কেবিনেট
দ্বৈত কৰ পৰিহাৰ আৰু ৰাজহ ফাঁকি প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰত আৰু ইৰাণৰ মাজত প্ৰস্তাৱিত চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন
পোষ্ট কৰা হৈছে:
14 MAR 2018 7:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দ্বৈত কৰ পৰিহাৰ আৰু আয়ৰ ওপৰ আৰোপ কৰা কৰৰ বিপৰীতে সংগৃহীত ৰাজহ ফাঁকি প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰত আৰু ইৰাণৰ মাজত প্ৰস্তাৱিত চুক্তি স্বাক্ষৰ কৰাৰ বাবে অনুমোদন জনাইছে।
এই চুক্তিয়ে ভাৰতৰ পৰা ইৰাণলৈ আৰু ইৰাণৰ পৰা ভাৰতলৈ বিনিয়োগ, প্ৰযুক্তি আৰু কৰ্মচাৰীৰ প্ৰবাহত উৎসাহ যোগোৱাৰ লগতে দ্বৈত কৰো ৰোধ কৰিব। এই চুক্তিয়ে শেহতীয়া আন্তঃৰাষ্ট্ৰীয় মানৰ ভিত্তিত চুক্তিবদ্ধ উভৈয় পক্ষৰ মাজত তথ্যৰ আদান-প্ৰদানত সহায় কৰিব। সেইদৰে এই চুক্তিয়ে কৰ প্ৰদানৰ দিশত স্বচ্ছতা অনাৰ লগতে কৰ ফাঁকি আৰু কৰ পৰিহাৰ প্ৰৱণতা ৰোধতো সহায় কৰিব।
এই চুক্তিখন ভাৰতে আন দেশৰ সৈতে স্বাক্ষৰ কৰা বিষয়সমূহৰ দৰে একেই। প্ৰস্তাৱিত চুক্তিখনে জি-২০ অ’ইচিডি আধাৰিত লোকচান আৰু লাভ হস্তান্তৰ প্ৰকল্পৰ ভিত্তিত ন্যূনতম মান সম্পৰ্কীয়, য’ত ভাৰত সমানেই দায়বদ্ধ।
আয়কৰ আইন, ১৯৬১ৰ ৯০নং ধাৰাৰ অধীনত বিভিন্ন দেশৰ সৈতে উপাৰ্জনৰ ক্ষেত্ৰত দ্বৈত কৰ পৰিহাৰৰ দিশত তথ্যৰ আদান প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰক কৰ্তৃত্ব প্ৰদান কৰা হৈছে। এই আইনে আয়কৰৰ বাবদ আৰোপ কৰা কৰ পৰিহাৰৰ প্ৰৱণতাও ৰোধৰ কৰ্তৃত্ব প্ৰদান কৰিছে।
****
AKT/VBA/SH/DB
(ৰিলিজ আই ডি : 1525041)
অতিথি কক্ষ : 131