প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হেমভাটী নন্দন বহুগুনাৰ স্মাৰক ডাক টিকট মুকলি প্ৰধানমন্ত্ৰীৰ

Posted On: 25 APR 2018 7:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰয়াত হেমভাটী নন্দন বহুগুনাৰ সোঁৱৰণত এটি স্মাৰক ডাক টিকট মুকলি কৰে৷

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰয়াত বহুগুনাক গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি দায়বদ্ধ এগৰাকী নেতা আখ্যা দিয়ে৷ তেওঁ কয় যে মহাত্মা গান্ধী, আচাৰ্য ভিনোবা ভাৱে, আচাৰ্য নৰেন্দ্ৰ দেৱ, ৰাম মনোহৰ লোহিয়া আৰু চন্দ্ৰশেখৰ আজাদৰ দৰে নেতাৰদ্বাৰা বহুগুনা অনুপ্ৰাণিত হৈছিল৷

দেশৰ পাহাৰীয়া অঞ্চলৰ উন্নয়ন আৰু শিক্ষা খণ্ডত বহুগুনাৰ বৰঙণিকো প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷

যোগাযোগ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী শ্ৰী মনোজ সিনহাৰ লগতে হেমভাটী নন্দন বহুগুনাৰ পৰিয়ালৰ সদস্যও অনুষ্ঠানত উপস্থিত আছিল৷

 

***

AKT/VJ/SK/MS



(Release ID: 1530764) Visitor Counter : 79