কেবিনেট

ইণ্ডিয়া পোষ্ট দেনা বেংক স্থাপনৰ বাবে সংশোধিত আনুমানিক ব্যয়ত কেবিনেটৰ অনুমোদন

দেশজুৰি ডাকঘৰসমূহত বেংকিং সেৱাৰ প্ৰতি উদ্গনি

Posted On: 29 AUG 2018 1:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ইণ্ডিয়া পোষ্ট পেমেণ্টত বেংক(আইপিপিবি) স্থাপনৰ বাবে সংশোধিত প্ৰকল্প ব্যয় ৮০০ কোটিৰ পৰা ১,৪৩৫ কোটিলৈ বৃদ্ধি কৰাৰ ক্ষেত্ৰত অনুমোদন জনায়। অতিৰিক্ত সংশোধিত আনুমানিক ব্যয় ৬৩৫ কোটি টকাৰ ৪০০ কোটি টকা প্ৰযুক্তি ব্যয় আৰু ২৩৫ কোটি মানৱ সম্পদৰ নামত ব্যয় কৰা হব।

উল্লেখ্য যে ২০১৮ৰ ১ ছেপ্তেম্বৰৰ পৰা দেশত আইপিপিবিৰ সেৱা ৬৫০টা আইপিপিবি শাখা আৰু ৩২৫০ আহৰণ কেন্দ্ৰত আৰু ডিচেম্বৰ মাহৰ ভিতৰত ১.৫৫ লাখ ডাকঘৰ (আহৰণ কেন্দ্ৰ)ৰ সকলোতে এই সেৱা  উপলব্ধ হব। এই প্ৰকল্পই বেংকিং দক্ষতা থকা দেশৰ প্ৰায় ৩,৫০০ লোকে নতুন সংস্থাপনৰ সূযোগ প্ৰদান কৰাৰ উপৰি দেশজুৰি বিত্তীয় স্বাক্ষৰ লোকৰো উপাৰ্জনৰ পথ প্ৰশস্ত কৰিবএই প্ৰকল্পৰ উদ্দেশ্য হৈছে দেশৰ সাধাৰণ লোকসকলৰ বাবে সৰ্বাধিক সুলভ, সহজলভ্য আৰু বিশ্বাসযোগ্য বেংক প্ৰতিষ্ঠা কৰা; বেংকৰ সৈতে জড়িত নথকা লোকসকলক সকলো অসুবিধা দূৰ কৰি বিত্তীয় অন্তৰ্ভূক্তিত নেতৃত্ব প্ৰদান কৰা আৰু ঘৰৰ সন্মুখতে বেংকৰ সুবিধা প্ৰদান কৰি বেংকৰ লগত জড়িত লোকসকলৰ সূযোগ ব্যয় হ্ৰাস কৰা। এই প্ৰকল্প চৰকাৰৰ সীমিত নগদ ধন অৰ্থনীতি দৃষ্টিভংগীৰ পৰিপূৰক আৰু একে সময়কে ই অৰ্থনৈতিক বিকাশ আৰু বিত্তীয় অন্তৰ্ভূক্তিতো উদ্গনি যোগাব। আইপিপিবি বলিষ্ঠ আইটি আর্কিটেকচাৰক বেংকৰ গ্রেড কর্মক্ষমতা, জালিয়াতি আৰু ক্ষতিশংকা সমস্যা সমাধানৰ মান বিবেচনা কৰাৰ লগতে দেনা আৰু বেংকিংমেনৰ ক্ষেত্ৰত সেইবোৰৰ উন্নত অনুশীলন সম্ভৱ হোৱাকৈ প্ৰস্তুত কৰাছে।

 
আইপিপিবি সেৱাঃ

 
আইপিপিবিয়ে ইয়াৰ কৰ্মচাৰী/অন্তিমগৰাকী অভিকৰ্তাক ডাক বিভাগে প্ৰদান কৰা সু-সজ্জিত তথ্য প্ৰযুক্তিৰ দ্বাৰা দেনা/বিত্তীয় সেৱা আগবঢ়াব, যাৰ দ্বাৰা বিত্তীয় সেৱাৰ অগ্ৰদূত হিচাপে সেৱা আগবঢ়াব। আইপিপিবিয়ে ইয়াৰ কৰ্মচাৰী/অন্তিমগৰাকী অভিকৰ্তাক(ডাকঘৰৰ কৰ্মচাৰী আৰু গ্ৰামীণ ডাক সেৱকক) তেওঁলোকৰ একাউণ্টত পোনে-পোনে ইনচেনটিভ/কমিচন প্ৰদান কৰিব। আইপিপিবিয়ে ডাক বিভাগক প্ৰদান কৰা কমিচনৰ এটা অংশ ডাকঘৰৰ সুবিধা বৃদ্ধিত ব্যৱহাৰ কৰিব।

*****

AKT/SNC/DB



(Release ID: 1544492) Visitor Counter : 106