প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাৰাণসী আৰু পাটনাৰ মাজত ৰে’লৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰীৰ, বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি, বাৰাণসীত ৰাজহুৱা সভা সম্বোধন

Posted On: 12 MAR 2018 7:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসী আৰু পাটনাৰ মাজত ৰেলৰ ফ্লেগ অফ কৰে৷ তেওঁ বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে আৰু বাৰাণসীৰ ডিএলডব্লিউ গ্ৰাউণ্ডত এখন ৰাজহুৱা সভা সম্বোধন কৰে৷

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰক উষ্ম আদৰণি জনোৱাৰ বাবে তেওঁ কাশীৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে বাৰাণসীৰ ঔদ্যোগিক উন্নয়নৰ প্ৰতীক হিচাপে চিহ্নিত ডিএলডব্লিউৰ ধাৰাবাহিক উন্নয়ন আৰু প্ৰগতিৰ বাবে ভাৰত চৰকাৰ সংকল্পবদ্ধ৷

গৃহ নিৰ্মাণ খণ্ডৰ উন্নয়নৰ বাবে তেওঁ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাকো শলাগ লয়৷ তেওঁ কয় যে বাৰাণসীত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে আৰু চহৰখনক স্বচ্ছ কৰি ৰাখিবলৈ সকলো প্ৰচেষ্টাহাতত লোৱা হব৷

প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে শেহতীয়াকৈ ঘোষণা কৰা আয়ুস্মান ভাৰত আঁচনিয়ে দেশৰ স্বাস্থ্য খণ্ডলৈ ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিব৷ ইয়ে দৰিদ্ৰ জনগণক উন্নত স্বাস্থ্যসেৱাৰে সাঙুৰি লব বুলিও তেওঁ উনুকিয়ায়৷

আঁচনিসমূহ সম্পূৰ্ণ সূচাৰুৰূপে ৰূপায়ন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে উত্তৰ-প্ৰদেশ চৰকাৰক প্ৰশংসা কৰে৷

*****

AKT/SH/SBP/MS



(Release ID: 1526036) Visitor Counter : 65