প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংক—বিত্তীয় অন্তৰ্ভুক্তিৰ দিশে এক বলিষ্ঠ পদক্ষেপ

Posted On: 01 SEP 2018 5:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংক(আইপিপিবি)মুকলি কৰে৷ এই অনুষ্ঠান দেশৰ ৩০০০ৰো অধিক স্থানৰ পৰা প্ৰত্যক্ষ কৰা হয়, যিবোৰ দিল্লীৰ মূল অনুষ্ঠানৰ সৈতে সংযুক্ত কৰা হৈছিল৷

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংকৰ জৰিয়তে দেশৰ অতি দুৰ্গম স্থানৰ লোকেও এতিয়া বেংক সেৱা লাভ কৰিব৷

তেওঁ স্মৰণ কৰে যে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পূৰ্বে বিত্তীয় অন্তৰ্ভুক্তি সুনিশ্চিত কৰিবলৈ জন ধন যোজনা আৰম্ভ কৰিছিল৷ আইপিপিবিৰ শুভাৰম্ভণি হ’ল এই লক্ষ্যত উপনীত হোৱাৰ আৰু এটি খোজ৷ তেওঁ কয় যে আইপিপিবিৰ শাখা আজি দেশৰ ৬৫০খন জিলাত মুকলি কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ডাকোৱালসকল হ’ল সমাজৰ অতি শ্ৰদ্ধাৰ আৰু সকলোৱে গ্ৰহণ কৰা ব্যক্তি৷ আধুনিক প্ৰযুক্তিৰ পয়োভৰ সত্ত্বেও ডাকোৱালৰ প্ৰতি মানুহৰ বিশ্বাস অটুট আছে৷ চৰকাৰৰ উদ্দেশ্য হ’ল বৰ্তমানৰ পৰিকাঠাম আৰু গাঠনিৰ সংস্কাৰ সাধন কৰা৷ সেইবাবে সময়ৰ সৈতে খাপ খোৱাকৈ সেইবোৰ সলনি কৰিব লাগিব৷ সম্প্ৰতি দেশত ১.৫লাখ ডাকঘৰ আৰু ৩ লাখৰো অধিক ডাকোৱাল, গ্ৰামীণ ডাক সেৱক আছে, যিয়ে দেশবাসীৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে৷ এতিয়া তেওঁলোকক স্মাৰ্ট ফোন আৰু ডিজিটেল সমাগ্ৰীৰে সমৃদ্ধ কৰি বিত্তীয় সেৱাৰ বাবে সাজু কৰি তোলা হ’ব৷

আইপিপিবিৰ উপযোগিতা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে ধন হস্তান্তৰ, চৰকাৰী সা-সুবিধা হস্তান্তৰ, বিল আদায় আৰু বিনিয়োগ তথা বীমাৰ দৰকে সুবিধা উপলব্ধ হ’ব৷ ডাকোৱালে এই সেৱাসমূহ জনসাধাৰণৰ পদূলিমুখলৈ লৈ যাব৷ আইপিপিবিয়ে ডিজিটেল লেনদেনৰ সুবিধা আগবঢ়োৱাৰ লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ দৰে আঁচনিসমূহৰ উপযোগিতা কৃষকে লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ৰ পৰা কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় বেংকিং খণ্ডৰ বিকৃতি আৰু সমস্যাসমূহ দৃঢ়তাৰে মোকাবিলা কৰি আছে৷ বিশৃংখল আৰু অবাধ ঋণৰ বাবে এই সম্যসমূহ সৃষ্টি হৈছিল৷ তেওঁ কয় যে বৰ্তমানৰ ঋণসমূহ পুনৰ বিবেচনা কৰা হ’ব আৰু বেংকিং খণ্ড সন্দৰ্ভত এক পেছাদাৰী পদক্ষেপ লোৱা হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক আত্মসংস্থাপনৰ দিয়াৰ বাবে চৰকাৰে ১৩ লাখৰো অদিক টকাৰ মু্দ্ৰা ঋণ আগবঢ়াইছে৷ ভাৰতে এছিয়ান গেমছত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰাৰ এই সময়তে অৰ্থনীতিয়ে চমকপ্ৰদ বিকাশৰ হাৰ প্ৰদৰ্শন কৰিছে৷ ইয়াৰ বাবে সমগ্ৰ দেশ আজি নতুন আত্মবিশ্বাসেৰে ভৰপূৰ হৈ উঠিছে৷ এয়া হৈছে দেশৰ জসাধাৰণৰ সংঘবদ্ধ প্ৰচেষ্টা৷ প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ভাৰতবৰ্ষ এতিয়া কেৱল বিশ্বৰ দ্ৰুত বিকশিত দেশেই নহয়, ই দৰিদ্ৰতাৰ বাধাকো দ্ৰুতগতিৰে চেৰ পেলাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ৩ লাখ ডাকসেৱক হ’ব গাঁওৰ প্ৰতিঘৰ লোক, প্ৰতিগৰাকী কৃষক আৰু প্ৰতিগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীক বিত্তীয় সেৱা আগবঢ়োৱা প্ৰধান চালিকা শক্তি৷ যোৱা মাহত ডাকসেৱকৰ কল্যাণৰ বাবে তথা তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ উদ্দেশ্যে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ইয়াৰ ফলত তেওঁলোকৰ দৰমহা উল্লেখনীয়ভাৱে বৃদ্ধি পাব৷ তেওঁ আশা প্ৰকাশ কৰে যে কেইটামান মাহৰ ভিতৰত আইপিপিবিয়ে দেশৰ ১.৫লাখ ডাকঘৰক সাঙুৰি ল’বলৈ সক্ষম হ’ব৷

***

AKT/KP/SH/MS



(Release ID: 1544764) Visitor Counter : 156