কেবিনেট

মেচাৰ্চ ৰাষ্ট্ৰীয় সাৰ আৰু ৰসায়ন(আৰচিএফ) ৰ ভূমি মুম্বাই মেট্ৰ’পলিটান আঞ্চলিক উন্নয়ন প্ৰাধিকৰণ(এমএমআৰডিএ)ক হস্তান্তৰ কৰিবলৈ কেবিনেটৰ অনুমোদন

Posted On: 12 SEP 2018 4:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত নিম্নোলিখিত ক্ষেত্ৰত অনুমোদন জনাইছে-

ক। মেচাৰ্চ ৰাষ্ট্ৰীয় সাৰ আৰু ৰসায়ন(আৰচিএফ)ৰ ভূমি মুম্বাই মেট্ৰপলিটান আঞ্চলিক উন্নয়ন প্ৰাধিকৰণ(এমএমআৰডিএ)ক হস্তান্তৰ;

খ। মেচাৰ্চ ৰাষ্ট্ৰীয় সাৰ আৰু ৰসায়ন(আৰচিএফ)ৰ ভূমি বৃহত্তৰ মুম্বাই পৌৰ নিগম(এমচিজিএম)ক হস্তান্তৰৰ প্ৰস্তাৱ আৰু

গ। এমএমআৰডিএ/এমচিজিএমৰ হস্তান্তৰ কৰা ভূমিৰ বিপৰীতে হস্তান্তৰ উন্নয়ন অধিকাৰ(টিডিআৰ) বিক্ৰীৰ বাবে প্ৰমাণপত্ৰ লাভ

উল্লেখ্য যে আৰচিএফ হৈছে ভাৰতৰ ৰাজহুৱা খণ্ডৰ আগশাৰীৰ সাৰ আৰু ৰসায়ণ কোম্পানী। ১৯৭৮ চনৰ ৬ মাৰ্চত স্থাপন হোৱা এই উদ্যোগটো প্ৰথমে ভাৰতৰ সাৰ নিগম লিমিটেড নামেৰে জনাজাত আছিল। ইাৰ শ্বেয়াৰ কেপিটেল ৮০০ কোটি আৰু ই ৫৫১.৬৯ কোটি টকা মুলধন প্ৰদান কৰে। ১৯৯৭ চনত ই ক্ষুদ্ৰৰত্ন বুলি অভিহিত কৰা হয়। এমএমআৰডিএ আৰচিএফৰ ৪৮,৮৪৯.৭৪ বৰ্গমিটাৰ ভূমি লাভ কৰি তাত ইষ্টাৰ্ণ ফ্ৰী ৱে-অনিকপানজ্ৰাপল সংযোগ পথ নিৰ্মাণ সম্পূৰ্ণ কৰে আৰু ২০১৪ চনত ইয়াৰ ৰাইজৰ বাবে মুকলি কৰি দিয়ে।

****

AKT/SH/DB



(Release ID: 1545989) Visitor Counter : 76