কেবিনেট

মহাকাশক শান্তিপূৰ্ণ উদ্দেশ্যত ব্যৱহাৰ তথা গৱেষণাৰ বাবে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হোৱা সহযোগিতাৰ বুজাবুজি চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন

Posted On: 12 SEP 2018 4:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে মহাকাশক শান্তিপূৰ্ণ উদ্দেশ্যত ব্যৱহাৰ তথা গৱেষণাৰ বাবে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হোৱা সহযোগিতাৰ বুজাবুজি চুক্তিপত্ৰত অনুমোদন জনাইছে৷ এই এমঅইউ স্বাক্ষৰিত হৈছে জোহান্সবাৰ্গত ২০১৮ চনৰ ২৬ জুলাই তাৰিখে৷

বিশেষ বৈশিষ্টসমূহঃ

এই এমঅইউৰ অধীনত সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰসমূহ তলত দিয়া হলঃ

. পৃথিৱীৰ ৰিমট ছেনছিং;

. উপগ্ৰহীয় যোগাযোগ আৰু উপগ্ৰহভিত্তিক দিশ নিৰ্ণয়;

. মহাকাশ বিজ্ঞান আৰু সৌৰজগতৰ গৱেষণা;

. মহাকাশযান, যানৰ উৎক্ষেপন, মহাকাশ ব্যৱস্থা তথা ভূমি ব্যৱস্থাৰ ব্যৱহাৰ;

. জিঅস্পেটিয়েল সঁজুলি আৰু প্ৰযুক্তিসহিতে মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰিক প্ৰয়োগ আৰু

. দুয়োপক্ষই নিৰ্ধাৰণ কৰা অন্যান্য সহযোগিতাৰ বিষয়সমূহ৷

 

এমঅইউৰ অধীনত এই সহযোগিতাই নিম্নোক্ত বিষয়সমূহ পালন কৰিবঃ

 

. পাৰস্পৰিক লাভ আৰু আগ্ৰহৰ ভিত্তিত যৌথ মহাকাশ প্ৰকল্পৰ পৰিকল্পনা আৰু প্ৰণয়ন;

. মহাকাশ সম্বন্ধীয় কাৰ্যকলাপসমূহ সমৰ্থনৰ বাবে স্থাপন, কাৰ্যকৰীকৰণ আৰু ভূমি ষ্টেছনৰ প্ৰতিপালন;

. উপগ্ৰহৰ তথ্য, গৱেষণাৰ ফলাফল আৰু বৈজ্ঞানিক তথা প্ৰযুক্তিগত তথ্যৰ বিনিময়;

. যৌথ গৱেষণা আৰু উন্নয়নমূলক কাৰ্যসূচী;

. সহযোগিতামূলক কাৰ্যসূচীত প্ৰযুক্তিগত আৰু বৈজ্ঞানিক বিষয়াৰ বিনিময়;

. মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিত সামৰ্থ নিৰ্মাণ, আৰু সামাজিক উদ্দেশ্যত মহাকাশ প্ৰযুক্তিৰ কাৰ্যসূচী;

. যৌথ ছেমিনাৰ, অধিৱেশন আৰু বিজ্ঞান সভাৰ আয়োজন; আৰু

. দুয়ো পক্ষৰ সন্মতিক্ৰমে সহযোগিতাৰ অন্যান্য ক্ষেত্ৰসমূহৰ নিৰ্ণয়৷

 

লাভঃ

এই এমঅইউত কৰা স্বাক্ষৰ অনুসৰি সহযোগিতাৰ ক্ষেত্ৰসমূহ যেনে মহাকাশ বিজ্ঞান, প্ৰযুক্তি আৰু প্ৰণালী যত পৃথিৱীৰ ৰিমট ছেনছিং, উপগ্ৰহীয় যোগাযোগ আৰু উপগ্ৰহভিত্তিক দিশ নিৰ্ণয়; মহাকাশ বিজ্ঞান আৰু সৌৰজগতৰ গৱেষণা; মহাকাশযান, যানৰ উৎক্ষেপন, মহাকাশ ব্যৱস্থা তথা ভূমি ব্যৱস্থাৰ ব্যৱহাৰ; আৰু মহাকাশ প্ৰযুক্তিৰ প্ৰণয়নসমূহ অন্তৰ্ভুক্ত থাকিব৷

****

AKT/SH/MANN



(Release ID: 1545986) Visitor Counter : 49