কেবিনেট

কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গবৰ্ণৰসকলৰ সংশোধিত দৰমহা আৰু বানচত কেবিনেটৰ অনুমোদন

Posted On: 11 APR 2018 2:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গবৰ্ণৰসকলৰ সংশোধিত দৰমহা আৰু বানচত অনুমোদন জনায়। ইয়াৰ দ্বাৰা লেফটেনেণ্ট গবৰ্ণৰসকলে ভাৰত চৰকাৰৰ সচিবসকলৰ সমপৰ্যায়ৰ দৰমহা আৰু বানচ লাভ কৰিব।

সবিশেষঃ

কেবিনেটে ২০১৬ৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গবৰ্ণৰসকলৰ দৰমহা আৰু বানচ বৃদ্ধিৰ প্ৰস্তাৱৰ পৰিপ্ৰেক্ষিতত মাহিলি ৮০,০০০টকা হাৰত মৰগীয়া আৰু ৪০০০টকা ব্যয় নিয়ন্ত্ৰক বানচৰ পৰা ২,২৫,০০০টকা মৰগীয়া আৰু ব্যয় নিয়ন্ত্ৰক বানচ ৪০০০টকা একে ৰাখি ভাৰত চৰকাৰৰ সচিব পৰ্যায়ৰ দৰমহা প্ৰদানত অনুমোদন জনায়।

পটভূমিঃ

কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গবৰ্ণৰসকলৰ দৰমহা আৰু বানচ ভাৰত চৰকাৰৰ সচিব পৰ্যায়ৰ বিষয়াসকলৰ সৈতে সমান কৰা হৈছে। ২০০৬ৰ ১ জানুৱাৰীত কেবিনেটে ২৬,০০০ টকাৰ পৰা বৃদ্ধি কৰি সকলো মৰগীয়া বানচ ৮০,০০০টকা সহ আৰু ব্যয় নিয়ন্ত্ৰক বানচ প্ৰতি মাহত ৪০০০টকালৈ বৃদ্ধি কৰিছিল।

চিচিএ(সংশোধিত)দৰমহা আইন, ২০১৬ৰ ভিত্তিত ১.১.২০১৬ৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰত চৰকাৰৰ সচিব পৰ্যায়ৰ বিষয়াসকলৰ সংশোধিত দৰমহা মাহিলি ৮০,০০০টকাৰ পৰা ২,২৫,০০০টকালৈ বৃদ্ধি কৰে।

*****

AKT/VBA/SH/DB



(Release ID: 1528782) Visitor Counter : 96