প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
৩খন নগৰ উন্নয়ন আঁচনিৰ তৃতীয় বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী
Posted On:
28 JUL 2018 8:52PM by PIB Guwahati
নগৰ উন্নয়নৰ সৈতে জড়িত ৩খন আঁচনিৰ তৃতীয় বাৰ্ষিকী উপলক্ষে লক্ষ্ণৌত আয়োজিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাইজক সম্বোধন কৰে৷ চৰকাৰৰ এই তিনিখন গুৰুত্বপূৰ্ণ আঁচনি হ’ল—প্ৰধানমন্ত্ৰী আৱাস যোজনা(নগৰ); নগৰীয় পৰিৱৰ্তনৰ বাবে অটল অভিযান(এএমআৰইউটি) আৰু স্মাৰ্ট চিটী অভিযান৷
প্ৰধানমন্ত্ৰীয়ে নগৰ উন্নয়নৰ এক গুৰুত্বপূৰ্ণ অভিযানৰ এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰে৷ তেওঁ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা এগৰাকীকৈ মুঠ ৩৫ গৰাকী ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা(নগৰ)’ৰ উপভোক্তাৰ সৈতে মত-বিনিময় কৰে৷
তেওঁ ভিডিঅ’ লিংকৰ জৰিয়তে উত্তৰ-প্ৰদেশৰ বিভিন্ন চহৰৰ ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা(নগৰ)’ৰ উপভোক্তাৰ পৰাও মতামত গ্ৰহণ কৰে৷
তেওঁ উত্তৰ-প্ৰদেশত ফ্লেগশ্বিপ মিছনৰ অধীনষ্ঠ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷
জনসাধাৰণক সম্বোধন কৰি তেওঁ কয় যে স্মাৰ্ট চিটী অভিযানৰ অধীনত এইপৰ্যন্ত ৭০০০ কোটিৰ প্ৰকল্প সম্পূৰ্ণ হৈছে আৰু ৫২,০০০ কোটি মূল্যৰ প্ৰকল্প ৰূপায়িত হ’ব৷ এই প্ৰকল্পৰ লক্ষ্য হ’ল নিম্ন, নিম্ন মধ্য আৰু মজলীয়া শ্ৰেণীৰ লোকৰ জীৱন ধাৰণৰ মান উন্নত কৰা৷ ইণ্টিগ্ৰেটেড ক’মাণ্ড চেণ্টাৰসমূহ এই অভিযানৰ এক গুৰুত্বপূৰ্ণ অংশ বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে এই কেন্দ্ৰসমূহে ১১খন চহৰত কাম আৰম্ভ কৰিছে আৰু আন বহুতো চহৰত ইয়াৰ কাম চলি আছে৷
প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰচেষ্টাক স্মৰণ কৰি শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আৰবান ইণ্ডিয়াৰ প্ৰতিচ্ছবি সলনি কৰাৰ সপোনে লক্ষ্ণৌৰ সৈতে ঘনিষ্ঠভাৱে জড়িত, য’ৰ পৰা শ্ৰী বাজপেয়ীয়ে সাংসদ হৈছিল৷
প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২২ৰ ভিতৰত তেওঁৰ চৰকাৰে সকলোৰে বাবে আৱাসগৃহ নিশ্চিত কৰিব বিচাৰিছে৷ পৰিসংখ্যা দাঙি ধৰি তেওঁ উল্লেখ কৰে কিদৰে এই দিশত তেওঁলোকে কাম কৰি আছে৷ তেওঁ কয় যে এতিয়া নিৰ্মাণ হোৱা আৱাসগৃহসমূহত শৌচালয় আৰু বিদ্যুৎ সংযোগৰ সুবিধা উপলব্ধ৷ এই আৱাসগৃহসমূহ মহিলা সৱলীকৰণৰো প্ৰতীক৷
প্ৰধানমন্ত্ৰীয়ে কয় যে নগৰ উন্নয়নৰ ক্ষেত্ৰত পূৰ্বে ভাৰতবৰ্ষৰ এক সুপৰিকল্পিত নীতি আছিল৷ কিন্তু ৰাজনৈতিক সদিচ্ছা, সুস্পষ্ট চিন্তাৰ অভাৱত স্বাধীনতাৰ পাছত আমাৰ নগৰসমূহৰ যথেষ্ট ক্ষতি হ’ল৷
তেওঁ কয় যে ভাৰতবৰ্ষ এতিয়া দ্ৰুতগতিৰে আগবাঢ়িছে আৰু সেয়ে বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত চহৰসমূহকো আমি বিকশিত কৰাৰ লক্ষ্য লৈছো৷ স্মাৰ্ট চিটী অভিযানে আমাৰ চহৰসমূহক নিউ ইণ্ডিয়াৰ প্ৰত্যাহ্বান ল’ব পৰাকৈ প্ৰস্তুত কৰি তুলিব আৰু ২১ শতিকাৰ বাবে ভাৰতত বিশ্বমানৰ অত্যাধুনিক নগৰ কেন্দ্ৰ গঢ়ি তুলিব৷
***
AKT/SH/MS
(Release ID: 1541233)