কেবিনেট

প্ৰগতি ময়দায়ৰ ৩.৭০ একৰ ভূমিৰ আধূনিকীকৰণৰ জৰিয়তে ব্যক্তিগত খণ্ডকে ধৰি তৃতীয় পক্ষৰ দ্বাৰা হোটেল নিৰ্মাণ আৰু চলোৱাৰ ক্ষেত্ৰত কেবিনেটৰ অনুমোদন

Posted On: 13 JUN 2018 6:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত প্ৰগতি ময়দায়ৰ ৩.৭০ একৰ ভূমিৰ আধূনিকীকৰণৰ বাবে ভাৰতীয় বাণিজ্যি প্রসাৰ সংস্থা(আইটিপিঅ)ক দীর্ঘম্যাদীৰ ভিত্তিত ৯৯ বছৰলৈ লীজত দিয়াৰ লগতে এক স্বচ্ছ প্রতিযোগিতামূলক নিবিদা প্রক্রিয়াৰে ব্যক্তিগত খণ্ডকে ধৰি তৃতীয় পক্ষৰ দ্বাৰা হোটেল নিৰ্মাণ আৰু চলোৱাৰ ক্ষেত্ৰত অনুমোদন জনায়।

প্রগতি ময়দানৰ পুনৰ উন্নয়ন প্রকল্পৰ এয়া প্রথম পর্যায়, যাৰদ্বাৰা সু-সংহত প্রর্দশনী তথা সন্মিলন কেন্দ্র সম্পৰ্কীয় এই প্রকল্পটি অৰ্থনৈতিক পৰিক্ৰমাৰ কেন্দ্রীয় কেবিনেট কমিটী ২০১৭ৰ জানুৱাৰী মাহত অনুমোদন জনয়াসেই সময়ত প্রকল্পৰ বাবে ২,২৫৪ কোটি টকা ধাৰ্য কৰা হৈছিলপ্রকল্পৰ অধীনত এটি অত্যাধুনিক শিল্প প্রদর্শনী তথা সন্মিলন কেন্দ্র গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছিল, যত ৭ হাজাৰ লোকৰ বাবে আসনৰ সুবিধা আছে। তদুপৰি বেছমেণ্ট এলেকাত ৪,৮০০ গাড়ী পার্কিঙৰ ব্যৱস্হা থাকিবপ্রগতি ময়দানৰ সমীপৱৰ্তী এলেকাত যান জঁট হ্ৰাসৰ ব্যৱস্থাতো এই প্রকল্পই সহায় কৰিব

 

এই ভূমিৰ আধুনিকীকৰণৰ ফলত যি পুঁজি গঠন হব, সেয়া প্রদর্শনী তথা সন্মিলন কেন্দ্র নির্মাণত ব্যয় কৰা হব। শীর্ষ পর্যায়ৰ বৈঠক আয়োজনৰ সমান্তৰালভাৱে বাণিজ্য প্রসাৰৰ বাবেও প্রদর্শনী তথা অনুষ্ঠানস্থলীক কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ স্বার্থত ব্যৱহাৰ কৰা হ

প্রকল্প নির্মাণ আৰু যান জঁট সমস্যাৰ সমাধানৰ কাম পূৰ্ণগতিত আগবাঢ়িছে। ভাৰতীয় বাণিজ্য প্রসাৰ সংস্থাই জনোৱা মতে সমগ্র প্রকল্পৰ নির্মাণকাৰ্য ২০১৯ৰ ছেপ্টেম্বৰত শেষ হব। এই প্রকল্প ভাৰতীয় বাণিজ্য আৰু উদ্যোগৰ বাবে লাভজনক হোৱাৰ লগতে ভাৰতৰ বৈদেশিক বাণিজ্য বৃদ্ধিত সহায় কৰিব

*****

AKT/VBA/DB



(Release ID: 1535726) Visitor Counter : 79