কেবিনেট
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা শক্তিত চাৰিটা অতিৰিক্ত বেটেলিয়নৰ অন্তৰ্ভুক্তিৰ দাবী উত্থাপনত কেবিনেটৰ অনুমোদন
Posted On:
09 AUG 2018 4:59PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ৬৩৭ কোটি টকাৰ আনুমানিক বাজেটেৰে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা শক্তি (এনডিআৰএফ)ক শক্তিশালী কৰাৰ উদ্দেশ্যে চাৰিটা অতিৰিক্ত বেটেলিয়ন অন্তৰ্ভুক্তিৰ বাবে অনুমোদন জনাইছে৷
বিৱৰণঃ
- ইয়াৰ উদ্দেশ্য হ’ল চাৰিটা অতিৰিক্ত বেটেলিয়নৰ সহায়ত দেশৰ বিস্তৃত এলেকাত কম সময়ত সেৱা আগবঢ়াব পৰা যাব৷
- এই চাৰিটা বেটেলিয়ন প্ৰাৰম্ভিক অৱস্থাত- ইণ্ডো-তিবেতান ব’ৰ্ডাৰ পুলিচ (আইটিবিপি)ৰ এটা, ব’ৰ্ডাৰ ছিকিউৰিটী ফ’ৰ্চ (বিএছএফ)ৰ দুটা আৰু আছাম ৰাইফলছ (এআৰ)ৰ এটাকৈ বেটেলিয়ন হ’ব৷
- পিছলৈ এই চাৰিটা বেটেলিয়ন এনডিআৰএফ বেটেলিয়নলৈ পৰিৱৰ্তন কৰা হ’ব৷ পৰ্যায় অনুসৰি এই চাৰিটা বেটেলিয়ন জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত মোতায়েন কৰা হ’ব৷
পৃষ্ঠভূমিঃ
এনডিআৰএফ হ’ল এক বিশেষ সুৰক্ষা যাক ২০০৬ চনত প্ৰাকৃতিক তথা মানৱ-সৃষ্ট দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে সৃষ্টি কৰা হৈছিল৷ বৰ্তমান অৱস্থাত এনডিআৰএফত ১২টা বেটেলিয়ন আছে যি সমগ্ৰ দেশতে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে মোতায়েন কৰা হৈছে৷
*****
AKT/SH/MANN
(Release ID: 1542480)
Visitor Counter : 127