্যৰে এই নীতিগত পৰিকাঠামো প্রণয়ন কৰা হৈছে।

*******

AKT/SH/DB



(Release ID: 1547579) Visitor Counter : 82