প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আশা আৰু অংগনৱাড়ী কৰ্মীসকলৰ পৰিশ্ৰামিক বৃদ্ধিৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ

Posted On: 11 SEP 2018 1:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আশা আৰু অংগনৱাড়ী কৰ্মীসকলৰ পৰিশ্ৰামিক বৃদ্ধিৰ কথা ঘোষণা কৰে৷ আজি লক্ষাধিক আশা, অংগনৱাড়ী আৰু এএনএম কৰ্মীসকলৰ সৈতে হোৱা ভিডিঅকনফাৰেন্সিং সাক্ষাতত প্ৰধানমন্ত্ৰীয়ে এই ঘোষণা কৰে আৰু এয়া অহা মাহৰ পৰা কাৰ্যকৰী কৰা হব৷

প্ৰধানমন্ত্ৰীয়ে আশা কৰ্মীসকলৰ ভাট্টা দুগুণ কৰাৰ কথা ঘোষণা কৰে৷ ইয়াৰোপৰি, সকলো আশা কৰ্মী তথা তেওঁলোকৰ সহায়কসকলক প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত বিনামূলীয়া বীমাৰ সুবিধাও প্ৰদান কৰা হব৷

প্ৰধানমন্ত্ৰীয়ে অংগনৱাড়ী কৰ্মীসকলক প্ৰদান কৰা পাৰিতোষিকৰ উল্লেখযোগ্য পৰিমাণৰ বৃদ্ধিৰ কথাও ঘোষণা কৰে৷ যিসকলে ৩০০০ টকাকৈ লাভ কৰি আছে তেওঁলোকে এতিয়াৰে পৰা ৪৫০০ টকাকৈ লাভ কৰিব৷ আনহাতে যিসকলে ২২০০ টকাকৈ লাভ কৰি আছে তেওঁলোকে এতিয়াৰে পৰা ৩৫০০ টকাকৈ লাভ কৰিব৷ তাৰোপৰি অংগনৱাড়ী সহায়কসকলে ১৫০০ টকাৰ ঠাইত ২২৫০ টকাকৈ লাভ কৰিব৷  

যিসকল অংগনৱাড়ী কৰ্মী আৰু সহায়কে কমন এপ্লিকেচন ছফ্টৱেৰ (আইচিডিএছ-চিএএছ) ব্যৱহাৰ কৰি আছে তেওঁলোকে অতিৰিক্ত ভাট্টা পাব৷ এই ভাট্টাৰ পৰিমাণ ২৫০ টকাৰ পৰা ৫০০ টকালৈ হব আৰু ই প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ আশা কৰ্মী, অংগনৱাড়ী কৰ্মী আৰু এএনএম (অক্সিলিয়াৰি নাৰ্চ মিডৱাইফ)ক তিনিটা ৰ সমষ্টি বুলি অভিহিত কৰে৷ তেওঁলোকৰ ঐক্যবদ্ধ কৰ্মদক্ষতা, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ব্যৱহাৰ, স্বাস্থ্যসন্মত আৰু পুষ্টিগত সেৱা প্ৰদান তথা পোষণ অভিযানৰ লক্ষ্য প্ৰাপ্তি যি দেশৰ পৰা কুপুষ্টি হ্ৰাস কৰে-এই সকলো প্ৰয়াসৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে৷

 

*****

AKT/SH/BM/MANN



(Release ID: 1545732) Visitor Counter : 60